২০২৪-২৫ বৰ্ষত এইখন ৰাজ্যত ড্ৰাগছ সেৱনৰ ফলত মৃত্যু প্ৰায় ৪৬ জন লোকৰ

বৰবিহ ড্ৰাগছৰ কবলত পৰি নিঃশেষ হোৱাৰ দিশে এটা প্ৰজন্মৰ একাংশ । একাংশ ঘাতকৰূপীয়ে সংগোপনে এই নিচাৰ জাল মেলি দিছে সমাজত । যি অক্টোপাছৰ দৰে গ্ৰাস কৰিছে বহুতকে । এইখন ৰাজ্যত এবছৰৰ ভিতৰত ড্ৰাগছ সেৱনৰ ফলত ৪৬ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । চাওক সবিশেষ-

২০২৪-২৫ বৰ্ষত এইখন ৰাজ্যত ড্ৰাগছ সেৱনৰ ফলত মৃত্যু প্ৰায় ৪৬ জন লোকৰ

প্ৰতীকী ছবি

Published: 

11 Mar 2025 16:31 PM

ড্ৰাগছ, বৰ্তমান সময়ত এই বৰবিহ ভাবুকি হৈ পৰিছে সমাজৰ বাবে । এটা প্ৰজন্মৰ একাংশ ধ্বংসৰ মুখলৈ গতি কৰিছে এই বৰবিহৰ গ্ৰাসত পৰি । চৰকাৰ তথা আৰক্ষীয়ে ড্ৰাগছৰ প্ৰচলনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে যদিও এতিয়াও ইয়াৰ শিপা সমূলঞ্চে উঘালিবলৈ সক্ষম হোৱা নাই । শেহতীয়াকৈ জানিব পৰা মতে ড্ৰাগছৰ গ্ৰাসত পৰি এবছৰৰ ভিতৰত ৰাজ্যত প্ৰাণ হেৰুৱাইছে প্ৰায় ৪৬ জনে । ইয়াৰ ভিতৰত ৩ গৰাকী মহিলা । এগৰাকী মন্ত্ৰীয়ে প্ৰকাশ কৰিছে এই তথ্য ।

এই তথ্য অৱশ্যে অসমৰ নহয়, মিজোৰামৰহে । ৰাজ্যিক আবকাৰী আৰু নাৰ্কটিকছ মন্ত্ৰী লালংহিংলোভা মাৰে প্ৰকাশ কৰা তথ্য অনুসৰি অসমৰ চুবুৰীয়া ৰাজ্যখনত ১৯৮৪ চনত হেৰ’ইনৰ বাবে প্ৰথমটো ড্ৰাগছ সম্পৰ্কীয় মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে ২৩০ গৰাকী মহিলাকে ধৰি ১৮৮৪ জন লোকৰ (মুঠ মৃত্যুৰ ১২.২১ শতাংশ) দ্ৰব্য সেৱনৰ ফলত মৃত্যু হৈছে ।

তেওঁ কয় যে নাৰ্কটিকছ ড্ৰাগছ এণ্ড চাইক’ট্ৰপিক ছাবষ্টেন্স (এন ডি পি এছ) আইনৰ অধীনত ২০২৪ চনৰ এপ্ৰিলৰ পৰা ২০২৫ চনৰ ৩১ জানুৱাৰীলৈকে আইন প্ৰয়োগকাৰী সংস্থাই ৩৪.১৫ কেজি হেৰ’ইন, ৩৪.১৮ কেজি মেথামফেটামাইন, ৩২৯.৭ কেজি গাঞ্জা (ভাং), ১.৩১ কেজি নাইট্ৰাজেপাম আৰু ১৫২.৫ কেজি কফ চিৰাপকে ধৰি বিভিন্ন ধৰণৰ ড্ৰাগছ জব্দ কৰিছে ।

মাৰে কয় যে একে সময়ছোৱাত ৪৫৮জন লোকৰ বিৰুদ্ধে এনডিপিএছ আইনৰ ধাৰাত ড্ৰাগছ সৰবৰাহৰ গোচৰ ৰুজু কৰা হৈছে । তেওঁ কয় যে ৰাজ্য চৰকাৰে নাগৰিক সমাজৰ সংগঠনৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে যুঁজিবলৈ ব্যাপক প্ৰচেষ্টা চলাইছে । বিষয়াসকলে জনোৱা মতে, ২০১৫ চনলৈকে ৰাজ্যখনত স্পাছমো-প্ৰক্সিভন আৰু পাৰ্ভন স্পা আছিল প্ৰধান ব্যৱহৃত ড্ৰাগছ । কিন্তু ম্যানমাৰ আৰু চুবুৰীয়া ৰাজ্যৰ পৰা এই ড্ৰাগছৰ যোগান বৃদ্ধি পোৱাৰ বাবে হেৰ’ইনে ইয়াৰ ঠাই লয় ।

মিজোৰামৰ ৫১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত ম্যানমাৰৰ সৈতে আছে আৰু ৩১৮ কিলোমিটাৰ সীমান্ত বাংলাদেশৰ সৈতে আছে । ইয়াৰ উপৰিও ই অসম, মণিপুৰ আৰু ত্ৰিপুৰাৰ সৈতে আন্তঃৰাজ্যিক সীমাৰেখা ভাগ কৰে ।

বিষয়াসকলৰ মতে, ২০০৪ চনত ড্ৰাগছ সম্পৰ্কীয় লোকৰ মৃত্যুৰ সংখ্যা সৰ্বাধিক আছিল । য’ত ২১ গৰাকী মহিলাকে ধৰি ১৪৩ জন লোকৰ মৃত্যু হৈছিল আৰু ২০০০ চনত ১৩৯ জন লোকৰ মৃত্যু হৈছিল । ১৯৮৬ চনত ড্ৰাগছ সেৱনৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাছিল বুলি তেওঁলোকে কয় ।

২০১৫ চনৰ পৰা ২০২৪ চনলৈ হেৰ’ইন আৰু অন্যান্য ড্ৰাগছৰ ব্যৱহাৰৰ বাবে ৯২ গৰাকী মহিলাকে ধৰি মুঠ ৫৬৪ জন লোকৰ মৃত্যু হোৱা বুলি তেওঁলোকে জানিবলৈ দিয়ে ।

ক'ল্ড ড্ৰিংকছৰ বটলত পানী খালে কি কি ক্ষতি হ'ব পাৰে? জানক
জীৱনলৈ ভাল দিন আহিলে কি কি সংকেতে দেখা দিয়ে? জানক...
বিকলাংগ সন্তান কিয় জন্ম হয়? ক'লে প্ৰেমানন্দ মহাৰাজে...
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈয়ে ধন আহেনে? আৰু কি কি হয় জানক...