শত্ৰুৰ আক্ৰমণ হ’ব ব্যৰ্থঃ দেশত নিৰ্মাণ হ’ব অপাৰেচন সেন্দূৰত শক্তি দিয়া S-400ৰ দৰেই প্ৰতিৰক্ষা ব্যৱস্থা

ভাৰতৰ অপাৰেচন সেন্দূৰৰ পিছত পাকিস্তানে ক্ষেপণাস্ত্ৰ, ড্ৰ’ন, আনকি যুদ্ধ বিমানেৰে চলোৱা আক্ৰমণক মাজ আকাশতে বাধা দিয়ে ৰাছিয়াত নিৰ্মিত S-400 প্ৰতিৰক্ষা ব্যৱস্থাই। ৰুছ নিৰ্মিত এই প্ৰতিৰক্ষা ব্যৱস্থাৰ পিছত এতিয়া ভাৰতত সম্পূৰ্ণ থলুৱা ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।

শত্ৰুৰ আক্ৰমণ হ’ব ব্যৰ্থঃ দেশত নিৰ্মাণ হ’ব অপাৰেচন সেন্দূৰত শক্তি দিয়া S-400ৰ দৰেই প্ৰতিৰক্ষা ব্যৱস্থা

দেশত নিৰ্মাণ হ’ব শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা

Published: 

23 May 2025 | 04:11 PM

পাকিস্তানৰ সৈতে ভাৰতৰ শেহতীয়া সংঘৰ্ষই স্পষ্ট ৰূপত প্ৰমাণ কৰিলে আধুনিক আৰু উন্নত ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তা। ভাৰতৰ অপাৰেচন সেন্দূৰৰ পিছত পাকিস্তানে ক্ষেপণাস্ত্ৰ, ড্ৰ’ন, আনকি যুদ্ধ বিমানেৰে চলোৱা আক্ৰমণক মাজ আকাশতে বাধা দিয়ে ৰাছিয়াত নিৰ্মিত S-400 প্ৰতিৰক্ষা ব্যৱস্থাই। ৰুছ নিৰ্মিত এই প্ৰতিৰক্ষা ব্যৱস্থাৰ পিছত এতিয়া ভাৰতত সম্পূৰ্ণ থলুৱা ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ নেতৃত্বত গঢ়ি তুলিব S-400ৰ দৰেই শক্তিশালী আৰু কাৰ্যক্ষম এই প্ৰতিৰক্ষা ব্যৱস্থা।

অপাৰেচন সেন্দূৰৰ পিছত কেন্দ্ৰই প্ৰতিৰক্ষা খণ্ডৰ বাবে প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সঁজুলি ক্ৰয় কৰিবলৈ জৰুৰীকালীন অনুমতি প্ৰদান কৰিছে। পাকিস্তানৰ সৈতে শেহতীয়া সংঘৰ্ষৰ পিছত এতিয়া এই দেশখনৰ লগতে চুবুৰীয়া চীন, আনকি বাংলাদেশৰ পৰাও অবিৰত আক্ৰমণৰ ভাবুকি প্ৰায় প্ৰতিদিনে বৃদ্ধি পাইছে। এনে পৰিস্থিতিত দেশৰ নিৰাপত্তা ব্যৱস্থা অক্ষত ৰাখিবলৈ অত্যাধুনিক সামৰিক সঁজুলিৰ প্ৰয়োজন।

পিছে এতিয়া কেৱল বিদেশৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ দিনৰ অন্ত পৰিল। সামৰিক অস্ত্ৰ উৎপাদনত ভাৰত এতিয়া আত্মনিৰ্ভৰশীল হৈ পৰিছে। আকাশ ক্ষেপণাস্ত্ৰই ইতিমধ্যে এই কথা প্ৰমাণ কৰিছে। সফলতাৰ সেই পথত এতিয়া আৰম্ভ হৈছে ‘প্ৰজেক্ট কুশ’। এই প্ৰকল্পৰ জৰিয়তে থলুৱাভাৱে দীৰ্ঘ দূৰত্বৰ surface-to-air missile (SAM) ক্ষেপণাস্ত্ৰ ব্যৱস্থা প্ৰস্তুত কৰা হৈছে।

১২-১৮ মাহৰ ভিতৰত প্ৰথমটো প্ৰ’ট’টাইপ মিছাইল সাজু হ’ব বুলি আশাবাদী ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডে। তাৰ পিছত এবছৰৰ পৰা তিনি বছৰৰ ভিতৰত ক্ষেপণাস্ত্ৰ ব্যৱস্থাটো পৰীক্ষা কৰিব সেনাই। প্ৰজেক্ট কুশত DRDO- ই অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰিছে। এই ঘৰুৱা ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাই যিকোনো ৰেঞ্জৰ পৰা ক্ষেপণাস্ত্ৰ, ড্ৰোন, আনকি যুদ্ধ বিমানেও কোনো ছিদ্ৰ ভেদ কৰি ভাৰতৰ আকাশত প্ৰৱেশ কৰিব নোৱাৰে, সেয়া নিশ্চিত কৰিব।

ইয়াৰ বাবে ৰাডাৰ ব্যৱস্থা আৰু মিছাইল প্ৰযুক্তি বিশ্বমানৰ কৰি তোলা হ’ব বুলি DRDO- ই আশ্বাস দিয়ে। থলুৱা অস্ত্ৰ-শস্ত্ৰৰ ওপৰত ভাৰত নিৰ্ভৰশীল হোৱাৰ আন এক গুৰুত্বপূৰ্ণ কাৰণ হৈছে খৰচ। DRDO আৰু ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডে ৰাছিয়াৰ পৰা ক্ৰয় কৰাতকৈ বহু কম খৰচত থলুৱা প্ৰজুক্তিৰে S-400 সমপৰ্যায়ৰে প্ৰতিৰক্ষা ব্যৱস্থা নিৰ্মাণ কৰিব। এই প্ৰকল্পৰ বাবে এতিয়ালৈকে ব্যয় হৈছে ৪০ হাজাৰ কোটি টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...