মাজ আকাশতে এয়াৰ ইণ্ডিয়াৰ বিমানত খুন্দা চৰাইৰ, কথমপি প্ৰাণ ৰক্ষা এশৰো অধিক যাত্ৰী…

Air India Plane: পুনে বিমানবন্দৰৰ সূত্ৰ অনুসৰি বিমানখনে পুনেত অৱতৰণ কৰি দিল্লীলৈ উভতি যোৱাৰ কথা আছিল। যদিও যাত্ৰীৰ কোনো ক্ষতি হোৱা নাছিল, তথাপি অতীতৰ ঘটনাৰ পৰা শিক্ষা লৈ দিল্লীলৈ উভতি যাৱলগীয়া বিমানখন সাময়িকভাৱে বাতিল কৰা হৈছিল।

মাজ আকাশতে এয়াৰ ইণ্ডিয়াৰ বিমানত খুন্দা চৰাইৰ, কথমপি প্ৰাণ ৰক্ষা এশৰো অধিক যাত্ৰী...

ফাইল ফটো

Updated On: 

21 Jun 2025 16:15 PM

আহমেদাবাদৰ মেঘনীনগৰত এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কেইঘণ্টামান পিছতে ডিজিচিএই কয় যে বিমানখন চৰাইৰ খুন্দা মৰাৰ সম্ভাৱনা আছে। প্ৰশ্ন উত্থাপন হয়, বিমানবন্দৰৰ পৰা উৰা মৰা বিমান এখনে কেনেকৈ চৰাইৰ জাকত খুন্দা মাৰিব পাৰে? কৰ্তৃপক্ষই বিমানবন্দৰৰ আশে-পাশে থকা অঞ্চলটো সঠিকভাৱে নিৰীক্ষণ কৰা নাই নেকি?

এই ঘটনাৰ কেইসপ্তাহমান পিছতে এয়াৰ ইণ্ডিয়াৰ আন এখন বিমানত পুনৰ চৰায়ে খুন্দা মাৰে। অৱশ্যে এইবাৰ টেক অফ বা লেণ্ডিঙৰ সময়ত হোৱা নাছিল এই ঘটনা। জানিব পৰা মতে, সেইদিনা পুৱা ৫:৩০ বজাত পুনে অভিমুখী এ আই ২৪৬৯ বিমানখন দিল্লী বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। পুৱা ৭:১৪ বজাত পুনে আহি পায় বিমানখন। সূত্ৰ অনুসৰি বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে পাইলটসকলে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষক অৱগত কৰে যে এটা চৰাইয়ে আকাশৰ মাজতে বিমানখনত খুন্দা মাৰিছে। কিন্তু বিশেষ ক্ষতি হোৱা নাছিল। ফলত এশৰো অধিক যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিল।

পুনে বিমানবন্দৰৰ সূত্ৰ অনুসৰি বিমানখনে পুনেত অৱতৰণ কৰি দিল্লীলৈ উভতি যোৱাৰ কথা আছিল। যদিও যাত্ৰীৰ কোনো ক্ষতি হোৱা নাছিল, তথাপি অতীতৰ ঘটনাৰ পৰা শিক্ষা লৈ দিল্লীলৈ উভতি যাৱলগীয়া বিমানখন সাময়িকভাৱে বাতিল কৰা হৈছিল। কৰ্তৃপক্ষই জনোৱা মতে, কোনো যান্ত্ৰিক ক্ৰুটি আছে নে নাই পৰীক্ষা কৰিবলৈ এই সিদ্ধান্ত লোৱা হয়।

মন কৰিবলগীয়া যে আহমেদাবাদৰ ঘটনাৰ পিছৰে পৰা কেবাটাও ঘটনা পোহৰলৈ আহিছে। এয়াৰ ইণ্ডিয়া হওক বা ইণ্ডিগো, প্ৰায় সকলোতে চাপ দেখা গৈছে। বৃহস্পতিবাৰে যান্ত্ৰিক ক্ৰুটিৰ বাবে দুখন বিমানে কলকাতা বিমানবন্দৰৰ পৰা উৰা মাৰিব নোৱাৰিলে। সেইদিনা পুৱা ৬:৫৫ বজাত কলকাতাৰ পৰা শিলচৰলৈ ১৫৫ জন যাত্ৰী কঢ়িয়াই অনা এখন বিমানে টেক্সিৱেৰ পৰা ৰাণৱেলৈ যোৱাৰ পথত সমস্যাৰ সন্মুখীন হয়। পাইলটে বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে যোগাযোগ কৰি যান্ত্ৰিক বিসংগতিৰ বিষয়ে অৱগত কৰে। বিমানখন পুনৰ টেক্সি বে ৪৮ৰ পাৰ্কিং লটলৈ প্ৰেৰণ কৰা হয়। যাত্ৰীসকলে প্ৰায় এঘণ্টা অপেক্ষা কৰাৰ পিছত যান্ত্ৰিক বিজুতি দূৰ কৰি বিমানখন শিলচৰলৈ ৰাওনা হয়।

আন এখন বিমান কলকাতাৰ পৰা আগৰতলা অভিমুখে যাত্ৰা কৰাৰ কথা আছিল। এইখন আছিল ইণ্ডিগো বিমান। কিন্তু ৰাণৱেত অৱতৰণ কৰাৰ পিছতে বিমানখন ঘূৰি আহিল। বিমানখনৰ যান্ত্ৰিক সমস্যা থকা বুলি পাইলটে এটিচিক অৱগত কৰে। এটিচিয়ে গ্ৰীণ চিগনেল দিয়াৰ লগে লগে বিমানখন ৰাণৱেৰ পৰা বে’লৈ ঘূৰাই অনা হয়। পিছত বিমানখনে যাত্ৰীসহ আগৰতলা অভিমুখে উৰা মাৰে।

ৰক্তহীনতাৰ মূল কাৰণ কি ? তেজৰ অভাৱ পূৰণৰ বাবে কি কি খাদ্য খাব ? জানক
হ'ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ! কি কি কাৰণত দাঁতৰ আলু ফুলিব পাৰে? জানক
দৈনিক জপ কৰক এই মন্ত্ৰ, নাইকিয়া হৈ যাব জীৱনৰ সকলো সমস্যা!
কোষ্ঠকাঠিন্যত ভুগিছে নেকি? এই উপায় গ্ৰহণ কৰক