প্ৰকৃততে কি হৈছিল? এটা কোঠাত উদ্ধাৰ এগৰাকী মহিলা আৰু দুজন পুৰুষৰ মৃতদেহ…
দেশত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ এক নৃশংস কাণ্ড পোহৰলৈ আহিছে। এটা ঘৰৰ ভিতৰত এগৰাকী মহিলা আৰু দুজন পুৰুষৰ মৃতদেহ উদ্ধাৰ হয়।

প্ৰতীকি ফটো
দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে পুনৰ পোহৰলৈ আহিছে ট্ৰিপল মাৰ্ডাৰৰ দৰে এক গাৰ নোম শিয়ৰি উঠা ঘটনা। বুধবাৰে এটা ঘৰৰ ভিতৰত এগৰাকী মহিলা আৰু দুজন পুৰুষৰ মৃতদেহ উদ্ধাৰ হয়। মহিলাগৰাকীৰ মুখত কাপোৰ ভৰাই থোৱা অৱস্থাত আছিল। গতিকে সন্দেহ কৰা হৈছে যে মহিলাগৰাকীৰ মুখ বান্ধি হত্যা কৰা হৈছে। ইয়াৰ বিপৰীতে দুজন পুৰুষৰ মৃতদেহ মজিয়াত তেজেৰে লুতুৰী-পুতুৰী অৱস্থাত উদ্ধাৰ হৈছে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজধানী দিল্লীত।
জানিব পৰা মতে, ৰাজধানী দিল্লীৰ দক্ষিণৰ মৈদান গড়ী অঞ্চলত ২০ আগষ্টত এই মৃতদেহ তিনিটা উদ্ধাৰ হৈছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বৰ্তমান পৰ্যন্ত এই হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
জানিব পৰা মতে, বুধবাৰে সন্ধিয়া দিল্লী আৰক্ষীয়ে এটা ফোন লাভ কৰে। ফোনত এজন লোকে আৰক্ষীক জনাই যে মৈদান গড়ী এলেকাত থকা এটা ঘৰত তিনিটাকৈ মৃতদেহ পৰি আছে। এই তথ্য পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীলৈ ৰাওনা হয়। পাছত আৰক্ষীয়ে ঘৰটোৰ কোঠাত প্ৰৱেশ কৰে আৰু স্তম্ভিত হৈ পৰে। কিয়নো কোঠাত পৰি আছিল এগৰাকী মহিলা আৰু দুজন পুৰুষৰ মৃতদেহ।
আৰক্ষীৰ মতে, এই হত্যাকাণ্ড অতি নৃশংস আছিল। মহিলাগৰাকীৰ মুখৰ ভিতৰত কাপোৰ ভৰাই থোৱা আছিল। আনহাতে পুৰুষ দুজনৰ দেহৰ পৰা অত্যধিক তেজ ওলাই আছিল। পাছত লগে লগে আৰক্ষীয়ে মৃতদেহ কেইটা জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বৰ্তমান বিষয়টো সন্দৰ্ভত তদন্ত কৰি আছে আৰক্ষীয়ে।
কিয়, কেনেকৈ এই হত্যাকাণ্ড সংঘটিত হ’ল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। মহিলাগৰাকীৰ সৈতে পুৰুষ দুজনৰ কি সম্পৰ্ক আছিল, পাৰস্পৰিক বিবাদ নে অবৈধ প্ৰেমৰ লগত জড়িত কোনো ঘটনা, এই সকলো দিশতে আৰক্ষীয়ে তদন্ত চলাই আছে। ইয়াৰোপৰি আৰক্ষীৰ আগত প্ৰশ্ন উত্থাপন হৈছে যে কোনোৱে ষড়যন্ত্ৰ কৰি এই হত্যাকাণ্ড সংঘটিত কৰি পলাই গৈছে নেকি? অৱশ্যে এইসকলো দিশৰ ওপৰত তদন্তৰ পাছতহে তথ্য পোহৰলৈ আহিব।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইয়াৰোপৰি মৃতদেহ উদ্ধাৰ হোৱা অঞ্চলটোৰ স্থানীয় ৰাইজক সোধা পোছা কৰি আছে। গতিকে আৰক্ষীৰ তদন্তত অন্য তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ উচ্ছেদৰ মাজতে হোজাইত উত্তপ্ত পৰিস্থিতি, আৰক্ষীলৈ শিলগুটি নিক্ষেপ,পাছত লাঠীচালনা…