NRCত নাম নথকাসকলক ঢকিয়াই পঠিয়াই দিয়া হ’ব বাংলাদেশলৈ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, "NRC হ'ব। যাৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC)ত নাথাকিব তেওঁলোকক ঢকিয়াই বাংলাদেশলৈ পঠিয়াই দিব লাগিব। এয়া আমাৰ নীতি হ'ব। প্ৰথমে সকলোকে তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ সুযোগ দিয়া হ'ব।

NRCত নাম নথকাসকলক ঢকিয়াই পঠিয়াই দিয়া হব বাংলাদেশলৈ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

NRCত নাম নথকাসকলক ঢকিয়াই বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব: মুখ্যমন্ত্ৰী

Published: 

28 Sep 2024 17:54 PM

NRCক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । NRCত নাম নথকা সকলক ঢকিয়াই বাহিৰ কৰি দিয়া হ’ব। আইনৰ ৰাস্তাৰে পঠিয়াই দিয়া হ’ব বাংলাদেশলৈ। ঝাৰখণ্ডত এই মন্তব্য বিজেপিৰ ঝাৰখণ্ড নিৰ্বাচনী সহ প্ৰভাৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ হৈ প্ৰচাৰ চলাই থকা মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ কয় যে প্ৰতিজন বিদেশীক ভাৰতৰ পৰা বাহিৰ কৰি দিয়া হ’ব। সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে “ঝাৰখণ্ডৰ পৰা অনুপ্ৰৱেশকাৰীসকলক বহিষ্কাৰ কৰিবলৈ NRC প্ৰয়োজনীয়। যিসকলে তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ অক্ষম তেওঁলোকক আইনী প্ৰক্ৰিয়াৰ অধীনত বিতাৰিত কৰা হ’ব। হঠাতে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা লোকসকলৰ তথ্য NRCৰ জৰিয়তে আহৰণ কৰা হ’ব।”

झारखण्ड से घुसपैठियों को निकालने के लिए NRC आवश्यक है। जो अपनी नागरिकता का प्रमाण नहीं दे पाएंगे, उन्हें कानूनी प्रक्रिया के तहत उनके देश वापस भेजा जाएगा।

अचानक से वोटर लिस्ट में शामिल हुए लोगों की भी कुंडली NRC के माध्यम से निकाली जाएगी। pic.twitter.com/EW9dmAi9aF

— Himanta Biswa Sarma (@himantabiswa) September 28, 2024

মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, “NRC হ’ব। যাৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC)ত নাথাকিব তেওঁলোকক ঢকিয়াই বাংলাদেশলৈ পঠিয়াই দিব লাগিব। এয়া আমাৰ নীতি হ’ব। প্ৰথমে সকলোকে তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ সুযোগ দিয়া হ’ব। সকলোবোৰ আইনী প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব। তাৰ পাছত যদি আপুনি নিজকে এজন ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব নোৱাৰে, তেন্তে তেওঁলোকক আইনী প্ৰক্ৰিয়াৰে ঢকিয়াই বাংলাদেশলৈ পঠিয়াই দিয়া হ’ব।”

অসমত NRCৰ প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰীয়ে কয়, “অসমত এটা প্ৰক্ৰিয়া সম্পন্ন হৈছে। ১৪ লাখ লোকক আমি চিনাক্ত কৰিছোঁ। আমি এতিয়া উচ্চতম ন্যায়ালয়ত আবেদন জনাইছোঁ যে, আমাক আকৌ এবাৰ কৰিব দিয়ক। সীমান্ত অঞ্চলত ২০% নমুনাৰে এই প্ৰক্ৰিয়াচো পুনৰ কৰিব দিয়ক। প্ৰথম পৰ্যায়ত আমি ১৪ লাখ লোকক চিনাক্ত কৰিছোঁ, যিসকল প্ৰথম দৃষ্টিকোণেৰে ভাৰতীয় নহয়। যদি উচ্চতম ন্যায়ালয়ে আমাক অনুমতি দিয়ে এই সংখ্যা আৰু বাঢ়িব।”

ভোটাৰ তালিকা পৰীক্ষণ সন্দৰ্ভত ড০ শৰ্মাই কয়, ভোটাৰ তালিকাৰ পৰা অভিযুক্ত বিদেশীৰ নাম আঁতৰ কৰাৰ প্ৰক্ৰিয়াৰ বিষয়ে সোধাত মুখ্যমন্ত্ৰীয়ে কয় যে ভোটাৰ তালিকাসমূহ ২০০১ চনৰ পৰা পৰীক্ষা কৰা হ’ব। তেওঁ কয়, “প্ৰতিজন ব্যক্তিয়ে তেওঁলোকৰ প্ৰকৃত ঠাইৰ প্ৰমাণ দিব লাগিব আৰু ক’ব লাগিব যে ২০০১ চনৰ আগতে ক’ত পঞ্জীয়ন কৰা হৈছিল। ভোটাৰ তালিকাত নতুনকৈ নাম অহাসকলৰ পৰীক্ষা কৰা হ’ব। ঝাৰখণ্ডৰ মূল নিবাসী, আদিবাসীসকলৰ পৰীক্ষা কৰা নহয়। তেওঁলোকৰ নাম ইতিমধ্যে লিষ্টত থাকিব। ভোটাৰ তালিকাত নতুনকৈ নাম অহা ১৮ বছৰৰ লোকসকলোৰো পৰীক্ষা কৰা নহয়। কিন্তু যিসকলৰ পৰিয়ালৰ নাম প্ৰথমবাৰ ভোটাৰ তালিকাত আহিছে তেওঁলোকৰ পৰীক্ষা কৰা হ’ব।”

 

ঘৰৰ ভিতৰত পখিলা সোমোৱাটো কিহৰ সংকেত জানেনে?
ঘৰত কেতিয়াও নহ'ব ধনৰ অভাৱ, মাত্ৰ কৰক এই কাম!
আপুনি বৈবাহিক জীৱনত সুখীনে? সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ অনুসৰণ কৰক চাণক্যৰ এই নীতিসমূহ
আপুনিৰ কোঠাৰ ভিতৰতে ফেনৰ তলত কাপোৰ শুকাবলৈ দিয়ে নেকি? কেনে ক্ষতি হ’ব পাৰে জানেনে?