মৰ্মান্তিক! গংগাত গা ধুব গৈ হেৰুৱালে প্ৰাণ, এজনক বচাবলৈ পানীত নামিছিল ৬ বন্ধু আৰু পাছত…

গংগাত গা ধুবলৈ গৈ প্ৰাণ হেৰুৱালে ৩ যুৱকে। জানিব পৰা মতে, এজন বন্ধুক বচাবলৈ বাকীকেইজনে পানীত জাঁপ মাৰিছিল আৰু তেতিয়াই সংঘটিত হয় এই ঘটনা।

মৰ্মান্তিক! গংগাত গা ধুব গৈ হেৰুৱালে প্ৰাণ, এজনক বচাবলৈ পানীত নামিছিল ৬ বন্ধু আৰু পাছত...

৩ বন্ধু

Updated On: 

26 May 2025 | 09:48 AM

উত্তৰ প্ৰদেশৰ কানপুৰৰ কেণ্ট থানাৰ অন্তৰ্গত মাস্কাৰ ঘাটত দেওবাৰে সন্ধিয়া গংগা স্নানৰ সময়ত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। জানিব পৰা মতে, ৬ জনকৈ বন্ধু গংগাত গা ধুবলৈ নামিছিল যদিও ইয়াৰে ৩ জনৰ পানীত ডুবি মৃত্যু হয়। ইয়াৰ বিপৰীতে বাকী তিনিজনক সেই স্থানত উপস্থিত থকা উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে। নিহতসকলৰ ভিতৰত ২ জন কিশোৰ আৰু এজন ১৯ বছৰীয়া যুৱক আছে বুলি জানিব পৰা গৈছে। এই আটাইকেইজন বন্ধুয়ে কোনো এজনক বচাবলৈ গৈ গংগাৰ দ’ পানীত জাঁপ দিছিল আৰু তেতিয়াই সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনাই যে, ৰাজ নাৰায়নৰ ১৯ বছৰীয়া পুত্ৰ নন্দু, দিপু ৰাৱটৰ ১৭ বছৰীয়া পুত্ৰ অংকুৰ, লল্লাৰ ১৬ বছৰীয়া পুত্ৰ ছাহিল, অজয় ৰাৱটৰ পুত্ৰ কুনাল,গিৰধাৰী লালৰ পুত্ৰ গোলু আৰু লাল অঞ্চাৰীৰ পুত্ৰ ছনুয়ে দেওবাৰে গংগাত গা ধুবলৈ গৈছিল। এই আটাইকেইজন জুহি পৰমপুৰৱাৰ বাসিন্দা আছিল। আটাইকেইজন বন্ধুয়ে গ্ৰীষ্মকালীন বন্ধত ভ্ৰমণৰ বাবে ওলাই গৈ  কেন্টৰ মাস্কাৰ ঘাটত উপস্থিত হৈছিল। গংগাত গা ধুই থাকোতে তেওঁলোক দ’ পানী লৈ যায়।

ইয়াৰ মাজতে দ’ পানীত ছাহিল ডুবিবলৈ আৰম্ভ কৰে। তেওঁক বচাবলৈ এজনৰ পাছত আনজন বন্ধুয়ে চেষ্টা কৰে আৰু অৱশেষত ডুবি যায়। ইয়াৰ পাছতে স্থানীয় ডুবাৰুৱে নিৰাপদে উদ্ধাৰ কৰে ৩ যুৱকক। কিন্তু নন্দু, অংকুৰ আৰু ছাহিলৰ প্ৰাণ ৰক্ষা নপৰিল। প্ৰায় ৩ ঘন্টা ধৰি চলা অভিযানত উদ্ধাৰকাৰী দলে গংগাৰ পৰা ৩ জনৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনাত প্ৰাণ ৰক্ষা পৰা ছনুয়ে কয় যে, তেওঁলোকে গম পোৱা নাছিল যে পানী ইমান দ’ আছিল।

ছনুয়ে কয় যে, বহুত গৰম লাগি থকাৰ বাবে আমি গংগাত গা ধুবলৈ নামিছিলো। কিন্তু তেতিয়াই ছাহিল ডুবিবলৈ ধৰে। তেওঁক বচাবলৈ চেষ্টা কৰি থাকোঁতে অংকুৰ আৰু নন্দুও পানীত ডুব যায়। ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে পৰিয়ালৰ লোক, আৰক্ষী আৰু ডুবাৰুৰ এটা দল উপস্থিত হয়। ইতিমধ্যে আৰক্ষীয়ে ৩ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় প্ৰশাসনে গংগাৰ পাৰত গা ধুই থকা লোকসকলক সাৱধান হ’বলৈ আহ্বান জনায়। এই ঘটনাই উক্ত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 

 

অন্য খবৰ পঢ়কঃ ৰাজধানীত গ্ৰেপ্তাৰ ৯গৰাকীকৈ অবৈধ বাংলাদেশী নাগৰিক, আৰক্ষীক ক’লে কেনেকৈ ভাৰতত কৰিছিল প্ৰৱেশ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...