ভাৰতৰ বিৰুদ্ধে সবাতোকৈ ডাঙৰ ষড়যন্ত্ৰ! চীনে তৈয়াৰ কৰি আছে জলবোমা…

চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰিবলৈ সাজু হৈছে বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ প্ৰকল্প। এই বান্ধটোৱে ভাৰতৰ বাবে জলবোমা হিচাপে কাম কৰিব। বিশেষকৈ অৰুণাচল প্ৰদেশ, অসমৰ বাবে ই সংকট কঢ়িয়াই আনিব।

ভাৰতৰ বিৰুদ্ধে সবাতোকৈ ডাঙৰ ষড়যন্ত্ৰ! চীনে তৈয়াৰ কৰি আছে জলবোমা...

চীনৰ বান্ধ

Published: 

09 Jul 2025 22:58 PM

দিনক দিনে অধিক অৱনতি ঘটিছে ভাৰত-চীনৰ সম্পৰ্কত। বিগত সময়চোৱাত চীনে অহৰহ ভাৰতৰ বিৰুদ্ধে কিবা নহয় কিবা ষড়যন্ত্ৰ ৰচি আহিছে। এতিয়া চীনে ভাৰতৰ বাবে প্ৰস্তুত কৰি আছে জলবোমা। ব্ৰহ্মপুত্ৰ নদীত ভাৰতৰ সীমান্তৰ সমীপত বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ প্ৰকল্প নিৰ্মাণ কৰিবলৈ ওলাইছে চীনে। তিব্বতত এই নদীৰ নাম য়াৰলুং ছাংপো (yarlung tsangpo)। এই বান্ধ ভাৰতৰ বাবে জলবোমা বুলি অভিহিত কৰা হৈছে। এই সন্দৰ্ভত পুনৰ উদ্বেগ প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে।

খাণ্ডুৱে কয় যে, চীনে এই প্ৰকল্পটোক জলবোমা হিচাপে ব্যৱহাৰ কৰিব পাৰে। সামৰিক ভাবুকিৰ বাহিৰে আন যিকোনো সমস্যাতকৈ ই এক ডাঙৰ বিষয়। য়াৰলুং ছাংপো নদীৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ প্ৰকল্পটো গুৰুতৰ চিন্তাৰ বিষয় কাৰণ চীনে আন্তঃৰাষ্ট্ৰীয় জল সন্ধি স্বাক্ষৰ কৰা নাই, গতিকে তেওঁলোকক এই চুক্তিয়ে কোনো প্ৰভাৱিত কৰিব নোৱাৰে। এনে পৰিস্থিতিত পানী বন্ধ কৰা আৰু এৰি দিয়াৰ ক্ষেত্ৰত চীনে নিজৰ ইচ্ছাৰ মাষ্টৰ হ’ব। যদি এই বান্ধ চীনে নিৰ্মাণ কৰে আৰু হঠাতে পানী এৰি দিয়ে তেন্তে সমগ্ৰ ছিয়াং অঞ্চল ডুব যাব।

এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চীনক বিশ্বাস কৰিব নোৱাৰি। তেওঁলোকে কি কেতিয়া কৰিব কোনেও নাজানে। মই ভাবো চীনৰ সামৰিক ভাবুকিক বাদ দি আন সকলো সমস্যাতকৈ ই অতি ডাঙৰ বিষয়। ই আমাৰ জনজাতি আৰু আমাৰ জীৱিকাৰ প্ৰতি অস্তিত্বৰ ভাবুকি কঢ়িয়াই আনিব। ই এক অতি গুৰুতৰ বিষয়, কিয়নো ইয়াক চীনে জলবোমা হিচাপে ব্যৱহাৰ কৰিব পাৰে।

তেওঁ কয়, চীনে যদি আন্তঃৰাষ্ট্ৰীয় জল সন্ধি স্বাক্ষৰ কৰিলে কোনো সমস্যা নহ’লহেতেন, কিন্তু তেওঁলোকে এই চুক্তি স্বাক্ষৰ কৰা নাই। এই চুক্তিত চীনৰ স্বাক্ষৰ থাকিলে এই প্ৰকল্প ভাৰতৰ বাবে ভাৰতৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’লহেতেন। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ নদী বৈ যোৱা অৰুণাচল প্ৰদেশ, অসম আৰু বাংলাদেশত বাৰিষাৰ সময়ত বানপানী ৰোধ কৰিব পৰা গ’লহেঁতেন।

তেওঁ আৰু কয়, এনে অৱস্থাত ভাৰত চৰকাৰৰ সৈতে আলোচনাৰ অন্তত অৰুণাচল প্ৰদেশ চৰকাৰে ছিয়াং উচ্চ বহুমুখী প্ৰকল্প নামৰ প্ৰকল্পৰ কথা চিন্তা-চৰ্চা কৰি আছে। যি প্ৰতিৰক্ষা ব্যৱস্থা হিচাপে কাম কৰিব আৰু জল সুৰক্ষা নিশ্চিত কৰিব। মোৰ লাগে, চীনে ইতিমধ্যে নিজৰ কাম কৰাৰ আৰম্ভ কৰিছে, কিন্তু তেওঁলোকে তথ্য শ্বেয়াৰ নকৰে। যদি বান্ধ নিৰ্মাণ হয় তেন্তে ছিয়াং আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ প্ৰবাহ যথেষ্ট হ্ৰাস পাব পাৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়, যদি ভাৰত চৰকাৰে পৰিকল্পনা অনুসৰি বিকল্প বান্ধ নিৰ্মাণ কৰে তেন্তে ইয়াৰ সমস্যা বহুখিনি হ্ৰাস পাব। যদি চীনে ভৱিষ্যতে পানী এৰি দিয়ে তেন্তে নিশ্চিতভাৱে বানপানী হ’ব, কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যাব। এই সন্দৰ্ভত জনতাক সজাগ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰেই ৰাইজৰ লগত এক বৈঠকত মিলিত হ’ব বুলি কয়।

উল্লেখ্য যে, য়াৰলুং ছাংপো বান্ধ নামেৰে পৰিচিত এই বান্ধ প্ৰকল্পটো ২০২১ চনত সীমান্ত অঞ্চল ভ্ৰমণ কৰাৰ পিছত চীনৰ তদানীন্তন প্ৰধানমন্ত্ৰী লি কেকিয়াঙে ঘোষণা কৰিছিল। তাৰ পাছত ২০২৪ চনত চীনে ১৩৭ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় সাপেক্ষে এই পাঁচ বছৰীয়া প্ৰকল্পটো নিৰ্মাণৰ বাবে অনুমোদন জনাইছিল।

 

অন্য খবৰ পঢ়কঃ মাৰ্চমেলো কংক্ৰিটঃ বিমান দুৰ্ঘটনা ৰোধ কৰিবলৈ চীনৰ নতুন প্ৰযুক্তি…

সুখী কেনেকৈ হ'ব? প্ৰেমানন্দ মহাৰাজে দিলে বিশেষ কেইটামান উপায়...
প্ৰতিদিনে ব্লেক কফি খালে কি হয়? জানি আচৰিত হ'ব আপুনি...
প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ হালধীয়া… ই কি ৰোগৰ লক্ষণ?
Sawan 2025: শাওনত তুলসী ৰোপণ কৰিলে আঁতৰে জীৱনৰ সকলো বাধা!