Maha Kumbh 2025: ইটোৰ পিছত সিটো প্ৰশ্ন; ধৈৰ্যৰ বান্ধ ছিঙাত চিমটা দাঙি ইউটিউবাৰক প্ৰহাৰ এজন সাধুৰ

প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাক সমাবেশ ঘটিছে দেশ-বিদেশৰ ভিন্ন প্ৰান্তৰ সাধু-সন্তসকলৰ । বিভন্নজনে সাধুসকলৰ পৰা আশীৰ্বাদ বিচাৰি তেওঁলোকৰ কাষ চাপিছে । কিন্তু তাৰ মাজতে এজন ইউটিউবাৰৰ কোবাবলৈ উদ্যত হ'ল এজন সাধু ।

Maha Kumbh 2025: ইটোৰ পিছত সিটো প্ৰশ্ন; ধৈৰ্যৰ বান্ধ ছিঙাত চিমটা দাঙি ইউটিউবাৰক প্ৰহাৰ এজন সাধুৰ

মহাকুম্ভ মেলাত ইউটিউবাৰক প্ৰহাৰ সাধুৰ

Published: 

15 Jan 2025 18:42 PM

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা । এই কুম্ভমেলাত গৈ বিভিন্নজনে স্নান কৰিছে, বিভিন্নজনে সাধুসকলৰ পৰা আশীৰ্বাদ লৈছে । দেশৰ ভিন্ন ঠাইৰ পৰা সাংবাদিকৰ লগতে ইউটিউবাৰো গৈছে কুম্ভমেলা ৰাইজক দেখুৱাবলৈ । পিছে কুম্ভমেলাত গৈ এজন ইউটিউবাৰে খালে পিটন । কিন্তু কিয় পিটন খালে এই ইউটিউবাৰজনে ? তেওঁনো কোন ? সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

কুম্ভমেলালৈ অহা সাধু-সন্তসকলক বিভিন্নজন সাংবাদিক আৰু ইউটিউবাৰে কৰিছে বিভিন্ন প্ৰশ্ন । কিয় সন্যাসীৰ জীৱন ল’লে, কেনেকৈ চলে এজন সন্যাসী বা সাধুৰ জীৱন ইত্যাদি অনেক প্ৰশ্ন । বিদেশৰ পৰা অহা সন্তসকলকো বিভিন্নজনে বিভিন্ন ধৰণে প্ৰশ্ন কৰি জানিবলৈ বিচাৰিছে তেওঁলোকৰ বিষয়ে । তাৰ মাজতেই এজন সাধুৰ পৰা মাৰ খালে এজন ইউটিউবাৰে ।

সাধুবাবাৰ চিমটাৰ কোব খাই সেই ঠাইৰ পৰা পলাই পত্ৰং দিলে ইউটিউবাৰজন । এটাৰ পিচত আন এটা প্ৰশ্ন কৰি থকা ইউটিবাৰজনৰ প্ৰতি এটা সময়ত বিৰক্ত হৈ পৰিছিল সাধুবাবাজন । সেয়ে হাতত থকা চিমটাডালেৰে কোবাবলৈ ধৰে ইউটিউবাৰজনক ।

বাৰ বছৰৰ পাচত এইবাৰ যিহেতু মহাকুম্ভৰ আয়োজন কৰা হৈছে, গতিকে নিৰাপত্তাৰ দিশটো যথেষ্ট কটকটীয়া কৰি তোলা হৈছে। এ আইৰ দ্বাৰা পৰিচালিত চিচি কেমেৰা, ড্ৰোণ, ডিজিটেল কেমেৰা সকলোবোৰ সংস্থাপন কৰা হৈছে ঠায়ে ঠায়ে । কুম্ভমেলাত যেন পৰিছে ডিজিটেল প্ৰক্ৰিয়াৰ ছাঁয়া । এই কুম্ভমেলা চাবলৈয়ে দেশৰ ভিন্ন ঠাইৰ পৰা সাধাৰণ ভক্তৰ লগতে ইউটিউবাৰ, ছচিয়েল মিডিয়া ইনফ্লুৱেনচাৰসকলো আহিছে । আজিৰ পৰা প্ৰায় ১০০ বছৰ আগতে কুম্ভমেলাই এনে ৰূপ পাব বুলি হয়তো কোনেও কল্পনাই কৰিব পৰা নাছিল । ১০০ বছৰ দূৰৰে কথা প্ৰায় ১০ বছৰ আগতেও কিজানি কোনেও ভবা নাছিল কুম্ভমেলা আজিৰ পৰ্যায় পাবহি বুলি ।

মহাকুম্ভ উপলক্ষে ত্ৰিবেণী সংগম ইতিমধ্যে সাধু-সন্যাসী, অঘৰী আদিৰে ভৰি পৰিছে । তেওঁলোকৰ বেশ-ভূষা, জীৱন প্ৰণালী আদি দেখি সাধাৰণ মানুহৰ চকু কপালত উঠাটো স্বাভাৱিক । সেয়ে, তেওঁলোকৰ বিষয়ে জানিবলৈ সকলো যেন উবুৰি খাই পৰিছে শিবিৰবোৰত । সাধুসকলৰ জীৱন সন্দৰ্ভত তথ্য সংগ্ৰহৰ আশাৰে সকলো ঢাপলি মেলিছে ।

এনেকৈ সাধুৰ জীৱনৰ বিষয়ে জানিবলৈকে তেওঁলোকৰ কাষ চাপিছিল এজন ইউটিউবাৰ । কিন্তু প্ৰশ্ন সুধিবলৈ গৈ বিপদতহে পৰিল তেওঁ । এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে এজন সাধুক ইটোৰ পিচত সিটো প্ৰশ্ন কৰিছে এজন ইউটিউবাৰে । কিন্তু অলপ সময়ৰ পাচত প্ৰশ্নত বিৰক্ত হৈ পৰে সাধুবাবাজন । তাৰ পাছতেই তেওঁ ইউটিউবাৰজনক মাৰ সোধাই সাধুজনে । সাধুবাবাৰ চিমটাৰ কোব খাই কোনোমতে সেই স্থানৰ পৰা আঁতৰি প্ৰাণ বচাবলৈ সক্ষম হয় ইউটিউবাৰজন । (এই ভাইৰেল ভিডিঅ’ৰ সত্যাসত্য টিভি৯ অসমে নিৰূপণ কৰা নাই ।)

ভিডিঅ’টোত শুনা মতে, ইউটিউবাৰজনে সাধুবাবাক কৰিছিল এক অদ্ভুত প্ৰশ্ন । তেওঁ বাবাজনক সুধিছিল, “আপুনি কোনজন ভগৱানক আৰাধনা কৰে ?” এই প্ৰশ্ন শুনি খঙত অগ্নিশৰ্মা হৈ পৰে সাধুবাবাজন । তাৰ পাচতেই তেওঁ হাতত থকা চিমটাৰে প্ৰহাৰ কৰে ইউটিউবাৰজনক ।

গিলৰ সমানেই ইংলেণ্ডত গৰজি উঠিল বৈভৱৰ বেট, গঢ়িলে এই বিশ্ব ৰেকৰ্ড
কঁঠালৰ গুটি খোৱা আৰম্ভ কৰক, পাব এইসমূহ আচৰিত উপকাৰিতা...
অত্যধিক মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে চকুৰ এই ৰোগ, লক্ষণবোৰ জানক...
ভ্ৰমণৰ ফলত কি কি লাভ হয়? জানি আচৰিত হ'ব আপুনি