মাজ আকাশতে বিজুতি ঘটিল সাংসদ কঢ়িয়াই নিয়া এয়াৰ ইণ্ডিয়াৰ বিমানত, তাৰ পিছত…

কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰা মতে বিমানখনত ৰাডাৰৰ সমস্যা আছিল আৰু সেয়ে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল। অৱতৰণৰ পূৰ্বে প্ৰায় এঘণ্টা ১০ মিনিট বিমানখন বতাহত থকা বুলি তেওঁ লগতে কয়।

মাজ আকাশতে বিজুতি ঘটিল সাংসদ কঢ়িয়াই নিয়া এয়াৰ ইণ্ডিয়াৰ বিমানত, তাৰ পিছত...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

11 Aug 2025 06:43 AM

বিগত কিছুদিনত দেশত বহুকেইটা বিমানৰ সৈতে জড়িত ঘটনাই সংবাদ শিৰোনাম দখল কৰিছে। বিশেষকৈ আহমেদাবাদত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনা এতিয়াও পাহৰিব পৰা নাই দেশবাসীয়ে। দেওবাৰে আন এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে এয়াৰ ইণ্ডিয়াৰ এখন বিমান। কালি নিশা তিৰুৱনন্তপুৰমৰ পৰা দিল্লী অভিমুখে ৰাওনা হোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমান মাজ আকাশতে কাৰিকৰী সমস্যাৰ সন্মুখীন হয়। এনে অৱস্থাত বিমানখনৰ পথ সলনি কৰা হয় আৰু জৱুৰীভাৱে চেন্নাই বিমান বন্দৰত অৱতৰণ কৰা হয়।

ফ্লাইট ট্ৰেকিং ৱেবছাইট Flightradar24 ত উপলব্ধ তথ্য অনুসৰি এয়াৰবাছ এ৩২০ বিমানেৰে পৰিচালিত এয়াৰ ইণ্ডিয়াৰ AI2455 বিমানখন কাৰিকৰী বিজুতিৰ বাবে দুঘণ্টাৰো অধিক সময় আকাশত আছিল। ইফালে বিমান সংস্থাটোৱে এক বিবৃতিত উল্লেখ কৰা মতে, বিমানখনৰ ক্ৰুৱে কাৰিকৰী সমস্যাৰ সন্দেহ হোৱাৰ লগতে বেয়া বতৰৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে চেন্নাইত অৱতৰণ কৰে।

লক্ষণীয়ভাৱে বিমানখনত পাঁচজন সাংসদকে ধৰি বহু যাত্ৰী আৰু ক্ৰু মেম্বাৰ আছিল। বিমানখনত কেৰালাৰ চাৰিজন সাংসদ ক্ৰমে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল, ইউ ডি এফৰ আহ্বায়ক আদূৰ প্ৰকাশ, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কোডিকুন্নিল সুৰেশ আৰু কে ৰাধাকৃষ্ণনৰ লগতে তামিলনাডুৰ সাংসদ ৰবাৰ্ট ব্ৰুচো আছিল।

চেন্নাই বিমান বন্দৰত অৱতৰণৰ পিছত বেণুগোপালে এটা বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে বুলি উল্লেখ কৰে। তেওঁ উল্লেখ কৰা মতে বিমানখনত ৰাডাৰৰ সমস্যা আছিল আৰু সেয়ে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল। অৱতৰণৰ পূৰ্বে প্ৰায় এঘণ্টা ১০ মিনিট বিমানখন বতাহত থকা বুলি কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়।

ইতিমধ্যে এই ঘটনাৰ বিষয়ে অসামৰিক বিমান পৰিবহণৰ সঞ্চালক প্ৰধানক অৱগত কৰা হৈছে বুলি কে চি বেণুগোপালে লগতে কয়। এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে, বিমানখন নিৰাপদে চেন্নাইত অৱতৰণ কৰে। বিমানবন্দৰতে বিমানখনৰ প্ৰয়োজনীয় তদন্ত কৰা হয় বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

যাত্ৰীসকলক গন্তব্যস্থানলৈ লৈ যোৱাৰ বিকল্প ব্যৱস্থা কৰা হয় বুলি উল্লেখ কৰি তেওঁ লগতে এই অসুবিধাৰ বাবে অনুশোচনা প্ৰকাশ কৰে। অৱশ্যে বিমানখনত থকা যাত্ৰীৰ সংখ্যা সন্দৰ্ভত সবিশেষ তথ্য জানিব পৰা হোৱা নাই। Flightradar24 ৰ তথ্য অনুসৰি তিৰুৱনন্তপুৰমৰ পৰা নিশা ৮ বজাৰ পিছত বিমানখনে উৰা মাৰিছিল আৰু নিশা প্ৰায় ১০.৩৫ বজাত চেন্নাইত অৱতৰণ কৰে।

দৰিদ্ৰ হৈ পৰিব আপুনি! আজিয়েই ঘৰৰ পৰা আঁতৰ কৰক এইবোৰ সামগ্ৰী...
ছালৰ সমস্যাৰ আঁৰতো আছে টোপনিৰ সম্পৰ্ক! হয়তো পূৰ্বে জনা নাছিল এনে তথ্য
ইউৰিক এচিড বৃদ্ধি হ’লে খাব নালাগে এইবোৰ খাদ্য, জানক চিকিৎসকৰ পৰা...
পাকঘৰত নিমখ আৰু হালধি একেলগে ৰখাটো শুভ নে অশুভ? বাস্তু শাস্ত্ৰই কি কয় চাওক...