অপাৰেশ্যন সেন্দূৰত বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় বায়ুসেনাৰ জোৱানলৈ সন্মান, ৪গৰাকীলৈ সৰ্বোত্তম যুদ্ধ সেৱা পদক…

অপাৰেশ্যন সেন্দূৰত বীৰত্ব প্ৰদৰ্শন কৰা বায়ুসেনাৰ জোৱানলৈ সৰ্বোত্তম যুদ্ধ সেৱাৰ পদক। স্বাধীনতা দিৱসৰ এদিন পূৰ্বে এই পদক ঘোষণা কৰে কেন্দ্ৰই।

অপাৰেশ্যন সেন্দূৰত বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় বায়ুসেনাৰ জোৱানলৈ সন্মান, ৪গৰাকীলৈ সৰ্বোত্তম যুদ্ধ সেৱা পদক...

পদক

Published: 

15 Aug 2025 | 08:32 AM

আজি সমগ্ৰ দেশে পালন কৰিছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। ইয়াৰ এদিন পূৰ্বে ভাৰতীয় বায়ুসেনাৰ ৪ জন বিষয়া ‘সৰ্বোত্তম যুদ্ধ সেৱা পদক’ৰে সন্মানিত কৰা হয়। এই কেইগৰাকী বিষয়াই অপাৰেশ্যন সেন্দূৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। পদক লাভ কৰা বিষয়াসকলৰ ভিতৰত আছে ভাইচ চিফ অৱ এয়াৰ ষ্টাফ এয়াৰ মাৰ্শ্বাল নৰনাদেশ্বৰ তিৱাৰী, ৱেষ্টাৰ্ণ এয়াৰ কমাণ্ডাৰ এয়াৰ মাৰ্শ্বাল জিতেন্দ্ৰ মিশ্ৰ আৰু ডি জি এয়াৰ অপাৰেচন এয়াৰ মাৰ্শ্বাল অৱাধেশ ভাৰতী। ইয়াৰোপৰি অপাৰেশ্যন সেন্দূৰত বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় বায়ুসেনাৰ ৯ গৰাকী বীৰ জোৱানক বীৰ চক্ৰ, ১৩ জনক যুদ্ধ সেৱা আৰু ২৬ গৰাকীক বায়ুসেনা পদক প্ৰদান কৰা হৈছে।

 

বীৰ চক্ৰ

ৰঞ্জিত সিং সিন্ধু, মনিষ অড়োৰা(এছচি), অনিমেষ পটনী, কুনাল কালৰা, জয় চন্দ্ৰ, সাৰ্থক কুমাৰ, সিদ্ধান্ত সিং, ৰিজৱান মালিক, অৰ্শবীৰ সিং ঠাকুৰ।

২৬ জনক বায়ু সেনা মেডেল

ইয়াৰ বিপৰীতে ভাৰতীয় বায়ুসেনাৰ ২৬ গৰাকী বিষয়া আৰু বিমান সৈনিকক বায়ুসেনাৰ পদক (Valor) প্ৰদান কৰা হয়। পদক লাভ কৰাসকলৰ ভিতৰত আছে পাকিস্তানৰ ভিতৰত প্ৰৱেশ কৰি অভিযানত অংশ লোৱা যুঁজাৰু পাইলটসকল। ইয়াত এছ-৪০০ আৰু অন্যান্য বায়ু প্ৰতিৰক্ষা ব্যৱস্থা পৰিচালনা কৰা বিষয়া আৰু জোৱানসকলো অন্তৰ্ভুক্ত আছে।

এওঁলোক ক্ৰমেঃ অংকুৰ হাকিম, মানৱ ভাটিয়া,য়াছিৰ ফাৰুকী,বৰুণ ভোজ, অনুপাজ সিং মিনহাজ, দীপক চৌহান, কুনাৱ বিশ্ব চিম্পী, ৰূপক ৰয়, দেৱেন্দ্ৰ বাবাচাহেব আইটেড, মায়ংক পালিৱাল, দীপক ডোগৰা, ৰবীন্দ্ৰ কুমাৰ, আদৰ্শ গুপ্তা, অভয় সিং ভাডোৰিয়া, অমনদ্বীপ সিং দিহোট, কৌস্তৱ নালাৱালা, মিহিৰ বিবেক চৌধাৰী, ৰাকেশ শৰ্মা, মালাপাতি এন পি নবীন কুমাৰ, সৌৰভ শৰ্মা, অমন সিং,সুৰেন্দৰ কুমাৰ আৰু বৰুণ কুমাৰ এছ।

উল্লেখ্য যে, সন্ত্ৰাসবাদীয়ে পহলগামত চলোৱা আক্ৰমণত ২৬ জন নিৰীহলোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হৈছিল। তাৰ পাছতে ভাৰতে পাকিস্তানৰ ওপৰত চলাইছিল অপাৰেশ্যন সেন্দূৰ। যি সময়ত ভাৰতে পাকিস্তানস্থিত ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি বহু সন্ত্ৰাসবাদীৰ প্ৰাণ লৈছিল। অপাৰেশ্যন সেন্দূৰৰ সময়ত বিশ্বই দেখিছিল ভাৰতৰ শক্তি। ভাৰতীয় বায়ু সেনাই অত্যধুনিক ক্ষেপনাস্ত্ৰৰে ধ্বংস কৰি গৈছিল সকলো। এই সময়চোৱাত ভাৰতীয় সেনাই নিজৰ বীৰত্ব প্ৰদৰ্শন কৰিছিল। যাৰ বাবে এই জোৱানসকলক পদক অৰ্পনৰ কথা ঘোষণা কৰে কেন্দ্ৰই।

 

অন্য খবৰ পঢ়কঃ Independence Day 2025: আজি স্বাধীনতা দিৱসঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...