তৃতীয়টো সন্তান জন্ম দিলে লাভ কৰিব ৫০ হাজাৰ টকা, ল’ৰা হ’লে পাব এটা গৰু উপহাৰ…

তিনিটা সন্তান জন্ম দিলে লাভ কৰি ব আৰ্থিক সাহাৰ্যৰ সৈতে গৰু উপহাৰ । অৰ্থাৎ তৃতীয়টো সন্তান জন্ম দিলে লাভ কৰিব ৫০ হাজাৰ টকাৰ সৈতে এটা গৰু উপহাৰ। সন্তানটিৰ নামত মাতৃগৰাকীৰ হাতত গতাই দিয়া হ'ব এই ধন । এগৰাকী সাংসদৰ ডাঙৰ ঘোষণা ।

তৃতীয়টো সন্তান জন্ম দিলে লাভ কৰিব ৫০ হাজাৰ টকা, ল’ৰা হ’লে পাব এটা গৰু উপহাৰ...

প্ৰতীকী ফটো

Updated On: 

10 Mar 2025 16:11 PM

মাতৃসকলৰ বাবে এটা ডাঙৰ ঘোষণা । এতিয়াৰে পৰা তৃতীয়টো সন্তান জন্ম দিলে এগৰাকী মাতৃয়ে উপহাৰ লাভ কৰিব ৫০ হাজাৰ টকা আৰু এটা গৰু । অৰ্থাৎ তৃতীয়টো সন্তানৰ বাবে লাভ কৰিব ৫০ হাজাৰ টকা আৰ্থিক সাহায্য । যদিহে সন্তানটি ল’ৰা হয় তেন্তে লাভ কৰিব ৫০ হাজাৰ টকাৰ সৈতে এটা গৰু । সন্তানটিৰ নামত মাতৃগৰাকীৰ হাতত গতাই দিয়া হ’ব এই উপহাৰ আৰু সাহায্য । এই কথা ঘোষণা কৰিছে দেশৰ এগৰাকী সাংসদে ।

এই কথা ঘোষণা কৰিছে দেশৰ এগৰাকী সাংসদে । সাংসদ গৰাকী অন্ধ্ৰপ্ৰদেশৰ । শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে শিশুৰ জন্ম হ’লে চৰকাৰৰ পৰা আৰ্থিক সাহায্য দিয়া কথা কৈছিল । তদুপৰি বিভিন্ন উপহাৰ দিয়াৰ দৰে ব্যৱস্থা আৰম্ভ কৰাৰ কথাও কৈছিল। সেই কথাই যেন অনুসৰণ কৰিছে টিডিপিৰ সাংসদ আপ্পালা নাইডুৱে ।

বিজয়নগৰৰ সাংসদগৰাকীয়ে ঘোষণা কৰিছে যে, তৃতীয় সন্তান জন্ম হ’লে লাভ কৰিব ৫০ হাজাৰ টকা। যদি পুত্ৰ জন্ম হয়, তেন্তে প্ৰসূতিগৰাকীক দিয়া হ’ব এটা গৰু উপহাৰ। এই নগদ আৰ্থিক সাহাৰ্য তেওঁ চৰকাৰী পুঁজিৰ পৰা নহয়, দিব নিজৰ দৰমহাৰ পৰা। ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সাংসদগৰাকীৰ এই প্ৰস্তাৱ। টিডিপিৰ সদস্য আৰু সমৰ্থকসকলেও তেওঁৰ পোষ্টটো শ্বেয়াৰ কৰিছে। আনকি সাংসদগৰাকীক প্ৰশংসাও কৰিছে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে।

উল্লেখ কৰিব লাগিব যে, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে অলপতে দিল্লীত দক্ষিণ ভাৰতৰ জনসংখ্যাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। পৰিয়াল পৰিকল্পনাৰ পৰিৱৰ্তে জনসংখ্যা বৃদ্ধিৰ কথা কৈছিল নাইডুৱে। পূৰ্বে পৰিয়াল পৰিকল্পনাৰ কথা কোনা নাইডুৱে সেই দৃষ্টিভংগী সলনি কৰাৰ কথাও উল্লেখ কৰিছিল । ইয়াৰ পিছতে অন্ধ্ৰপ্ৰদেশত শ্ৰমিক মহিলাসকলক প্ৰসূতিকালীন ছুটী দিয়াৰ কথা ঘোষণা কৰিছিল নাইডুৱে।

কিদৰে পালন কৰিব নৱৰাত্ৰিৰ ব্ৰত? নকৰিব এইকেইটা ভুল!
বৃক্ক অসুস্থ মানেই জীৱনৰ বিঘিনি! দৈনিক খাওক এই ৯ টা ফল, বৃক্ক হৈ থাকিব সুস্থ
মেথি গুটিয়ে দূৰ কৰিব আপোনাৰ চুলিৰ সমস্যা, মাথোঁ কৰক এইদৰে ব্যৱহাৰ...
আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...