মৌলৱীৰ কু-কাণ্ড! যুৱতী হ’ল ৮ মাহৰ গৰ্ভৱতী আৰু তাৰ পাছত…

দেশত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে এজন মৌলৱীৰ কু-কাণ্ড পোহৰলৈ আহে। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল হোৱাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

মৌলৱীৰ কু-কাণ্ড! যুৱতী হল ৮ মাহৰ গৰ্ভৱতী আৰু তাৰ পাছত...

আৰক্ষী থানা

Published: 

05 Jun 2025 | 06:08 PM

জঘন্য, বৰ্বৰ! দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে কিছুমান অপৰাধজনিত ঘটনা পোহৰলৈ আহে। ইয়াৰ মাজতে পোহৰলৈ আহিছে এজন মৌলৱীয়ে কৰা জঘন্য কাণ্ড। অভিযোগ অনুসৰি মৌলৱীজনে দীৰ্ঘদিন ধৰি এগৰাকী যুৱতীক বিবাহৰ প্ৰতিশ্ৰুতি দি ধৰ্ষণ কৰি আহিছিল। কিন্তু যেতিয়া যুৱতীগৰাকী গৰ্ভৱতী বুলি গম পাই তেতিয়া তেওঁ সেই ঠাই এৰি পলাই যায়। এই ঘটনা উত্তৰ প্ৰদেশ গোৰখপুৰৰ গুলৰিহা থানা এলেকাৰ। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত বৰ্তমান আৰক্ষীয়ে মৌলৱীক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

যুৱতীগৰাকীয়ে কৰা অভিযোগ অনুসৰি, মৌলৱীজনে বিয়াৰ প্ৰতিশ্ৰুতি দি তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। কিন্তু যেতিয়া যুৱতীগৰাকী ৮ মাহৰ গৰ্ভৱতী হয় তেতিয়া মৌলৱী পলাই যায় আৰু ফোন অফ কৰি থৈ দিয়ে।

ভুক্তভোগীয়ে কৰা অভিযোগ অনুসৰি, মাউ জিলাৰ বাসিন্দা তাজুদ্দিন নামৰ এজন মৌলৱীয়ে গাঁওখনত অৱস্থিত মছজিদত নামাজ পঢ়িছিল। এইজন মৌলৱীৰ সৈতে যুৱতীগৰাকীয়ে কথা পাতিব আৰম্ভ কৰিছিল আৰু তেনেকৈ দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। ভুক্তভোগীয়ে কয় যে, মৌলৱীয়ে তেওঁক বিবাহৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু যেতিয়া যুৱতীগৰাকী ৮ মাহৰ গৰ্ভৱতী হোৱা বুলি গম পাই তেতিয়া তেওঁ পলাই যায়।

যুৱতীগৰাকীয়ে কয় যে, যোৱা ১ জুনত যুৱকীগৰাকীয়ে মৌলৱীক লগ পাই নিকাহ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। কিন্তু তাৰ পাছতে মৌলৱীয়ে মোবাইল অফ কৰি পলায়ন কৰে। বৰ্তমান মৌলৱীৰ স্থানৰ কোনো তথ্য লাভ কৰা নাই। যুৱতীগৰাকীয়ে মৌলৱীক বিচৰাৰ চেষ্টা কৰিছে যদিও সক্ষম হোৱা নাই। অৱশেষত যুৱতীগৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। বৰ্তমান আৰক্ষীয়ে মৌলৱীক বিচাৰি অভিযান চলাই আছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনাই যে, যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। । অভিযুক্ত মৌলৱীৰ বিৰুদ্ধে প্ৰতাৰণা কৰি শাৰীৰিক সম্পৰ্ক ৰখা, মিছা প্ৰতিশ্ৰুতি দি ছোৱালীজনীৰ সৈতে শাৰীৰিক সম্পৰ্ক ৰখা, গৰ্ভৱতী ছোৱালীজনীক এৰি পলায়ন কৰা আদি গোচৰ ৰুজু কৰিছে। শীঘ্ৰেই মৌলৱীক গ্ৰেপ্তাৰ কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাই আৰক্ষীয়ে।

 

অন্য খবৰ পঢ়কঃ মধ্যপ্ৰদেশৰ দম্পতীৰ সৈতে কি হৈছিল মেঘালয়ত? উদ্ধাৰ এখন দা, মহিলাৰ শ্বাৰ্ট আৰু…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব