জম্মু-কাশ্মীৰত আন এক ষড়যন্ত্ৰ জেইছ সন্ত্ৰাসবাদী সংগঠনৰ ! ৰাইজক সতৰ্ক কৰি দিলে আৰক্ষীয়ে…

সন্ত্ৰাসবাদী সংগঠন জেইছে সোমবাৰে বলিউডৰ চিনেমাৰ ফেণ্টমৰ পোষ্টাৰে ৫ মিনিট ৫৫ ছেকেণ্ডৰ এটা ভিডিঅ’ প্ৰচাৰ কৰে । এই ভিডিঅ’টো লাভ কৰাৰ পাছতে জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়ে সকলোকে সাৱধান হ’বলৈ আহ্বান জনাইছে ।

জম্মু-কাশ্মীৰত আন এক ষড়যন্ত্ৰ জেইছ সন্ত্ৰাসবাদী সংগঠনৰ ! ৰাইজক সতৰ্ক কৰি দিলে আৰক্ষীয়ে...

জম্মু-কাশ্মীৰ আৰক্ষী (ফাইল ফটো)

Published: 

22 Jul 2024 | 07:36 PM

জম্মু-কাশ্মীৰত সন্ত্ৰাস বিয়পোৱাৰ ক্ষেত্ৰত সন্ত্ৰাসবাদী সংঘঠন জেইছ-ই মুহাম্মাদে আন এক ষড়যন্ত্ৰ ৰছনা কৰিছে । সন্ত্ৰাসবাদী সংগঠন জেইছে সোমবাৰে বলিউডৰ চিনেমাৰ ফেণ্টমৰ পোষ্টাৰে ৫ মিনিট ৫৫ ছেকেণ্ডৰ এটা ভিডিঅ’ প্ৰচাৰ কৰে । এই ভিডিঅ’টো লাভ কৰাৰ পাছতে জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়ে সকলোকে সাৱধান হ’বলৈ আহ্বান জনাইছে ।

জম্মু-কাশ্মীৰৰ জনসাধাৰণক কোনো কাৰণতে এই ভিডিঅ’টো কাৰোলৈকে ফৰৱাৰ্ড নকৰিবৰ বাবে নিৰ্দেশনাৰ জৰিয়তে আহ্বান জনাইছে । ইয়াৰ লগতে সতৰ্কবাণী জাৰি কৰি কোৱা হৈছে যে, এই ভিডিঅ’টো লাভ কৰাৰ লগে লগে ৰিপৰ্ট কৰক । ইয়াৰ লগতে এই ভিডিঅ’টো ক’ৰ পৰা পালে আৰু কোনে পঠিয়াইছে তাৰ তথ্যও আৰক্ষীক দিবৰ বাবে আহ্বান জনাইছে ।

ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট শ্বেয়াৰ কৰি এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে। এটা কথা স্পষ্ট কৰি দিছে যে, এনে ভিডিঅ’ পোষ্ট কৰা আৰু ফৰৱাৰ্ড কৰাটো ইউএপিএৰ ধাৰাৰ অধীনত এক অপৰাধ।

আৰক্ষীয়ে লগতে উল্লেখ কৰিছে যে, যিকোনো চৰকাৰী বিষয়াই এই ভিডিঅ’ লাভ কৰিলে টেক্সট মেছেজৰ জৰিয়তে নিজৰ শীৰ্ষ বিষয়াক খবৰ দিব লাগিব। সতৰ্কবাণী জাৰি কৰি আৰক্ষীয়ে কয় যে, কোনো কাৰণতে এই ভিডিঅ’টো আৰু আগলৈ ফৰৱাৰ্ড কৰিব নালাগে। মনত ৰাখিব লাগিব যে, এনে ভিডিঅ’ পোষ্ট কৰা আৰু ফৰৱাৰ্ড কৰাটো ইউএপিএৰ ১৩ আৰু ১৮ নং ধাৰাত অপৰাধ হিচাপে গণ্য কৰা হয় ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...