বাগৰি পৰিল আম ভৰ্তি ট্ৰাক! থিতাতে নিহত ৯ গৰাকীকৈ শ্ৰমিক…
এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৯ জন শ্ৰমিকে লগতে আহত হয় কেইবাজনো। জানিব পৰা মতে, এই আটাইকেইজনে কাম সমাপ্ত কৰি ঘৰলৈ উভতিছিল।

পথ দুৰ্ঘটনা (প্ৰতীকি ফটো)
এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৯ জনকৈ শ্ৰমিকে লগতে আহত হয় কেইবাজনো। খবৰ অনুসৰি, এখন আম ভৰ্তি ট্ৰাকে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। যাৰ ফলত থিতাতে ৯ গৰাকীকৈ শ্ৰমিক নিহত হয় আৰু আহত হয় কেইবাজনো। মৃত্যু হোৱা আটাইকেইজন শ্ৰমিকে কাম সমাপ্ত কৰি ট্ৰাকেৰে ঘৰলৈ উভতি আহি আছিল। তেনে সময়তে দুৰ্ঘটনাতপতিত হয় বাহনখন। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ অন্নমায়া জিলাত।
তথ্য অনুসৰি, এই আম ভৰ্তি ট্ৰাক এখনে হঠাতে ভাৰসাম্য হেৰুৱাই পুল্লামপেটা মণ্ডলৰ অন্তৰ্গত ৰেড্ডিচেৰুভুকাটাৰ ওচৰত বাগৰি পৰে। ৰাজমপেট মণ্ডলৰ ইছুকাপল্লীৰ পৰা আম ভৰাই ৰাইলিকোদুৰু অভিমুখে গৈ আছিল ট্ৰাকখন। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ট্ৰাকখনত প্ৰায় ২২ জন শ্ৰমিক আছিল। ইয়াৰে ৯ জনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে বাকীসকল আহত হয়। ততাতৈয়াকৈ আহতসকলক ৰাজাম্পেটৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত একাংশৰ অৱস্থা সংকটজনক হৈ আছে। দেওবাৰে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।
নিহত শ্ৰমিক আটাইকেইজন ৰেলৱেকোডুৰু অঞ্চলৰ চেট্টিগুন্টা গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। এই শ্ৰমিককেইজনে আম চিঙি ট্ৰাকত ভৰাই ঘৰলৈ উভতি আহি আছিল। কিন্তু নিষ্ঠুৰ নিয়তি! আধা বাটতে ট্ৰাকখন দুৰ্ঘটনাতপতিত হয়। ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় প্ৰশাসন, আৰক্ষী উপস্থিত হৈ মৃতদেহসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লগতে আহতসকলক হাস্পাতালত ভৰ্তি কৰায়।
এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে। তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি আহতসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে। মুখ্যমন্ত্রীয়ে আশ্বাস দিছে যে ৰাজ্য চৰকাৰে ভুক্তভোগী পৰিয়ালক সম্ভৱপৰ সকলো সহায় আগবঢ়াব।
বৰ্তমান আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। আশংকা কৰা হৈছে যে ট্ৰাকখনে ক্ষমতাতকৈ অধিক আম ৰখা হৈছিল যাৰ বাবে ই ভৰ সহ্য কৰিব পৰা নাছিল। অৱশেষত গাড়ীখনে ভাৰসাম্য হেৰুৱাই আৰু বাগৰি পৰে। এই দুৰ্ঘটনাই পুনৰবাৰ গ্ৰামাঞ্চলৰ শ্ৰমিকৰ পৰিবহণ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। স্থানীয় ৰাইজে প্ৰশাসনৰ ওচৰত দাবী জনাইছে যে শ্ৰমিক সকলৰ সুৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ লব লাগে আৰু পৰিবহণ বিধি কঠোৰভাৱে মানি চলিব লাগে।
অন্য খবৰ পঢ়কঃ উৰণৰ সময়তে ইঞ্জিন বিকল! পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, আটাইকেইজন যাত্ৰীৰ মৃত্যুৰ আশংকা…