বিয়া হ’ল, হানিমুন গ’ল, পিছে স্বামীহে পচন্দ নহ’ল! বিয়াৰ ২ মাহ পাছত যুৱতীৰ কাণ্ড…

পৰিয়ালৰ সকলো ভাল। মই কেৱল মোৰ স্বামীক ভাল নাপালো। মই মোৰ প্ৰেমিকক ভাল পাওঁ। বিয়াৰ আগৰ পৰাই আমাৰ সম্পৰ্ক আছিল

বিয়া হল, হানিমুন গল, পিছে স্বামীহে পচন্দ নহল! বিয়াৰ ২ মাহ পাছত যুৱতীৰ কাণ্ড...

প্ৰতীকি ফটো

Published: 

18 Jul 2024 12:57 PM

বিয়াৰ দুমাহ পাছতেই মাকৰ ঘৰলৈ আহি এগৰাকী মহিলাই কয় যে, মই মোৰ প্ৰেমিকৰ লগত থাকিব বিচাৰো। এতিয়া আৰু মই স্বামী গৃহলৈ ঘূৰি নাযাওঁ। এই কথা শুনিয়েই মহিলাগৰাকীৰ পৰিয়ালৰলোক আচৰিত হৈ পৰে। যেতিয়া পৰিয়ালৰলোকে কাৰণ সোধে, মহিলাগৰাকীয়ে কয় যে তেওঁৰ স্বামীজন পচন্দ নহ’ল। যাৰ বাবে গুচি আহিছে। পৰিয়ালৰলোকে মহিলাগৰাকীক বুজাবলৈ চেষ্টা কৰে যদিও কোনো লাভ নহ’ল।

পাছত এই বিষয়টো আৰক্ষীৰ ওচৰ পায়গৈ। তাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰে যে কইনা পক্ষই শহুৰেকৰ পক্ষৰ সকলো বস্তু ঘূৰাই দিব লগতে বিয়াত যিমান খৰচ হৈছে সকলো পৰিশোধ কৰিব।এই সিদ্ধান্তৰ পাছতে কইনাগৰাকী প্ৰেমিকৰ ঘৰলৈ গুচি যায়।

এই ঘটনা উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাৰ গৰুড় তহচিলৰ। ঘটনাৰ বিৱৰণী অনুসৰি পিংগোল গাঁৱৰ এগৰাকী যুৱতীয়ে দুমাহ পূৰ্বে গৰুড় তেহচিলৰ এজন যুৱকৰ সৈতে বিবাহ- পাশত আৱদ্ধ হয়। বিয়াৰ পাছত তেওঁলোক হানিমুনলৈও যায়। দুমাহ সকলো ঠিকে আছিল। দৰা- কইনা, শহুৰ- শাহু সকলো সুখী আছিল যদিও হঠাতে সমস্যাই দেখা দিয়ে। এদিন হঠাতে ন- কইনাই কয় যে তেওঁ মাতৃ গৃহলৈ যাব বিচাৰিছে। শহুৰেক, শাহুৱেকেও তেওঁক যাবলৈ দিয়ে।

মাকৰ ঘৰত কেইবাদিনো থাকে মহিলাগৰাকী, কিন্তু স্বামী গৃহলৈ উভতি যোৱাৰ নাম নলয়।যেতিয়া পিতৃ- মাতৃয়ে সোধে স্বামী গৃহলৈ কেতিয়া যাব বুলি ,তেতিয়া তেওঁ উত্তৰ দিয়ে যে- মই স্বামী গৃহলৈ নাযাওঁ। তেওঁক ভাল নালাগে । মোৰ প্ৰেমিক আছে । তাৰ লগতে থাকিম মই। প্ৰথম অৱস্থাত পৰিয়ালৰলোকে এয়া ধেমালি বুলি ভাবিছিল যদিও এয়া ধেমালি নাছিল।

পৰিয়ালৰলোকে বহু কাকূতি- মিনতি কৰি মহিলাগৰাকীক স্বামী গৃহলৈ যাব দি তাত কিবা অসুবিধা পাইছে নেকি সুধিছিল। তেতিয়া মহিলাগৰাকীয়ে উত্তৰ দিছিল- পৰিয়ালৰ সকলো ভাল। মই কেৱল মোৰ স্বামীক ভাল নাপালো। মই মোৰ প্ৰেমিকক ভাল পাওঁ। বিয়াৰ আগৰ পৰাই আমাৰ সম্পৰ্ক আছিল। মই জানিছিলো আপোনালোকে এই সম্পৰ্ক মানি নলয়। সেয়ে মই বেলেগৰ সৈতে বিয়া হলো যদিও তেওঁৰ লগত মোৰ প্ৰেম নহ’ল। সেয়ে মই মোৰ প্ৰেমিকৰ সৈতে থাকিম।

ইয়াৰ পাছতেই মহিলাগৰাকী প্ৰেমিকৰ ওচৰলৈ গুচি যায়। এই কথা গম পাই মহিলাগৰাকীৰ স্বামী পৰিয়ালে। দুয়োটা পৰিয়ালে সহায় বিচাৰি কাষ চাপে আৰক্ষীৰ। বুজাবুজিৰ মাজেৰে এই ঘটনাৰ সমাধান উলিয়াই আৰু কোনোৱে গোচৰ ৰুজু নকৰে। বুজাবুজি অনুসৰি মহিলাগৰাকীৰ পৰিয়ালে দৰা পক্ষৰলোকক বিয়াৰ খৰচ আৰু সকলো সোণ- ৰূপ ঘূৰাই দিব। জানিব পৰা মতে শীঘ্ৰেই নতুনকৈ প্ৰেমিকৰ সৈতে বিবাহ- পাশত আৱদ্ধ হ’ব মহিলাগৰাকী।

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey