কাইলৈৰ পৰা সংসদৰ শীতকালীন অধিৱেশন, কেনেদৰে সাজু হৈছে শাসক-বিৰোধী ?

সর্বদলীয় বৈঠকত সভাপতিত্ব কৰে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে ৷ সংসদৰ সুচাৰুৰূপে কাম-কাজ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিৰোধীৰ আস্থা আৰু সহযোগিতাৰ বাবে চৰকাৰে এই বৈঠক আহ্বান কৰে। অধিৱেশনত আলোচনা হ’বলগীয়া বিধেয়ক আৰু বিষয়সমূহৰ বিষয়ে সকলো দলৰ নেতাক অৱগত কৰে চৰকাৰে।

কাইলৈৰ পৰা সংসদৰ শীতকালীন অধিৱেশন, কেনেদৰে সাজু হৈছে শাসক-বিৰোধী ?
Published: 

30 Nov 2025 | 03:30 PM

১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন। এই অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে দেওবাৰে এখন সৰ্বদলীয় বৈঠক আহ্বান কৰা হয়। শাসক আৰু বিৰোধী দলৰ সকলো ডাঙৰ নেতাই এই বৈঠকত অংশ লয়। বৈঠকৰ সময়ত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে বিৰোধী দলসমূহৰ কথা শুনিব বুলি উল্লেখ কৰে। ইফালে, SIRৰ বিষয়টোৱেও বৈঠকত স্থান লাভ কৰে। গতিকে আগন্তুক দিনত অধিৱেশনৰ সময়ত SIR বিষয়ত তীব্ৰ বিতৰ্কৰ সৃষ্টি হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে উল্লেখ কৰে যে, এয়া ভোট চুৰি নহয়, ডকাইতিহে।

সর্বদলীয় বৈঠকত সভাপতিত্ব কৰে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে ৷ সংসদৰ সুচাৰুৰূপে কাম-কাজ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিৰোধীৰ আস্থা আৰু সহযোগিতাৰ বাবে চৰকাৰে এই বৈঠক আহ্বান কৰে। অধিৱেশনত আলোচনা হ’বলগীয়া বিধেয়ক আৰু বিষয়সমূহৰ বিষয়ে সকলো দলৰ নেতাক অৱগত কৰে চৰকাৰে।

এই বৈঠকত ৰাজ্যসভাৰ সদনৰ নেতা জে পি নাড্ডা, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু, সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ড০ এল মুৰুগান উপস্থিত থাকে। কংগ্ৰেছ নেতা গৌৰৱ গগৈ, ডি এম কে নেতা তিৰুচি শিৱ, টি এম চি নেতা ডেৰেক অ’ব্ৰেইন, সমাজবাদী পাৰ্টীৰ নেতা ৰাম গোপাল যাদৱ, জে ডি (ইউ) নেতা সঞ্জয় ঝা, টি ডি পি নেতা লাভু শ্ৰীকৃষ্ণ দেৱৰায়ালুৰ লগতে কেইবাটাও দলৰ নেতাও উপস্থিত থাকে।

সৰ্বদলীয় বৈঠকৰ পূৰ্বে কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে কয় যে,  তেওঁলোকে সংসদত “ভোট চুৰি”ৰ বিষয়টো উত্থাপন কৰিব। তেওঁ সাংবাদিকৰ আগত কয় যে, যেতিয়া গণতন্ত্ৰক “হত্যা” কৰা হৈছে আৰু কেৱল “ভোট চুৰি” নহয়, “ভোট ডকাইতি” কৰা হৈছে,  এই বিষয়টো গুৰুত্বপূৰ্ণ হ’ব।

এই অধিবেশন ১৯ ডিচেম্বৰলৈকে চলি থাকিব। এই সময়ছোৱাত চৰকাৰে পাৰমাণৱিক শক্তি খণ্ড, উচ্চ শিক্ষাৰ আন্তঃগাঁথনি সংস্কাৰ, আৰু কৰ্পৰেট/ষ্টক বজাৰৰ নিয়মৰ সৈতে জড়িত ১০খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিবলৈ ওলাইছে। ইফালে, বংগ, উত্তৰ প্ৰদেশ, তামিলনাডু, কেৰালাৰ দৰে নিৰ্বাচনমুখী ৰাজ্যত এছ আই আৰ বিষয়টো এটা ডাঙৰ ৰাজনৈতিক বিষয় হৈ পৰিছে। সংসদত এই বিষয়টো উত্থাপন কৰা পৰিকল্পনা কৰিছে বিৰোধীয়ে।

এছ আই আৰৰ উপৰিও দিল্লী বোমা বিস্ফোৰণ, বৃদ্ধি পোৱা প্ৰদূষণ, ভোট চুৰি, বি এল অ’ আত্মহত্যাৰ দৰে স্পৰ্শকাতৰ বিষয়ত চৰকাৰৰ উত্তৰ বিচাৰিবলৈ সাজু হৈছে বিৰোধীয়ে। কংগ্ৰেছ আৰু মিত্ৰশক্তিৰ ওপৰত হেঁচা প্ৰয়োগ কৰি “বন্দে মাতৰম”ক লৈ সদনত বিশেষ বিতৰ্ক হ’ব পাৰে বুলি চৰ্চা চলিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...