চাৰ্টৰ বুটাম খুলি আদালতলৈ গ’ল অধিবক্তাঃ ছয় মাহৰ কাৰাদণ্ড বিহিলে বিচাৰপীঠে

অভিযুক্ত তথা ভুক্তভোগীৰ হৈ যুঁজ দিয়া এগৰাকী অধিবক্তা এতিয়া নিজেই সন্মুখীন হৈছে আদালতৰ শাস্তিৰ। চাৰ্টৰ বুটাম খুলি বিচাৰ কক্ষত উপস্থিত হোৱাৰ বাবে আদালত অৱমাননাৰ অপৰাধৰ শাস্তি হিচাপে আদালতে তেওঁক ছয় মাহৰ কাৰাদণ্ডৰ লগতে ২০০০ টকাৰ জৰিমনাও বিহিছে।

চাৰ্টৰ বুটাম খুলি আদালতলৈ গ’ল অধিবক্তাঃ ছয় মাহৰ কাৰাদণ্ড বিহিলে বিচাৰপীঠে

প্ৰতিনিধিত্বমূলক ছবি

Published: 

12 Apr 2025 16:37 PM

কোনো গোচৰত অভিযুক্ত তথা ভুক্তভোগী পক্ষৰ হৈ আদালতত ন্যায়ৰ বাবে আইনী যুঁজ চলায় অধিবক্তাসকলে। আদালতত বিচাৰপীঠৰ সমুখত নিজৰ পক্ষৰ হৈ তেওঁলোকে চলায় যুক্তি যুঁজ আৰু ৰায় অনুসাৰে তেওঁলোকৰ পক্ষই লাভ কৰে শাস্তি অথবা ৰেহাই। পিছে অভিযুক্ত তথা ভুক্তভোগীৰ হৈ যুঁজ দিয়া এগৰাকী অধিবক্তা এতিয়া নিজেই সন্মুখীন হৈছে আদালতৰ শাস্তিৰ। নিয়ম উলংঘা কৰাৰ অপৰাধৰ শাস্তি হিচাপে আদালতে তেওঁক কাৰাদণ্ডৰ লগতে জৰিমনাও বিহিছে। এই ঘটনাই সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে।

শেহতীয়া কেইটামান বৰ্ষ ধৰি ব্যাপক চৰ্চিত হৈ আহিছে এলাহাবাদ উচ্চ ন্যায়ালয়। কেইবাটাও বিশেষ ৰায়দানৰ লগতে ন্যায়াধীশৰ মন্তব্যক কেন্দ্ৰ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে মাজে-সময়ে দখল কৰিছে সংবাদ শিৰোনাম। এতিয়া অধিবক্তাক শাস্তি প্ৰদানৰ এই ঘটনাও এলাহাবাদ উচ্চ ন্যায়ালয়তে দেখিবলৈ পোৱা গৈছে। চাৰ্টৰ বুটাম খুলি বিচাৰ কক্ষত উপস্থিত হোৱাৰ বাবে উচ্চ ন্যায়ালয়ে আদালত অৱমাননাৰ অপৰাধত ছমাহৰ কাৰাদণ্ড বিহিছে এজন অধিবক্তাক।

আদালতৰ সূত্ৰ অনুসৰি বৃহস্পতিবাৰে ন্যায়াধীশ বিবেক চৌধুৰী আৰু ন্যায়াধীশ বি আৰ সিঙৰ বিভাগীয় বিচাৰপীঠত আদালত অৱমাননাৰ এই গোচৰত শুনানি অনুষ্ঠিত হয় আৰু  আদালতে তাত থকা অধিবক্তাজনক শাস্তি প্ৰদান কৰে। উল্লেখ্য যে অভিযুক্ত অধিবক্তা অশোক পাণ্ডেই ২০২১ চনত সঠিক ধৰণেৰে সাজ-পোছাক পৰিধান নকৰাকৈ আদালত কক্ষত হাজিৰ হৈছিল। আনকি তেওঁ পিন্ধা চাৰ্টটোৰ কেইবাটাও বুটামো খুলি ৰখা হৈছিল।

এই দৃশ্য দেখি বিচাৰ কক্ষত থকা ন্যায়াধীশসকলে লগে লগে অধিবক্তাজনক নিয়ম উলংঘা কৰাৰ বাবে আদালত কক্ষৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়ে। কিন্তু অভিযুক্ত অধিবক্তাজনে পাছত ন্যায়াধীশসকলক ‘গুণ্ডা’ বুলি অভিহিত কৰে। ইয়াৰ পিছতে সমগ্ৰ বিষয়টোৱে নতুন বিতৰ্কৰ ৰূপ লয় আৰু আদালতে তেওঁৰ বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগ দাখিল কৰে। বৃহস্পতিবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰে বিচাৰপীঠে।

এই গোচৰত আদালতৰ বিচাৰপীঠে অধিবক্তাজনক দোষী সাব্যস্ত কৰি ছমাহ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে দুহাজাৰ টকা জৰিমনা আৰোপ কৰে। বিচাৰপীঠে লগতে অধিবক্তাজনক অহা চাৰি সপ্তাহৰ ভিতৰত মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈও নিৰ্দেশ দিয়ে।  তদুপৰি অধিবক্তাজনে যদি বিচাৰপীঠৰ ৰায় অনুসৰি জৰিমনা আদায় নিদিয়ে, তেতিয়া তেওঁক কাৰাদণ্ড অতিৰিক্ত এমাহ বৃদ্ধি কৰা হ’ব বুলিও বিচাৰপীঠে ৰায় দিয়ে।

প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হয় নেকি? হ’ব পাৰে এনে স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ
আপোনাৰ ভোক কমি গৈছে নেকি? ই কি কি ৰোগৰ ইংগিত দিব পাৰে...
আপোনাৰ শোৱা কোঠাটো কেনেকুৱা হ’ব লাগে? বাস্তুত কি কোৱা হৈছে ?
নালাগে জিম যাব! এই ৫ বিধ ঘৰুৱা পানীয়ই কম কৰিব পেটৰ চৰ্বি...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা