Elephant Vatsala: এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতীজনীৰ মৃত্যু

হাতীজনীৰ মৃত্যুত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী মোহন যাদৱে লিখিছে, আজি 'বৎসলা'ৰ শতিকাজোৰা জীৱন যাত্ৰা শেষ হ'ল। পান্না ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত 'বৎসলা'ই শেষ নিশ্বাস ত্যাগ কৰে।

Elephant Vatsala: এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতীজনীৰ মৃত্যু

এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতীজনীৰ মৃত্যু

Updated On: 

09 Jul 2025 17:50 PM

এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বৎসলা আৰু নাই। মধ্য প্ৰদেশৰ পান্না ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত শেষ নিশ্বাস ত্যাগ কৰে হাতীজনীয়ে। এশ বছৰতকৈও অধিক বয়সত পান্না ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মৃত্যু হোৱা হাতীজনীক ৰক্ষক বুলি কোৱা হৈছিল। কেৰালাৰ পৰা অনা বৎসলা মধ্যপ্ৰদেশৰ এই বনাঞ্চলৰ সকলোৰে মৰমৰ আছিল। কেৰালাৰ পৰা নৰ্মদাপুৰমলৈ অনাৰ পিছত পান্না ব্যাঘ্ৰ ৰিজাৰ্ভলৈ স্থানান্তৰিত কৰিছিল বৎসলাক। মুখ্যমন্ত্ৰী মোহন যাদৱে হাতীজনীৰ মৃত্যুত শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

হাতীজনীৰ মৃত্যুত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, “আজি ‘বৎসলা’ৰ শতিকাজোৰা জীৱন যাত্ৰা শেষ হ’ল। পান্না ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ‘বৎসলা’ই শেষ নিশ্বাস ত্যাগ কৰে। তাই কেৱল হাতীয়ে নাছিল, আমাৰ অৰণ্যৰ নীৰৱ ৰক্ষক, প্ৰজন্মৰ পিছত প্ৰজন্মৰ বন্ধু, আৰু মধ্যপ্ৰদেশৰ আৱেগৰ প্ৰতীক। এইগৰাকী আছিল প্ৰিয় সদস্য।”

সংৰক্ষিত বনাঞ্চলৰ বিষয়া-কৰ্মচাৰীয়ে সম্পূৰ্ণ যত্ন আৰু শ্ৰদ্ধাৰে হাতীজনীক গাঁত খান্দি পুতি থয়। দীৰ্ঘদিন ধৰি সংৰক্ষিত বনাঞ্চলখনলৈ অহা পৰ্যটকৰ বাবে বৎসলা প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। জাকৰ আটাইতকৈ বয়সীয়াল হাতী হিচাপে ই স্বাভাৱিকতে নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰিছিল আৰু নৱজাত পোৱালিৰ বাবে আইতাক বা ডাঙৰ ব্যক্তিৰ ভূমিকা পালন কৰিছিল। হাতীজনীয়ে দৃষ্টিশক্তি হেৰুৱাইছিল আৰু বয়সৰ বাবে বহু দূৰ খোজ কাঢ়িব পৰা নাছিল।

পান্না ব্যাঘ্ৰ ৰিজাৰ্ভৰ ফিল্ড ডাইৰেক্টৰৰ মতে, বৎসলাই আগ ভৰিৰ নখ ভাঙি যোৱাৰ বাবে হিনৌটা ৰেঞ্জৰ খাইৰাইয়া নালাৰ ওচৰত জিৰণি লৈছিল। বনকৰ্মীয়ে থিয় হোৱাত সহায় কৰিবলৈ চেষ্টা কৰাৰ পিছতো বৎসলাই দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ হালধীয়া… ই কি ৰোগৰ লক্ষণ?
Sawan 2025: শাওনত তুলসী ৰোপণ কৰিলে আঁতৰে জীৱনৰ সকলো বাধা!
গুৰু পূৰ্ণিমাৰ সময়ত কি কৰিব লাগে, কি নালাগে, জানক...
এইসমূহ ভুলৰ বাবে আপোনাৰ শৰীৰত বৃদ্ধি পাব পাৰে চুগাৰৰ মাত্ৰা...