শোকাৱহ ঘটনা! পাহাৰত নিৰ্মিত ৰ’পৱে ভাঙি ৬ জনৰ মৃত্যু, আহত বহু…

পাহাৰত নিৰ্মিত এটা ৰ’পৱে ভাঙি পৰাৰ ফলত এই পৰ্যন্ত ৬ জন লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। এই দুৰ্ঘটনাত বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় প্ৰশাসনিক বিষয়াসকলে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

শোকাৱহ ঘটনা! পাহাৰত নিৰ্মিত ৰ’পৱে ভাঙি ৬ জনৰ মৃত্যু, আহত বহু...

গুজৰাটত পাহাৰত নিৰ্মিত ৰ’পৱে ভাঙি ৬ জনৰ মৃত্যু

Updated On: 

06 Sep 2025 | 08:58 PM

গুজৰাটৰ পঞ্চমহল জিলাৰ সংঘটিত হৈছে এক শোকাৱহ ঘটনা।  পাহাৰত নিৰ্মিত এটা ৰ’পৱে ভাঙি পৰাৰ ফলত এই পৰ্যন্ত ৬ জন লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। এই দুৰ্ঘটনাত বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় প্ৰশাসনিক বিষয়াসকলে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহতসকলক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান সময়ত দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল তাৰ তদন্ত চলি আছে?

তথ্য অনুসৰি এই ৰ’পৱেটো পঞ্চমহল জিলাৰ পাৱাগঢ় পাহাৰত নিৰ্মাণ কৰা হৈছিল। পাহাৰত নিৰ্মাণৰ কাম চলি আছে। এই ৰ’পৱে’ৰ জৰিয়তে নিৰ্মাণ সামগ্ৰী পাহাৰৰ ওপৰলৈ নিয়া হৈছিল। ৰ’পৱে লিফ্টত বহুত গধুৰ সামগ্ৰী তুলি পাহাৰৰ ওপৰলৈ নিবলৈ চেষ্টা কৰি থাকোঁতে ভাঙি যায় ৰ’পৱেটো। এই দুৰ্ঘটনাত ২ জন অপাৰেটৰকে ধৰি মুঠ ৬ জন লোকৰ মৃত্যু হয়।

কি ক’লে মন্ত্ৰী ঋষিকেশ পেটেলে

এই দুৰ্ঘটনা সন্দৰ্ভত গুজৰাটৰ মন্ত্ৰী ঋষিকেশ পেটেলে কয় যে, পাৱাগঢ় পাহাৰত দুটা ৰ’পৱে আছে, ইয়াৰে এটা যাত্ৰী কঢ়িয়াই নিয়াৰ বাবে আৰু আনটো সামগ্ৰী ডেলিভাৰীৰ বাবে। প্ৰাথমিক তথ্য অনুসৰি সামগ্ৰী কঢ়িয়াই অনা ৰ’পৱেটো ভাঙি গৈছে। ১ নং টাৱাৰৰ ওচৰত ৬ জন শ্ৰমিক আৰু সামগ্ৰী কঢ়িয়াই অনা লিফ্টখনৰ তাঁৰ ছিঙি যায়। তাৰ পিছত গোটেই বগীখন তললৈ পৰি যায়। লিফ্টত থকা ৬ জন শ্ৰমিকৰ মৃত্যু হৈছে। তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে ,পাৱাগঢ় দেশৰ অন্যতম প্ৰধান শক্তিপীঠ মন্দিৰ। হাজাৰ হাজাৰ ভক্তই তালৈ গৈ মাৰ দৰ্শন কৰে। মালবাহী ৰ’পৱেটো ভাঙি যোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও দুৰ্ঘটনাত দুজন লিফ্টমেন, দুজন শ্ৰমিক আৰু আন দুজন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাটোৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে। তদন্তৰ অন্তত দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...