ভয়ংকৰ দুৰ্ঘটনাঃ গংগা নদী পাৰ হোৱাৰ সময়তে ডুব গ’ল নাও, সন্ধানহীন ৭ জন কৃষক

কাটিহাৰ জিলাৰ মণিহাৰীত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। হাটকোল গংগা ঘাটৰ সমীপত নদীত ডুব গৈছে এখন নাও। এই দুৰ্ঘটনাত সন্ধানহীন হৈছে ৭ জন কৃষক। সম্প্ৰতি নদীত নিৰুদ্দেশ হোৱা কৃষককেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফৰ দলে

ভয়ংকৰ দুৰ্ঘটনাঃ গংগা নদী পাৰ হোৱাৰ সময়তে ডুব গ’ল নাও, সন্ধানহীন ৭ জন কৃষক

বিহাৰত নাও দুৰ্ঘটনা

Updated On: 

03 Nov 2024 | 05:17 PM

অহা ৭ নৱেম্বৰত উদযাপন কৰা হ’ব ষট পূজা। এই উপলক্ষে বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ আদি ৰাজ্যত দেখিবলৈ পোৱা গৈছে প্ৰবল উছাহ। উৎসৱৰ আয়োজনত ব্যস্ত হৈ পৰিছে সকলো। ষট পূজালৈ মাজত আৰু মাত্ৰ কেইদিনমান বাকী থকা অৱস্থাত আজি বিহাৰত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা। ৰাজ্যখনৰ কাটিহাৰ জিলাৰ মণিহাৰীত এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। হাটকোল গংগা ঘাটৰ সমীপত নদীত ডুব গৈছে এখন নাও। এই দুৰ্ঘটনাত সন্ধানহীন হৈছে ৭ জন কৃষক।

এই দুৰ্ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল সেই স্থানত উপস্থিত হয়। সম্প্ৰতি নদীত নিৰুদ্দেশ হোৱা কৃষককেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফৰ দলে। গংগা ঘাটত এই ঘটনাক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, গংগা নদীৰ আনটো পাৰে থকা ডায়াৰা অঞ্চলত বহু কৃষকে পাৰৱালৰ খেতি কৰিছে।

খেতিয়কসকলে নাৱৰ সহায়ত এই খেতি পথাৰলৈ অহা-যোৱা কৰে। আজিও খেতিৰ বাবে ১২ জন লোক নাৱেৰে গংগা পাৰ হৈ গৈ আছিল। কিন্তু নাওখন নদীৰ মাজ পোৱাৰ সময়তে হঠাত নিয়ন্ত্ৰণহীন হৈ পৰে। এনে পৰিস্থিতিত নাওখনত থকা লোকসকলে আতংকত হুৱাদুৱা কৰিবলৈ ধৰে আৰু নাওখনৰ এটা ফালৰ ওজন বাঢ়ি গৈ অলপ সময়ৰ ভিতৰতে নাওখন গংগাত ডুব যায়।

ইফালে নাওখন ডুব যোৱা দেখি ঘাটৰ ওচৰত উপস্থিত থকা লোকসকলে চিঞৰিবলৈ ধৰে। একাংশ লোকে নাৱেৰে উদ্ধাৰ অভিযান চলাই পাঁচজন লোকক ৰক্ষা কৰে যদিও এতিয়াও সন্ধানহীন হৈ আছে ৭জন। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে স্থানীয় বিধায়ক, খণ্ড উন্নয়ন বিষয়াকে ধৰি অন্যান্য বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। প্ৰকাশিত খবৰ অনুসৰি এছ ডি আৰ এফৰ দলে সম্প্ৰতি নিৰুদ্দিষ্ট লোককেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

নিৰুদ্দিষ্ট লোকসকলৰ ভিতৰত দুগৰাকী কিশোৰীও আছে বুলি জানিব পৰা গৈছে। এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা মতে নাৱত থকা এজন যুৱকে, নিজৰ জীৱনৰ প্ৰতি ভ্ৰুক্ষেপ নকৰাকৈয়ে দুটি শিশুক আন এখন নাওত উঠাবলৈ চেষ্টা কৰিছিল। এই চেষ্টাৰ সময়ত যুৱকজনেই নদীত ডুব যোৱা বুলি মহিলাগৰাকীয়ে সদৰী কৰে। কিদৰে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়, সেই সম্পৰ্কে উদ্ধাৰ হোৱা লোকসকলৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছে বুলি স্থানীয় বিষয়াসকলে জানিবলৈ দিয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব