কোনে বন্ধ কৰিছিল আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ইন্ধনৰ চুইচ? ২ পাইলটৰ মাজত হোৱা কথা-বতৰাক লৈ চৰ্চা…

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত এতিয়া পোহৰলৈ আহিছে AAIB ৰ ১৫ পৃষ্ঠাৰ প্ৰতিবেদন। এই প্ৰতিবেদনত প্ৰকাশ পাইছে যে পাইলটসকলৰ মাজত শেষবাৰৰ বাবে কি কথা-বতৰা হৈছিল। পাইলটে আনজন পাইলটক সুধিছিল যে তেওঁ ইন্ধন বন্ধ কৰিলে নেকি? আনজন পাইলটে কৈছিল, মই কৰা নাই। ইন্ধন বন্ধ কৰাটোৱেই এতিয়া বিমান দুৰ্ঘটনাৰ মূল বিন্দু হিচাপে আত্মপ্ৰকাশ কৰিছে।

কোনে বন্ধ কৰিছিল আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ইন্ধনৰ চুইচ? ২ পাইলটৰ মাজত হোৱা কথা-বতৰাক লৈ চৰ্চা...

আহমেদাবাদৰ বিমান দুৰ্ঘটনা

Updated On: 

12 Jul 2025 16:52 PM

আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখন যোৱা ১২ জুনত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই দুৰ্ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ তথা বিশ্ব। এই বিমান দুৰ্ঘটনাত কমেও ২৭০ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাৰ এমাহৰ পাছত এতিয়া পোহৰলৈ আহিছে তদন্তৰ প্ৰতিবেদন। এই প্ৰতিবেদনত বহু গুৰুত্বপূৰ্ণ প্ৰকাশ কৰা হৈছে।

প্ৰতিবেদনত দেখা গৈছে যে টেক অফৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছত ইঞ্জিনৰ ফিউৱেল চুইচ ‘RUN’ৰ পৰা ‘CUTOFF’ লৈ গৈছিল। ১৫ পৃষ্ঠাৰ এই প্ৰতিবেদন শনিবাৰে পুৱাই ৰাজহুৱা কৰিছে বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰো (AAIB) -এ।

দুৰ্ঘটনাৰ পূৰ্বে পাইলটসকলে কি কথা পাতিছিল?

এই প্ৰতিবেদনত প্ৰকাশ পাইছে যে পাইলটসকলৰ মাজত ইন্ধন বন্ধ কৰাৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। এয়াৰ ইণ্ডিয়া ফ্লাইট ১৭১ৰ দুয়োটা ইঞ্জিনত ইন্ধন যোগান ধৰা দুয়োটা চুইচ বন্ধ হৈ পৰিছিল। তাৰ পিছত পাইলটৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল আৰু উৰণৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হৈছিল বিমানখন। ককপিটৰ ভয়েচ ৰেকৰ্ডিঙত এজন পাইলটে আনজনক সুধি থকা শুনা গৈছে যে, আপুনি ইন্ধন কিয় CUT OFF’ কৰিছে? আনজন পাইলটে উত্তৰ দিছে যে, “এয়া মই কৰা নাই”।

ইন্ধন CUT OFF’ হোৱাৰ বাবে বিমানখনে ইন্ধন পোৱা বন্ধ কৰি দিছিল। ই ১২ জুনত বয়িং ড্ৰিমলাইনাৰ ৭৮৭-৮ বিমানত কি হৈছিল তাৰ ৰহস্য সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে, লগতে ই দুৰ্ঘটনাৰ এটা ডাঙৰ কাৰণ হিচাপেও আত্মপ্ৰকাশ কৰিব পাৰে। দুয়োজন পাইলটৰ মাজত হোৱা কথা-বতৰাৰ পিছত প্ৰশ্ন হয় কোনে ফিউৱেল চুইচটো বন্ধ কৰি দিলে?

ইন্ধন পুনৰ চলোৱা হ’ল

ইন্ধন বন্ধ কৰি দিয়াক লৈ বিভ্ৰান্তিৰ পিছত পাইলটসকলে ইন্ধন চুইচটো কাটঅফৰ পৰা পুনৰ আৰম্ভ কৰা বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে। লণ্ডন অভিমুখী বিমানখনৰ দুয়োটা ইঞ্জিনৰ চুইচ কাটঅফৰ পৰা ৰানলৈ সলনি কৰা হৈছিল, ইয়াৰ পৰা বুজা যায় যে পাইলটসকলে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰিছিল, যিটো এনহান্সড এয়াৰবৰ্ণ ফ্লাইট ৰেকৰ্ডাৰ (EAFR)ৰ তথ্যই প্ৰকাশ কৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে যেতিয়া বিমানখন বতাহত আছিল তেতিয়া ইন্ধন নিয়ন্ত্ৰণ চুইচটো কাটঅফৰ পৰা ৰানলৈ লৈ যোৱা হয়। বিমানখন উৰণৰ সময়ত সহ-পাইলটে বিমানখন উৰুৱাই আছিল, আনহাতে কেপ্তেইনে নিৰীক্ষণ কৰি আছিল।

প্ৰতিবেদনত কোৱা হৈছে যে, বিমানখনৰ গতিবেগ প্ৰায় ১৮০ নট IAS আৰু ইয়াৰ কিছু সময়ৰ পিছতে ইঞ্জিন ১ আৰু ইঞ্জিন ২ ৰ ইন্ধন কাটঅফ চুইচ ১ ছেকেণ্ডৰ ভিতৰতে এটাৰ পিছত এটাকৈ RUNৰ পৰা CUTOFF লৈ গৈছিল। প্ৰতিবেদন অনুসৰি এন ১ আৰু এন ২ ইঞ্জিনৰ ইন্ধনৰ যোগান বন্ধ হৈ পৰাৰ ফলত ইয়াৰ কাৰ্যক্ষমতা হ্ৰাস পাবলৈ ধৰে।

পাইলটে জাৰি কৰিলে সতৰ্কবাণী

দুপৰীয়া ১:৩৮ বজাত উৰা মাৰিছিল বিমানখনে। তাৰ পিছত ১:৩৯ বজাত পাইলটে MAYDAY MAYDAY MAYDAY বুলি সতৰ্কবাণী জাৰি কৰে। প্ৰতিবেদনত কোৱা হৈছে যে, এটকো (এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰে) কল চাইনটোৰ বিষয়ে সোধা-পোছা কৰে। কিন্তু এটকোৱে কোনো উত্তৰ নাপালে যদিও তেওঁ বিমানবন্দৰৰ সীমাৰ বাহিৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা দেখি জৰুৰীকালীন সঁহাৰি সক্ৰিয় কৰে।

বিমান দুৰ্ঘটনাগ্ৰস্ত

বি জে মেডিকেল কলেজৰ হোষ্টেলত দুৰ্ঘটনাগ্ৰস্ত হৈছিল বিমানখন। এই ভয়ংকৰ দুৰ্ঘটনাত কেৱল বিমানখনত থকা যাত্ৰীসকলৰেই মৃত্যু হোৱাই নহয়, হোষ্টেলত উপস্থিত থকা বহু ছাত্ৰ-ছাত্ৰীয়েও এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে। বিমানখনত উপস্থিত থকা ২৪২ জন লোকৰ ভিতৰত ২৪১ জন লোকৰ মৃত্যু হয়। একে সময়তে এই দুৰ্ঘটনাত হোষ্টেলত উপস্থিত থকা ৩০ জন ছাত্ৰ-ছাত্ৰীৰো মৃত্যু হয়।

পাইলট দুজন কোন আছিল?

এই বিমানখনৰ পাইলট আছিল ৮২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা থকা লাইন ট্ৰেইনিং কেপ্তেইন কেপ্তেইন সুমিত সভাৰৱালে। তেওঁৰ লগত আছিল ১১০০ ঘণ্টাৰ বিমান চলোৱাৰ অভিজ্ঞতা থকা ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুণ্ডৰ। দুয়োজন পাইলটকে মেডিকেল ক্লিয়াৰ কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে বিমানবন্দৰৰ পৰা চিচিটিভি ফুটেজত দেখা পোৱাৰ দৰে উৰণৰ পিছতে ৰেম এয়াৰ টাৰ্বাইন (আৰএটি) সাজু কৰা হৈছিল। ইঞ্জিনৰ দ্বৈত বিকলতা বা সম্পূৰ্ণ ইলেক্ট্ৰনিক বা হাইড্ৰলিক বিকল হ’লে RAT নিয়োগ কৰা হয়।

১৯৮০ চনৰ আৰম্ভণিতে ডেল্টা এয়াৰ লাইনছ ইনকৰ্পৰেশ্যনৰ এজন পাইলটে ভুলবশতঃ তেওঁ উৰুৱাই থকা বয়িং ৭৬৭ বিমানখনৰ ইঞ্জিনৰ ইন্ধন বন্ধ কৰি দিছিল। কিন্তু সেই ক্ষেত্ৰত তেওঁ বিমানখন আকাশত ওখ হৈ থকাৰ বাবে পুনৰ আৰম্ভ কৰিবলৈ সক্ষম হৈছিল, যাৰ ফলত বিমানখন দুৰ্ঘটনা ৰোধ কৰা হৈছিল।

জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক
শাওন মাহত ভুলতো নকৰিব এইসমূহ কাম, মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ’ব আপুনি!