ৰাজনীতিৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈ পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ…

আজি ২৬ ডিচেম্বৰ, বুধবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। ৰাজ্যৰ ৰাজনীতিৰ খবৰৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈকে পলকতে দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

ৰাজনীতিৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈ পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ...
Updated On: 

26 Dec 2025 | 06:36 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। দুদিনীয়া ভ্ৰমণ সূচীৰে অসমত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন। নলবাৰীত বৰদিন উদযাপনত বাধাৰ সৃষ্টি কৰি তাণ্ডৱ চলোৱা হিন্দু সংগঠনৰ চাৰিজন গ্ৰেপ্তাৰাধীন সদস্যক আজি হাজিৰ কৰোৱা হয় আদালতত। ৰাজনীতিৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈ পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন। ২০২৬ ৰ নিৰ্বাচনৰ ৰণকৌশল যুগুত কৰাৰ বাবে ৰাজ্যিক বিজেপিৰ কাৰ্যনিবাহক সভাত অংশ লয় কেন্দ্ৰীয় নেতাগৰাকীয়ে। লগতে আন কেবাটাও সাংগঠনিক কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব নীতিন নবীনে। গুৱাহাটী বিমান বন্দৰত নীতিন নবীনক উষ্ম আদৰণি জনায় বিজেপিৰ নেতা-কৰ্মীয়ে।
  2. নলবাৰীত বৰদিন উদযাপনত বাধাৰ সৃষ্টি কৰি তাণ্ডৱ চলোৱা হিন্দু সংগঠনৰ চাৰিজন গ্ৰেপ্তাৰাধীন সদস্যক আজি হাজিৰ কৰোৱা হয় আদালতত। ছেইণ্ট মেৰিজ ইংলিছ স্কুলত বৰদিনৰ প্ৰস্তুতি চলোৱাৰ সময়তে যীশুৰ মূৰ্তি ভঙাৰ লগতে বিভিন্ন আচবাব ভাঙি লণ্ডভণ্ড কৰিছিল হিন্দু সংগঠনৰ সদস্যই। এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
  3. তিৱা-ৰাভা আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক স্বীকৃতি সন্দৰ্ভত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হয় তিনিওটা পৰিষদৰ প্ৰতিনিধি। এই বিষয়ত আলোচনা কৰিবলৈ এজন আলোচক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে অমিত শ্বাহে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই আশ্বাসক হৃদয়স্পৰ্শী বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  4. কাৰ্বি আংলঙত একাংশ অনা কাৰ্বি লোকে কাৰ্বি-বিৰোধী শ্ল’গান দিয়া ঘটনাত আশ্চৰ্য প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰে। এই কাৰ্যক ধিক্কাৰ দি গৌৰৱ গগৈয়ে কয় যে এনে কাৰ্যই বৰ্তমানৰ সংঘাতত ইন্ধন যোগাব পাৰে। সকলোকে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈও আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
  5. বিগত প্ৰায় চাৰিদিন ধৰি অশান্ত হৈ পৰা পশ্চিম কাৰ্বি আংলঙত বৰ্তমান বিৰাজ কৰিছে শান্তি। কিন্তু বৰ্তমানেও নিশা কাৰ্ফিউৰ লগতে বন্ধ কৰি ৰখা হৈছে মোবাইল ইণ্টাৰনেট সেৱা। ইফালে আজি গুৱাহাটীত আলোচনাত মিলিত হোৱাৰ কথা প্ৰতিবাদকাৰীৰ প্ৰতিনিধি, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  6. আজি প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ প্ৰথম মৃত্যু বাৰ্ষিকী। এই উপলক্ষে কংগ্ৰেছৰ নেতাসকলে শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰয়াত নেতাগৰাকীক। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও প্ৰয়াত নেতাগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পন কৰে। দহবছৰ ধৰি দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল ডঃ মনমোহন সিঙে।
  7. জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে ব্যতিক্ৰমী প্ৰতিবাদ তিনি যুৱকৰ। চৰাইদেউ জিলাৰ পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ প্ৰায় ৪৩০ কিলোমিটাৰ দৌৰ আৰম্ভ কৰিছে এই তিনি যুৱকে। শুকুৰবাৰে পুৱা তেওঁলোকে আৰম্ভ কৰে এই যাত্ৰা। জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত দোষীয়ে যাতে উচিত শাস্তি লাভ কৰে তাৰেই দাবীত এই যাত্ৰা কৰিছে যুৱককেইজনে।
  8. আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ। বিভিন্ন ক্ষেত্ৰত বিস্ময়কৰ প্ৰতিভা তথা সাহসৰ পৰিচয় দিয়া শিশু আৰু কিশোৰক আগবঢ়োৱা হয় এই পুৰষ্কাৰ। ক্ৰিকেটত অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিয়া বৈভৱ সূৰ্যবংশীয়েও ৰাষ্ট্ৰপতিৰ হাতৰ পৰা গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ।
  9. ভাৰত আৰু শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দলৰ মাজত চলি থকা টি-২০ শৃংখলাৰ আজি তৃতীয়খন মেচ। থিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ষ্টেডিয়ামত অনুষ্ঠিত হৈছে মেচখন। ইতিমধ্যে পূৰ্বৰ দুয়োখন মেচতে জয়লাভ কৰি ২-০ ৰ ব্যৱধানত আগুৱাই আছে টীম ইণ্ডিয়া। তৃতীয় মেচত জয়ী হ’লে পাঁচখনীয়া মেচৰ শৃংখলা দখল কৰিব ভাৰতে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...