বাহনৰ ওপৰত বাগৰি পৰিল চিমেন্ট ভৰ্তি কন্টেইনাৰ, প্ৰাণ হেৰুৱালে ৪ ভক্তই…

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৪ জনকৈ লোকে। জানিব পৰা মতে এই আটাইকেইজন ধৰ্মীয় অনুষ্ঠানত অংশ লৈ ঘৰলৈ উভতি আছিল। তেনে সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় আটাইকেইজনে।

বাহনৰ ওপৰত বাগৰি পৰিল চিমেন্ট ভৰ্তি কন্টেইনাৰ, প্ৰাণ হেৰুৱালে ৪ ভক্তই...

গাড়ীখন

Published: 

11 Jul 2025 | 08:43 AM

এক মৰ্মান্তিক ঘটনা। এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৪ ভক্তই। জানিব পৰা মতে, চিমেন্ট ভৰ্তি কন্টেইনাৰ এখন গাড়ীত বাগৰি পৰাৰ ফলত ৪ জন লোকৰ মৃত্যু হয়। বৃহস্পতিবাৰে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰক ইগাটপুৰীৰ সমীপৰ মুন্ধেগাঁৱত। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, চিমেন্ট লৈ অহা এখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হয়, সেই সময়তে পাছে পাছে আহি থকা এখন চাৰিচকীয়া বাহনৰ ওপৰত ই বাগৰি পৰে। যাৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

ঘটনাত মৃত্যু হোৱা লোককেইজনৰ ভিতৰত ২ গৰাকী মহিলা আৰু ২ জন পুৰুষ আছিল বুলি জানিব পৰা গৈছে। মৃত ব্যক্তিসকল গুৰুপূৰ্ণিমা দৰ্শনৰ বাবে ৰামদাস বাবাৰ মঠ (ইগাটপুৰী)লৈ আহিছিল আৰু মুম্বাইলৈ উভতি অহাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছিল। নিহত আটাইকেইজন আন্ধেৰী (মুম্বাই)ৰ চৰ বাংলোৰ বাসিন্দা। ইগাটপুৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকল হৈছে দত্ত আমৰে, নিত্যানন্দ সাৱন্ত, বিদ্যা সাৱন্ত, মীনা সাৱন্ত। দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে থিতাতে আটাইকেইজনে প্ৰাণ হেৰুৱায়।

দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিতহৈ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহৰ অৱস্থা ইমানেই বেয়া আছিল যে আটাইকেইটা মৃতদেহ ক্ৰেনৰ সহায়ত উলিয়াই আনিবলগীয়া হয়। তাৰ পাছতে আৰক্ষীয়ে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। দুৰ্ঘটনাৰ বাবে অঞ্চলটোত কিছু যান-জঁটৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে পাছলৈ ইয়াক নিয়ন্ত্ৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটাইকেইজনৰ মৃতদেহ চিনাক্ত কৰি আত্মীয়ক খবৰ দিয়ে। এই খবৰে মৃতকৰ আত্মীয় তথা পৰিয়ালৰ মাজত শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, নাছিক-মুম্বাই ঘাইপথত গধুৰ যান-বাহন আৰু তীব্ৰ গতিৰ বাবে দুৰ্ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। স্থানীয়ে ৰাইজে এই ক্ষেত্ৰত প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বাৰে বাৰে দাবী জনাই আহিছে। কিন্তু তাৰ পাছতো ৰোধ হোৱা নাই এনে অনাকাংক্ষিত ঘটনা। কালি সংঘটিত পথ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। ক্ৰেনৰ সহায়ত গাড়ীখন উলিয়াই আনিবলগীয়া হয়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ Morning News: কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰক আপোনাৰ দিনটো

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...