ভয়াৱহ দুৰ্ঘটনাঃ যাত্ৰীবাহী বাহন-ট্ৰাকৰ সংঘৰ্ষৰ ফলত মৃত্যু ৮ জনৰ, ১৮ গৰাকী আহত
ৰাজস্থানৰ ছিৰোহী জিলাৰ পিণ্ডৱাৰা অঞ্চলত এখন যাত্ৰীবাহী টুফান ক্ৰুজাৰ বাহন আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত ৮ জন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাত লগতে যাত্ৰীবাহী বাহনখনত থকা আন ১৮ গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰতিনিধিত্বমূলক ছবি
আন এক ভয়াৱহ পথ দুৰ্ঘটনাই জোকাৰিছে ৰাজস্থান। দেওবাৰে নিশা সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত দুগৰাকী মহিলা আৰু এটি শিশুসহ প্ৰাণ হেৰুৱাইছে ৮ জন লোকে। তদুপৰি এই দুৰ্ঘটনাত ১৮ জন যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ ছিৰোহী জিলাৰ পিণ্ডৱাৰা অঞ্চলত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এখন যাত্ৰীবাহী টুফান ক্ৰুজাৰ বাহন আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়।
পিণ্ডৱাৰা থানাৰ এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে উদয়পুৰ-পালনপুৰ ঘাইপথৰ পিণ্ডৱাৰা কেণ্টল পুলিয়াৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। যাত্ৰীবাহী টুফান ক্ৰুজাৰ বাহনখন ভুল দিশত গৈ থকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি বিষয়াগৰাকীয়ে লগতে সদৰী কৰিছে। ভুল দিশত গৈ থকা বাহনখনে বিপৰীত দিশৰ পৰা আহি থকা ট্ৰাকখনত মুখামুখিকৈ খুন্দা মৰাৰ ফলতে শোকাৱহভাৱে প্ৰাণ হেৰুৱায় ৮ জন লোকে।
আৰক্ষী বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত আছে পাঁচজন পুৰুষ যাত্ৰী, এজন শিশু আৰু দুগৰাকী মহিলা। এই লোকসকলৰ লগতে দুৰ্ঘটনাত ১৮ জন লোক আহত হৈছে। আটাইকেইজন লোকে যাত্ৰীবাহী টুফান ক্ৰুজাৰখনত যাত্ৰা কৰিছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়। জানিব পৰা মতে দুৰ্ঘটনাৰ পিছতে স্থানীয় একাংশ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীক খবৰ দিয়ে।
এই খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহত লোকসকলক উদ্ধাৰ কৰি লগে লগে স্থানীয় এখন চিকিৎসালয়লৈ প্ৰেৰণ। সম্প্ৰতি আটাইকেইজন লোক চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ দিছে আৰক্ষী বিষয়াগৰাকীয়ে। আনহাতে নিহত লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি তেওঁ লগতে কয়।
উল্লেখ্য যে ইতিপূৰ্বে দেওবাৰে পুৱাৰ ভাগতো ৰাজ্যখনৰ বুণ্ডী জিলাত আন এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। এখন ট্ৰাক আৰু ইকো ভানৰ মুখামুখি সংঘৰ্ষৰ ফলত ইকো ভানখনত থকা ৬ জন লোকৰ মৃত্যু হৈছিল। আনহাতে দুৰ্ঘটনাত ভানখনত থকা আন তিনিজন লোক গুৰুতৰভাৱে আহত হৈছিল। এই আটাইকেইজন লোক মধ্যপ্ৰদেশৰ পৰা ছিকাৰস্থিত খাতু শ্যাম মন্দিৰ দৰ্শনৰ বাবে যাত্ৰা কৰিছিল বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাক চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল। তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে বুলি আৰক্ষীয়ে লগতে প্ৰকাশ কৰিছে। বুণ্ডীৰ আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰা মতে ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰৰ ভিত্তিত চালকজনক চিনাক্তকৰণৰ প্ৰচেষ্টা চলোৱা হৈছে। ট্ৰাক বা ইকো ভানখনৰ চালকৰ টোপনিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।