২ পুত্ৰ, ২ কন্যা আৰু মাতৃ… এটা কোঠাৰ ভিতৰতে পৰি আছে ৫টাকৈ নিঠৰ দেহ

আৰক্ষীৰ মতে, কিছুদিন পূৰ্বে পৰিয়ালটোৰ লোকসকলে আত্মহত্যা কৰিছিল। উদ্ধাৰ হোৱা সময়লৈ উৱলি গৈছে মৃতদেহকেইটা। ফ্লেটটোৰ পৰা দুৰ্গন্ধ পোৱাত অট্টালিকাটোৰ আন আন বাসিন্দাসকলে আৰক্ষীক জনায়। পৰিস্থিতি ইমানেই ভয়াৱহ আছিল যে এপাৰ্টমেণ্টটোত প্ৰৱেশ কৰাটোও কঠিন হৈ পৰিছিল।

২ পুত্ৰ, ২ কন্যা আৰু মাতৃ... এটা কোঠাৰ ভিতৰতে পৰি আছে ৫টাকৈ নিঠৰ দেহ

5 People Found Dead Rajasthan (1)

Updated On: 

11 Oct 2025 19:03 PM

ৰাজস্থানৰ ছিকাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।  আত্মহত্যা কৰে এটা পৰিয়ালৰ ৫ জন সদস্যই। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। খবৰ পোৱাৰ পিছতে আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। জানিব পৰা মতে, দুই পুত্ৰ আৰু দুই কন্যাৰ সৈতে মাতৃয়ে তেওঁলোকৰ ফ্লেটত বিহপান কৰে। পৰিয়ালটোৰ আত্মহত্যাৰ ঘটনা এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

তথ্য অনুসৰি, কিৰণ নামৰ মহিলাগৰাকীয়ে স্বামীৰ সৈতে হোৱা বিবাদৰ বাবে সন্তানৰ সৈতে অনিৰুদ্ধ ৰেচিডেন্সিত আছিল।  তাতেই তেওঁলোকে আত্মহত্যা কৰে।  ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। অৱশ্যে আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

আৰক্ষীৰ মতে, কিছুদিন পূৰ্বে পৰিয়ালটোৰ লোকসকলে আত্মহত্যা কৰিছিল। উদ্ধাৰ হোৱা সময়লৈ উৱলি গৈছে মৃতদেহকেইটা। ফ্লেটটোৰ পৰা দুৰ্গন্ধ পোৱাত অট্টালিকাটোৰ আন আন বাসিন্দাসকলে আৰক্ষীক জনায়। পৰিস্থিতি ইমানেই ভয়াৱহ আছিল যে এপাৰ্টমেণ্টটোত প্ৰৱেশ কৰাটোও কঠিন হৈ পৰিছিল। দুৰ্গন্ধ কম কৰিবলৈ ধূপ কাঠি আৰু সুগন্ধি ব্যৱহাৰ কৰা হৈছিল, তাৰ পিছত আৰক্ষীৰ এটা দল প্ৰৱেশ কৰিছিল। আৰক্ষীয়ে সকলো মৃতদেহ জিম্মাত লৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে জনোৱা মতে, আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

স্থানীয় এজন আৰক্ষী বিষয়াই জনোৱা মতে, তেওঁলোকে একেটা পৰিয়ালৰ পাঁচজন সদস্যই সামূহিক আত্মহত্যাৰ খবৰ লাভ কৰে। ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে চৌদিশে দুৰ্গন্ধ অনুভৱ কৰে । ফ্লেটটোৰ ভিতৰৰ পৰা তলা লগোৱা আছিল। বহু প্ৰচেষ্টাৰ অন্তত কোনোমতে ফ্লেটটোত প্ৰৱেশ কৰাৰ পিছত আৰক্ষীৰ দলটোৱে পাঁচজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাস্থলীত উদ্ধাৰ হৈছে ৮টা বিহৰ টোপোলা। কেইবাদিনো পূৰ্বে মৃতদেহকেইটা আত্মহত্যা কৰা সন্দেহ ব্যক্ত কৰা হৈছে। মৃতদেহবোৰ সম্পূৰ্ণৰূপে উৱলি গৈছিল। গোচৰটোৰ তদন্ত অব্যাহত আছে। ঘটনাস্থলীলৈ ফৰেনছিক দল মাতি প্ৰমাণ সংগ্ৰহ কৰা হৈছে।

অনিয়মিত ঋতুস্ৰাৱৰ পৰা পৰিত্ৰাণ পাবলৈ কৰক এই কাম...
দীপাৱলীত বিৰল সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
এই লক্ষণবোৰ আওকাণ নকৰিব, কিডনী দুৰ্বল হ'লে চকুৰ কি কি সমস্যা হয়? জানক
সুস্থ মন এটাৰ বাবে মানসিক চাপ নিয়ন্ত্ৰণ কৰাৰ টিপছ জানক