সলনি হোৱা নাই চৰিত্ৰ! এইবাৰ পুঞ্চত দেখা গ’ল পাকিস্তানী ড্ৰোন, ভাৰতীয় সেনাই দিলে উচিত প্ৰত্যুত্তৰ

কেৱল পুঞ্চতে নহয়, সাম্বা জিলাৰ ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্ততো সন্দেহজনক ড্ৰোন প্ৰত্যক্ষ হৈছে। ৰামগড় খণ্ডত এই ড্ৰোনৰ চলাচল ধৰা পৰাৰ লগে লগে নিৰাপত্তা বাহিনীৰ মাজত সতৰ্কতা বৃদ্ধি কৰা হৈছে।

সলনি হোৱা নাই চৰিত্ৰ! এইবাৰ পুঞ্চত দেখা গ’ল পাকিস্তানী ড্ৰোন, ভাৰতীয় সেনাই দিলে উচিত প্ৰত্যুত্তৰ

পুঞ্চত দেখা গ’ল পাকিস্তানী ড্ৰোন

Published: 

15 Jan 2026 | 10:25 PM

বাৰে বাৰে বিশ্বৰ সমুখত উন্মোচিত হোৱাৰ পিছতো চৰিত্ৰ সলনি হোৱা নাই পাকিস্তানৰ। ভাৰতৰ বিৰুদ্ধে নিৰন্তৰ ষড়যন্ত্ৰ ৰচনা কৰি অহা পাকিস্তানৰ সকলো চেষ্টা বিফল কৰি আহিছে দেশৰ নিৰাপত্তা বাহিনীয়ে। যোৱা কেইদিনমানৰ পৰা দেশখনে পুনৰ জম্মু-কাশ্মীৰৰ সীমান্তত ড্ৰোনৰ তৎপৰতা বৃদ্ধি কৰিছে। ইয়াৰ মাজতে আজি পুঞ্চ খণ্ডত এটা পাকিস্তানী ড্ৰোন প্ৰত্যক্ষ কৰে ভাৰতীয় সেনাই। ইয়াৰ পিছতে ভাৰতীয় সেনাই ড্ৰোনখনক লক্ষ্য কৰি তীব্ৰ গুলীবৰ্ষণ কৰে।

নিয়ন্ত্ৰণ ৰেখাত ড্ৰোনৰ ওপৰত গুলীবৰ্ষণ

প্ৰতিৰক্ষা বিভাগৰ বিষয়াসকলে জনোৱা মতে, পুঞ্চৰ দিগৱাৰ খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰ (LoC) সমীপত এই পাকিস্তানী ড্ৰোনখন দেখা পোৱা গৈছিল। ভাৰতীয় সেনাই তাৎক্ষণিকভাৱে ৪ ছাউনীতকৈও অধিক গুলী বৰ্ষণ কৰি ড্ৰোনখনক প্ৰত্যাহ্বান জনায়। তথ্য অনুসৰি, এই ড্ৰোনখন পাকিস্তান সেনাবাহিনীৰ ২৪ পিঅ’কে (PoK) ইউনিটে ৩ পিঅ’কে ব্ৰিজৰ পৰা মুকলি কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় সীমান্তত সন্দেহজনক ড্ৰোন

কেৱল পুঞ্চতে নহয়, সাম্বা জিলাৰ ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্ততো সন্দেহজনক ড্ৰোন প্ৰত্যক্ষ হৈছে। ৰামগড় খণ্ডত এই ড্ৰোনৰ চলাচল ধৰা পৰাৰ লগে লগে নিৰাপত্তা বাহিনীৰ মাজত সতৰ্কতা বৃদ্ধি কৰা হৈছে। সীমান্তত পহৰা দি থকা জোৱানসকলক যিকোনো পৰিস্থিতিৰ মুখামুখি হ’বলৈ সষ্টম কৰি ৰখা হৈছে।

তালাচী অভিযানৰ প্ৰস্তুতি

নিশা পোহৰৰ অভাৱৰ বাবে সমগ্ৰ এলেকাত নিৰাপত্তা কটকটীয়া কৰি ৰখা হৈছে যদিও ব্যাপক তালাচী অভিযান কাইলৈ পুৱাৰে পৰা আৰম্ভ কৰা হ’ব। সেনাই ড্ৰোনখনে কোনো সন্দেহজনক সামগ্ৰী পেলাই থৈ গৈছে নেকি বা ইয়াৰ উদ্দেশ্য কি আছিল, সেই সন্দৰ্ভত বিতং তদন্ত চলাব।

ৰাজৌৰীত বিস্ফোৰক উদ্ধাৰ

ইফালে, ৰাজৌৰীৰ মঞ্জাকোট অঞ্চলত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত সেনাই ৩.৫ কিলোগ্ৰাম ওজনৰ এটা শক্তিশালী আইইডি (IED) উদ্ধাৰ কৰিছে। এনে ঘটনাৰাজিৰ মাজতে জম্মু-কাশ্মীৰৰ সাম্প্ৰতিক নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে আজি উপ-ৰাজ্যপাল মনোজ সিনহাক সাক্ষাৎ কৰে।

তেওঁলোকে উপত্যকাটোৰ লগতে জম্মুৰ পাহাৰীয়া অঞ্চলত চলি থকা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে। আজি পুনৰ পুঞ্চত পাকিস্তানী ড্ৰোন প্ৰত্যক্ষ কৰাৰ পিছত ভাৰতে পৰৱৰ্তী সময়ত কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...