২২ বছৰ বয়সত হৈছিল নিৰুদ্দেশ, ৫৬ বছৰ পাছত বৰফৰ মাজত উদ্ধাৰ ভাৰতীয় সেনা জোৱানৰ মৃতদেহ

মৃত্যুৰ ৫৬ বছৰ পাছত এতিয়া এই জোৱানজনৰ নিজৰ মাটিত শেষকৃত্য সম্পন্ন হ'ব। এই সন্দৰ্ভত থমাছৰ পৰিয়ালৰলোকে কৈছে যে- আমি দুখ কৰিব লাগেনে সুখ কৰিব লাগে নাজানো। থমাছ যেতিয়া মৃত্যু হৈছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২২ বছৰ।

২২ বছৰ বয়সত হৈছিল নিৰুদ্দেশ, ৫৬ বছৰ পাছত বৰফৰ মাজত উদ্ধাৰ ভাৰতীয় সেনা জোৱানৰ মৃতদেহ

থমাছ

Published: 

02 Oct 2024 15:20 PM

১৯৬৮ চনৰ ৭ ফেব্ৰুৱাৰী মাহৰ কথা। ১০২ গৰাকী যাত্ৰী লৈ ভাৰতীয় বায়ুসেনাৰ এখন বিমান চণ্ডীগড়ৰ পৰা লেহ অভিমুখে উৰা মাৰিছিল। কিন্তু হিমাচলৰ ৰোহটাঙৰ সমীপত বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হয় আৰু তাৰ পিছত বটালৰ ওপৰৰ চন্দ্ৰভাগৰ ৰেঞ্জত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বিমানখনত থকা প্ৰতিগৰাকী লোকৰে মৃত্যু হৈছিল। নিহত যাত্ৰীসকলৰ ভিতৰত আছিল কেৰালাৰ বাসিন্দা থমাছ চেৰিয়ান। তেওঁ আছিল ভাৰতীয় সেনাবাহিনীৰ সৈনিক। সেই ভয়ংকৰ দুৰ্ঘটনাৰ পাছত তেওঁৰ মৃতদেহ বিচাৰি পোৱা হোৱা নাছিল। কিন্তু আজি প্ৰায় ৫৬ বছৰ পাছত তেওঁৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ হৈছে।

মৃত্যুৰ ৫৬ বছৰ পাছত এতিয়া এই জোৱানজনৰ নিজৰ মাটিত শেষকৃত্য সম্পন্ন হ’ব। এই সন্দৰ্ভত থমাছৰ পৰিয়ালৰলোকে কৈছে যে- আমি দুখ কৰিব লাগেনে সুখ কৰিব লাগে নাজানো। থমাছ যেতিয়া মৃত্যু হৈছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২২ বছৰ।

জানিব পৰা মতে পাথানামিথিটাৰ নিবাসী ওদালিল পৰিয়ালৰ ৫ সন্তানৰ ভিতৰত থমাছ আছিল চতুৰ্থ সন্তান। যোৱা ৩০ ছেপ্টেম্বৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি পৰিয়ালৰলোকক অৱগত কৰোৱা হৈছে।তেওঁৰ সৰু ভাতৃ থমাছ ভাৰ্গেজ আৰু ভতিজা শ্বাইজু কে মেথিউকে ধৰি জীৱিত পৰিয়ালৰ সদস্যসকল এতিয়াও পৰিয়ালৰ ঘৰটোত থাকে। থমাছৰ নিৰুদ্দেশ হোৱাৰ সময়ত ভাৰ্গেজাৰ বয়স আছিল মাত্ৰ ৮ বছৰ। ভাতৃয়ে কয় যে, থমাছ নিৰুদ্দেশ হোৱাৰ কথা তেওঁৰ ভালদৰে মনত আছে। টেলিগ্ৰামৰ জৰিয়তে তেওঁলোকক থমাছৰ নিৰুদ্দেশ হোৱাৰ খবৰ দিয়া হৈছিল।

২০০৩ চনত বিভাগীয় কৰ্তৃপক্ষই বিমান দুৰ্ঘটনাৰ কথাটোত নিশ্চিয়তা প্ৰদান কৰিছিল আৰু তেতিয়াই কেইবাটা মৃতদেহ উদ্ধাৰ হৈছিল।  ইয়াৰ পিছত আৰানমুলাৰ পৰা স্থানীয় আৰক্ষীয়ে থমাছৰ ঘৰলৈ গৈ তেওঁৰ বিষয়ে যাৱতীয় পৰীক্ষা কৰে আৰু স্পষ্ট হৈ পৰে যে মৃতদেহটো থমাছৰ। এই কথা গম পাই থমাছৰ ভাতৃয়ে ভাবি পোৱা নাছিল যে তেওঁ কি কৰিব। তেওঁ দুখ প্ৰকাশ কৰিছিল যদিও ভাতৃৰ মৃতদেহ কবৰ দিবলৈ পাই কিছু শান্তিও অনুভৱ কৰিছিল। কিয়নো তেওঁ ভাৱে, কবৰ দিলে থমাছৰ আত্মাই শান্তি লাভ কৰিব। পৰিয়ালৰ আন এজন সদস্যই কয় যে- ৫৬ বছৰৰ পাছতো অনুসন্ধান অব্যাহত ৰখাৰ বাবে পৰিয়ালটোৱে চৰকাৰ আৰু সেনাবাহিনীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

এএন১২ বিমানখনত কেৰালাৰ আন কেইবাজনো জোৱানো আছিল। তাৰ ভিতৰত আছিল কোট্টায়মৰ কে পি পেনিকৰ, কে কে ৰাজাপান আৰু আৰ্মী চাৰ্ভিচ কৰ্পছৰ এছ ভাস্কৰন পিল্লাই। এই জোৱানসকলৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই। ছেপ্টেম্বৰ মাহত ৰোহটাঙৰ এই অঞ্চলত আৰু চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল । ইয়াৰে তিনিটা মৃতদেহ চিনাক্ত কৰা হৈছে, য’ত আছে থমাছ চেৰিয়ানৰ মৃতদেহ। স্থানীয় লোকে সন্দেহ কৰিছে যে চতুৰ্থ মৃতদেহটো ৰান্নীৰ জোৱান পি এছ জোচেফৰৰ হ’ব পাৰে।

নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
ছাল সতেজ আৰু উজ্জ্বল কৰে জলফাই, আপুনি জানেনে জলফাইৰ উপকাৰিতাৰ বিষয়ে?
খোৱাৰ পিছত পেটৰ সমস্যা? এই ঘৰুৱা উপায়ৰে তৎক্ষণাত উপশম পাব
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...