অনুমতি অবিহনে ভ্ৰমণ কৰিব নোৱাৰিব অৰুণাচল, ILP ব্যৱস্থাক অধিক শক্তিশালী কৰিছে অৰুণাচল চৰকাৰে

Arunachal Inner Line Permit system : অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে বৰ্তমানৰ ৰাজ্যখনৰ ইনাৰ লাইন পাৰ্মিট (ILP) ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে । যাৰ পৰিপ্ৰেক্ষিত এতিয়াৰ পৰা অৰুণাচলৰ প্ৰদেশৰ বাহিৰৰ প্ৰতি গৰাকী লোকে ৰাজ্যখনত প্ৰৱেশৰ পূৰ্বে অনুমতি লাভ কৰাটো বাধ্যতামূলক হ'ব ।

অনুমতি অবিহনে ভ্ৰমণ কৰিব নোৱাৰিব অৰুণাচল, ILP ব্যৱস্থাক অধিক শক্তিশালী কৰিছে অৰুণাচল চৰকাৰে

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

Published: 

19 Aug 2024 21:44 PM

এতিয়াৰ পৰা অৰুণাচলত সহজে ফুৰিবলৈ যাব নোৱাৰিব । কাৰণ সোমাবাৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে বৰ্তমানৰ ৰাজ্যখনৰ ইনাৰ লাইন পাৰ্মিট (ILP) ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে । যাৰ পৰিপ্ৰেক্ষিত এতিয়াৰ পৰা অৰুণাচলৰ প্ৰদেশৰ বাহিৰৰ প্ৰতি গৰাকী লোকে ৰাজ্যখনত প্ৰৱেশৰ পূৰ্বে অনুমতি লাভ কৰাটো বাধ্যতামূলক হ’ব ।

সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা নেতা আৰু শীৰ্ষ চৰকাৰী বিষয়াসকলৰ যৌথ বৈঠকত পেমা খাণ্ডুৱে অৰুণাচল প্ৰদেশৰ বাহিৰৰ লোকৰ অবৈধ প্ৰৱেশ আৰু দীৰ্ঘদিন ধৰি অনা অৰুণাচলী লোকৰ বাসবাস ৰোধ কৰাৰ বাবে আই এল পি ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰয়োজনতা ওপৰত আলোকপাত কৰে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রীৰ কার্যালয়ৰৰ এক বিবৃতি অনুসৰি, খিলঞ্জীয়া জনজাতিসকলক অবৈধ প্ৰব্ৰজনৰ পৰা ৰক্ষা কৰাটোৱেই মূল লক্ষ্য আৰু এই ক্ষেত্ৰত অৰুণাচল চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ বুলি উল্লেখ কৰে ।

খাণ্ডুৱে জানিবলৈ দিছে যে, ৰাজ্য চৰকাৰে ইতিমধ্যে আই এল পি ব্যৱস্থা শক্তিশালী কৰাৰ বাবে কাম কৰি আছে । ইয়াৰ লগতে ৰাজ্যখনৰ আগশাৰীৰ ছাত্ৰ সংগঠনৰ পৰামৰ্শ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে । জানিব পৰা মতে, অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ জৰিয়তে বৰ্তমানৰ আইএলপি ব্যৱস্থাটোক উন্নত কৰাৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়।

ইফালে, যোৱা ৭ আগষ্টত অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত চলি থকা সংকটৰ বাবে ই-আই এল পি ব্যৱস্থা বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছিল। ইয়াৰ উপৰিও আপছুৱে অনুমতি পত্ৰৰ অৱস্থা আৰু গতিবিধিৰ সঠিক তথ্য ৰক্ষা কৰিবলৈ আই এল পিৰ ৰেকৰ্ডসমূহ ডিজিটেলাইজেচনৰ পোষকতা কৰে।

উল্লেখ্য যে,আইএলপি হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰ দৰে ৰাজ্যসমূহত সীমিত সময়ৰ বাবে ভ্ৰমণ কৰিব বিচৰা ভাৰতীয় নাগৰিকসকলক প্ৰদান কৰা এক চৰকাৰী ভ্ৰমণ অনুমতি পত্ৰ । ১৮৭৩ চনৰ বংগ পূব সীমান্ত নিয়ন্ত্ৰণ (BEFR)আইন অনুসৰি ভাৰতৰ সকলো নাগৰিককে বৈধ আই এল পি অবিহনে অৰুণাচলত প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হয়।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...