স্বপ্ন আছিল আকাশত উৰাৰ, ধনৰ অভাৱত হৈ ৰ’ল অপূৰ্ণঃ ঘৰতেই সাজি উলিয়ালে উৰাজাহাজ..

উত্তৰ প্ৰদেশৰ আমেথিৰ মাধোপুৰৰ ৰমেশ্বৰ কোৰী নামৰ এগৰাকী ব্যক্তিয়ে শৈশৱৰ পৰাই উৰাজাহাজত উঠাৰ স্বপ্ন দেখিছিল যদিও পৰিয়ালৰ দৰিদ্ৰতাৰ বাবে এই সপোন পূৰ হোৱা নাছিল। পিছে স্বপ্ন পূৰণৰ বাবে তেওঁ ঘৰতে সাজি উলিয়ালে উৰাজাহাজ।

স্বপ্ন আছিল আকাশত উৰাৰ, ধনৰ অভাৱত হৈ ৰ’ল অপূৰ্ণঃ ঘৰতেই সাজি উলিয়ালে উৰাজাহাজ..

ৰমেশ্বৰে ঘৰতে সাজি উলিওৱা উৰাজাহাজখন

Published: 

15 Aug 2024 15:28 PM

সকলো লোকৰে জীৱনত সাধাৰণতে থাকে কিছুমান বিশেষ ইচ্ছা বা চখ। এই চখ পূৰণৰ বাবে সকলোৱে পাৰ্যমানে কৰে চেষ্টা। কেতিয়াবা এই ইচ্ছা বা চখ পূৰণত ব্যক্তিবিশেষ সফল হয় বা কেতিয়াবা বিফল। উত্তৰ প্ৰদেশৰ এগৰাকী ব্যক্তিৰো আছিল এক বিশেষ সপোন। শৈশৱৰ পৰাই তেওঁ স্বপ্ন দেখিছিল আকাশত উৰাৰ। এই স্বপ্ন পূৰণৰ বাবে তেওঁ যথেষ্ট চেষ্টাও কৰিছিল। পিছে ঘৰৰ অৰ্থনৈতিক দুৰাৱস্থা তেওঁৰ এই স্বপ্ন পূৰণৰ পথত প্ৰধান বাধা হৈ পৰে। সপোন পূৰণৰ পথত বিফল হৈ তেওঁ এক বিশেষ পন্থা হাতত লয়।

এই ব্যক্তিজনে সিদ্ধান্ত লয় নিজৰ বাসগৃ্হতে এখন উৰাজাহাজ সাজি উলিওৱাৰ। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই উৰাজাহাজখন সাজু হৈ উঠাৰ সময়তে তেওঁৰ মৃত্যু হয় আৰু এইবাৰো তেওঁৰ স্বপ্ন পূৰণ নোহোৱাকৈয়ে থাকি যায়। জীৱনত এই উৰাজাহাজখনত উঠিব নোৱাৰিলেও পিছে বৰ্তমান তেওঁৰ সন্তানে উৰাজাহাজখনৰ সুবিধা আদায় কৰিছে।

উৰাজাহাজত উঠাৰ স্বপ্ন দেখা এই ব্যক্তিজনৰ নাম ৰমেশ্বৰ কোৰী। ৰমেশ্বৰ উত্তৰ প্ৰদেশৰ আমেথিৰ মাধোপুৰৰ বাসিন্দা। ৰমেশ্বৰ কোৰীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, বহু চেষ্টা কৰাৰ পিছতো যেতিয়া তেওঁ বিমানেৰে যাত্ৰা কৰাৰ সুযোগ আদায় কৰিব নোৱাৰিলে, তেতিয়া তেওঁ ঘৰতে বিমান নিৰ্মাণৰ সিদ্ধান্ত লয়। বিমানখনত সাধাৰণতে উপলব্ধ সকলো সুবিধাও ৰাখিব বুলি তেওঁ সিদ্ধান্ত লয়।

ইয়াৰ পিছতে ৰমেশ্বৰে ঘৰতে দুখন বিমান নিৰ্মাণৰ সিদ্ধান্ত লয় আৰু লোৰ ৰ’ড, বালি, চিমেণ্টৰ সহায়ত সাজিবলৈ আৰম্ভ কৰে বিমান দুখন। ৰমেশ্বৰৰ পুত্ৰ সনোজ কুমাৰে জানিবলৈ দিয়া মতে তেওঁৰ পিতৃৰ ইচ্ছা আছিল বিমানত উঠাৰ। কিন্তু ঘৰৰ অৰ্থনৈতিক অৱস্থা ইমানেই দুৰ্বল আছিল যে তেওঁ এই সপোন পূৰণ কৰিব পৰা নাছিল।

এনে অৱস্থাত তেওঁ ঘৰতে এখন সম্পূৰ্ণ বিমান সাজিবলৈ আৰম্ভ কৰিছিল। এতিয়া এই বিমানত উঠি ঘৰখনৰ ল’ৰা-ছোৱালীবোৰে খেলা-ধূলা কৰাৰ লগতে পঢ়া-শুনাও কৰে। সনোজৰ মতে, তেওঁৰ পিতৃয়ে দুখন জাহাজ নিৰ্মাণ কৰিছিল। ইয়াতে এখন বিমানৰ কাম সম্পূৰ্ণ হয় যদিও আনখন বিমানৰ কাম সম্পূৰ্ণ কৰিব পৰা নাছিল। তাৰ পূৰ্বেই ৰমেশ্বৰে শাৰীৰিক অসুস্থতাৰ বাবে চিৰদিনৰ বাবে চকু মুদে।

পৰিয়ালৰ লোকসকলে জানিবলৈ দিয়া মতে এই দুয়োখন বিমান পিতৃৰ স্মৃতিসৌধ হিচাপে ৰখা হৈছে। এই দুয়োখন বিমান গাঁওখনৰ পৰিচয় হৈ পৰিছে। এতিয়া গাঁওবাসীয়ে নিজা গাঁওখনক জাহাজ গাঁও হিচাপে নামকৰণ কৰিবলৈ আৰম্ভ কৰিছে। ৰমেশ্বৰৰ পত্নী দুইজা দেৱীয়ে কয় যে স্বামীয়ে বিমানত উঠিব নোৱাৰিলেও তেওঁৰ পৰিয়ালৰ সদস্য আৰু সন্তানে তেওঁ নিৰ্মাণ কৰা বিমানৰ আনন্দ উপভোগ কৰিছে।

Related Stories
কোনে বন্ধ কৰিছিল আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ইন্ধনৰ চুইচ? ২ পাইলটৰ মাজত হোৱা কথা-বতৰাক লৈ চৰ্চা…
সম্পত্তিৰ লোভ আৰু ১০ লাখ টকাৰ ভাড়াতীয়া শ্বুটাৰ! পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ চিৰদিনলৈ চকু মুদিলে পতিয়ে
চাংপোৰ ওপৰত চীনে গোপনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ…শংকা প্ৰকাশ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ
চৰাইৰ খুন্দাৰ বাবে সংঘটিত হৈছিল নেকি আহমেদাবাদ দুৰ্ঘটনা! প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য
হুৰমূৰকৈ বাগৰি পৰিল চাৰি মহলীয়া অট্টালিকা, আৱদ্ধ ১২ জন লোকঃ অব্যাহত উদ্ধাৰ অভিযান
আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ ন-ন তথ্যঃ বিমান কোম্পানীৰ বিৰুদ্ধে লোৱা হ’ব নেকি ব্যৱস্থা!
জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক
শাওন মাহত ভুলতো নকৰিব এইসমূহ কাম, মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ’ব আপুনি!