প্ৰতিটো দিনেই কষ্টদায়ক…এতিয়াও সুস্থ হোৱা নাই বিমান দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা ৰমেশ
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত ২৪১ জন লোকৰ মৃত্যু হোৱাৰ ছমাহ পাৰ হৈ গ’ল। একমাত্ৰ জীৱিত ৰমেশ কুমাৰ ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিক। তেওঁ গুৰুতৰ পিটিএছডি (PTSD) ৰোগত আক্ৰান্ত। ককায়েকক হেৰুৱাই তেওঁ নিসংগতা আৰু মানসিক অশান্তিত ভুগিছে ৰমেশে।

সুস্থ হোৱা নাই বিমান দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা ৰমেশ
২০২৫ চনৰ ১২ জুনত গুজৰাটৰ আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ ছমাহ পাৰ হৈ গ’ল।দুৰ্ঘটনাত বিমানখনত থকা ২৪১ জন লোকৰ মৃত্যু হয়। জীয়াই থাকিল মাত্ৰ এজন ব্যক্তি, ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিক ৰমেশ বিশ্ব কুমাৰ। অৱশ্যে দুৰ্ঘটনাৰ পৰা এতিয়াও সুস্থ হৈ উঠা নাই ৰমেশ। তেওঁ নিজৰ অস্তিত্বক এক অলৌকিক আৰু শাস্তি দুয়োটা বুলিয়েই বৰ্ণনা কৰিছে। ৰমেশে এই মানসিক যন্ত্ৰণাত ভুগি আছে।
দুৰ্ঘটনাৰ কেইবামাহো পিছত পুনৰ লেষ্টাৰলৈ উভতি আহিছে ৰমেশ। অৱশ্যে তেওঁ এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। তেওঁৰ বৰ্তমানৰ অৱস্থাৰ সন্দৰ্ভত চিকিৎসকে তেওঁক পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ (PTSD) ৰোগত আক্ৰান্ত বুলি ধৰা পেলাইছে। দুৰ্ঘটনাৰ পিছৰে পৰা ৰমেশৰ গতিশীলতাৰ সমস্যাৰ সন্মুখীন হৈছে।
বিবিচিৰ সৈতে হোৱা কথা-বতৰাত ৰমেশে কয় যে, “মই একমাত্ৰ জীৱিত আছিলো। আজিও বিশ্বাস কৰিব পৰা নাই। ই এক অলৌকিক।” ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিক ৰমেশে ক’লে, “মই মোৰ ভাইটিক হেৰুৱালোঁ। মোৰ ভাইটি মোৰ বাবে সকলো আছিল। তেওঁ বিগত কেইবা বছৰ ধৰি সদায় মোক সমৰ্থন কৰি আহিছিল।”
মই প্ৰতিদিনে অকলে জীয়াই আছো – ৰমেশ
ৰমেশে বুজাই দিলে, “দুৰ্ঘটনাটোৰ পিছত মই অকলশৰীয়া। মই মাত্ৰ মোৰ কোঠাত অকলে বহি থাকোঁ। মোৰ পত্নী আৰু ল’ৰাৰ লগত কথা নাপাতো। মই মোৰ ঘৰত অকলে থকাটোৱেই বেছি পছন্দ কৰো। মই আৰু মোৰ সমগ্ৰ পৰিয়ালটো এতিয়াও দুৰ্ঘটনাৰ পৰা সুস্থ হোৱা নাই। মই আন কাৰোবাৰ লগত কথা পতা নাই। মই বেছি কথা ক’ব নোৱাৰো, মই গোটেই ৰাতি চিন্তা কৰিয়েই থাকোঁ, আৰু মই মানসিকভাৱে অশান্তিত ভুগি আছো। গোটেই পৰিয়ালটোৰ বাবে প্ৰতিটো দিনেই কষ্টদায়ক ।”
এয়াৰ ইণ্ডিয়াই আৰ্থিক সাহায্য আগবঢ়ায়
দুৰ্ঘটনাৰ পিছতে এয়াৰ ইণ্ডিয়াই নিহত কেইবাজনো লোকক আৰ্থিক সাহায্য প্ৰদান কৰে। ৰমেশক ২১,৫০০ ব্ৰিটিছ পাউণ্ড (২২ লাখ টকা)ৰ অন্তৱৰ্তীকালীন ক্ষতিপূৰণৰো প্ৰস্তাৱ দিয়া হৈছিল, যিটো তেওঁ মানি লৈছিল। অৱশ্যে তেওঁৰ পৰিয়ালৰ মতে এই পৰিমাণ অতি কম। এয়াৰ ইণ্ডিয়াই উল্লেখ কৰিছে যে এই দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা সকলো পৰিয়ালৰ দায়িত্ব কোম্পানীটোৱে সম্পূৰ্ণৰূপে বুজি পাইছে।
আহমেদাবাদত সংঘটিত হয় এক দুৰ্ঘটনা
১২ জুনত আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে গৈ থকা এয়াৰ ইণ্ডিয়াৰ বিমান এ আই ১৭১ গুজৰাটৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত ২৩০ জন যাত্ৰী আৰু ১২ জন ক্ৰু মেম্বাৰ আছিল। ইয়াৰে বিশ্ব কুমাৰৰ ভাতৃ অজয়কে ধৰি ২৪১জন লোকৰ মৃত্যু হয়। বিমানখনৰ ১১এ ছিটত বহি থকা বিশ্বাসে দুৰ্ঘটনাটোৰ ফলত সৃষ্টি হোৱা এটা ফাঁকৰ মাজেৰে পলায়ন কৰিবলৈ সক্ষম হয়।