দিল্লীৰ কেবাখনো বিদ্যালয়লৈ বোমাৰ ভাবুলি প্ৰেৰণৰ আঁৰত আছিল দ্বাদশ শ্ৰেণীৰ এজন ছাত্ৰ; জালত পৰিল আৰক্ষীৰ

দিল্লীৰ কেবাখনো স্কুলক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি কোনো সন্ত্ৰাসবাদী সংগঠনে নহয়, এজন ছাত্ৰইহে দিছিল । চাওক সবিশেষ-

দিল্লীৰ কেবাখনো বিদ্যালয়লৈ বোমাৰ ভাবুলি প্ৰেৰণৰ আঁৰত আছিল দ্বাদশ শ্ৰেণীৰ এজন ছাত্ৰ; জালত পৰিল আৰক্ষীৰ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

10 Jan 2025 15:05 PM

শেহতীয়াকৈ দিল্লীৰ বহু বিদ্যালয়লৈ বোমাৰ ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰা হৈছে । এই গোচৰত দিল্লী আৰক্ষীয়ে ব্যক্তিগত বিদ্যালয়ৰ এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে । এই ভাবুকি প্ৰদানৰ ঘটনাত তেওঁ জড়িত আছিল বুলি অভিযোগ উঠিছে । তদন্তত প্ৰকাশ পাইছে যে তেওঁ কেইবামাহো ধৰি বিদ্যালয়লৈ ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰা এটা গোটৰ অংশ আছিল ।

আৰক্ষী সূত্ৰই জনোৱা মতে, ছাত্ৰজনক জেৰা চলোৱাৰ সময়ত গুৰুত্বপূৰ্ণ প্ৰমাণ পোৱা গৈছে । ছাত্ৰজনে প্ৰকাশ কৰিছে যে তেওঁ আৰু তেওঁৰ বন্ধুসকলে আন বিদ্যালয়সমূহলৈও একেধৰণৰ ভাবুকি প্ৰেৰণ কৰি আহিছে । অৱশ্যে এই প্ৰমাণসমূহ পৰীক্ষা কৰিবলৈ আৰক্ষীয়ে ফৰেনছিক বিশেষজ্ঞৰ সহায় লৈছে, যাতে আইনী ব্যৱস্থা গ্ৰহণৰ পূৰ্বে পৰীক্ষণ কৰিব পৰা যায় ।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, সকলো ভাবুকি ইমেইলৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে । কাৰিকৰী চোৰাংচোৱাগিৰিৰ জৰিয়তে আৰক্ষীয়ে ছাত্ৰজনৰ স্থিতি অনুসন্ধান কৰি গ্ৰেপ্তাৰ কৰে । তদন্তত এই কথাও পোহৰলৈ আহিছে যে অভিযুক্ত ছাত্ৰজন আৰু তেওঁৰ বন্ধুসকল কাৰিকৰীভাৱে দক্ষ আৰু ভিপিএন ব্যৱহাৰ কৰি ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰিছিল । আনহাতে আন ছাত্ৰ-ছাত্ৰীৰ ভূমিকা সম্পৰ্কেও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

“দিল্লীৰ বিভিন্ন বিদ্যালয়ে লাভ কৰা শেষৰ ২৩ টা ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰিছিল এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰই । জেৰাৰ সময়ত তেওঁ স্বীকাৰ কৰে যে তেওঁ ইয়াৰ পূৰ্বেও ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰিছিল ।” অংকিত চৌহান, ডিচিপি দক্ষিণ দিল্লী ।

উল্লেখ্য যে এই সমগ্ৰ বিষয়টোৰ ওপৰত দক্ষিণ দিল্লী জিলাৰ ডিচিপি অংকিত চৌহানে শুকুৰবাৰে দিনৰ ১২:০০ বজাত দিল্লী আৰক্ষী মুখ্য কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰাৰ কথা আছিল । কিন্তু, কোনো কাৰণত এই সংবাদমেল বাতিল কৰা হৈছে ।

দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলৰ মতে, বোমাৰ ভাবুকিৰ খবৰ দিয়া বিদ্যালয়সমূহৰ ভিতৰত আছে টেগৰ ইণ্টাৰনেশ্যনেল স্কুল, ব্লুবেলছ স্কুল ইণ্টাৰনেশ্যনেল, মাদাৰ্ছ ইণ্টাৰনেশ্যনেল স্কুল, মডাৰ্ণ স্কুল, স্প্ৰিংডেলছ স্কুল, জি ডি গোয়েংকা পাব্লিক স্কুল, ছেইণ্ট কলম্বাছ স্কুল আৰু দিল্লী পাব্লিক স্কুল ৷

মুখৰ ভিতৰত ঘাঁ কিয় হয়? প্ৰতিৰোধৰ উপায় জানক...
ৰাতিপুৱা খালী পেটত মধুৰিৰ পাত খালে কি কি ৰোগৰ পৰা উপশম পাব?
দীপাৱলীত গৰ্ভৱতী মহিলাই কি কি বস্তু পৰিহাৰ কৰিব লাগে?
১৪৮ বছৰীয়া ক্ৰিকেট ইতিহাসত পূৰ্বে হোৱা নাই এনে, এতিয়া কোহলীৰ হাতত ‘কৰি দেখুওৱাৰ’ সুযোগ