পৰিয়ালৰ প্ৰতি মৰম নাছিল! এটা কোঠাত পৰি ৰ’ল ৩টা মৃতদেহ, পলাতক পুত্ৰ…

এক নৃশংস কাণ্ড। এটা কোঠৰ পৰা উদ্ধাৰ ৩টাকৈ মৃতদেহ। এই মৃৃতদেহ কেইটা এহাল দম্পতী আৰু তেওঁলোকৰ পুত্ৰৰ বুলি জানিব পৰা গৈছে। ইফালে এই কাণ্ডৰ অভিযুক্ত আন এজন পুত্ৰ বৰ্তমান পলাতক অৱস্থাত আছে।

পৰিয়ালৰ প্ৰতি মৰম নাছিল! এটা কোঠাত পৰি ৰল ৩টা মৃতদেহ, পলাতক পুত্ৰ...

প্ৰতীকী ফটো

Published: 

21 Aug 2025 | 10:32 AM

এক নৃশংস আৰু হৃদয় বিদাৰক ঘটনা। এটা কোঠাৰ ভিতৰত উদ্ধাৰ তিনিটাকৈ মৃতদেহ। মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে এগৰাকী মহিলা আৰু দুজন পুৰুষ। ইয়াৰে এহাল দম্পতী আৰু আনজন তেওঁলোকৰ পুত্ৰ। নিহতসকল প্ৰেম সিং (৫০), ৰজনী (৪৫) আৰু হৃতিক (২৪) বুলি চিনাক্ত হৈছে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই নৃশংস কাণ্ড সংঘটিত হৈছে দক্ষিণ দিল্লীৰ মৈদানগড়ী অঞ্চলৰ সাতবাৰী খাৰক গাঁৱৰ ১৫৫ নম্বৰ ঘৰত।

ঘটনাৰ বিৱৰণী অনুসৰি, ২০ আগষ্টত দিল্লী আৰক্ষীয়ে এটা ফোনকল লাভ কৰিছিল। কোনো লোকে আৰক্ষীক কৈছিল যে, এটা ঘৰৰ ভিতৰত ৩ টা মৃতদেহ পৰি আছে। লগে লগে সেই স্থানত আৰক্ষী উপস্থিত হৈ আচৰিত হৈ পৰে। কিয়নো কোঠাৰ ভিতৰত পৰি আছিল তিনিটাকৈ মৃতদেহ। ইয়াৰে মহিলাগৰাকীৰ মুখত কাপোৰ ভৰোৱা আছিল, আনহাতে পুৰুষ দুজনৰ মৃতদেহ তেজেৰে লুতুৰী-পুতুৰী অৱস্থাত মজিয়াত পৰি আছিল।

আৰক্ষীৰ মতে, ফোনত কোনোৱে কৈছিল যে যুৱকজনে নিজৰ হাত কাটিছে, যৰ পৰা বহুত তেজ ওলাই আছিল। আৰক্ষীয়ে কয় যে, সেই স্থানত তেওঁলোক উপস্থিত হৈ স্তম্ভিত হৈ পৰিছিল। কিয়নো ঘৰৰ ভিতৰৰ দৃশ্য আছিল অতি ভয়ংকৰ। ঘৰটোৰ প্ৰথম মহলাত পৰি আছিল প্ৰেম সিং আৰু তেওঁৰ পুত্ৰ হৃত্বিকৰ মৃতদেহ। আনহাতে দ্বিতীয় মহলাত ৰজনীৰ মৃতদেহ পৰি আছিল। যাৰ মুখ বান্ধি থোৱা অৱস্থাত আছিল। ইয়াৰ বিপৰীতে তেওঁলোকৰ আন এজন পুত্ৰ সিদ্ধাৰ্থ বৰ্তমান পলাতক অৱস্থাত আছে। এনে অৱস্থাত এই হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে সিদ্ধাৰ্থৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, সিদ্ধাৰ্থই পিতৃ-মাতৃ আৰু ভাতৃক দাৰে ঘপিয়াই, ইটা বা শিলেৰে প্ৰহাৰ কৰি হত্যা কৰিছে। তাৰ পাছতে তেওঁ পলায়ন কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

পলাতক অভিযুক্ত সিদ্ধাৰ্থৰ বয়স প্ৰায় ২২-২৩ বছৰ বুলি জানিব পৰা গৈছে। স্থানীয় লোকৰ মতে, সিদ্ধাৰ্থৰ মানসিক চিকিৎসা চলি আছে। ঘৰৰ তালাচীৰ সময়ত আৰক্ষীয়ে সিদ্ধাৰ্থৰ চিকিৎসাৰ নথি-পত্ৰ আৰু ঔষধো উদ্ধাৰ কৰিছে। এই নথি অনুসৰি, প্ৰায় ১২ বছৰ ধৰি সিদ্ধাৰ্থৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত কিৎসা চলি আছে। তেওঁৰ অ’চিডি আৰু আক্ৰমণাত্মক আচৰণৰ সমস্যা আছে। ইয়াৰোপৰি মানসিক সমস্যাৰ বাবে সিদ্ধাৰ্থৰ পৰিয়ালৰ প্ৰতিও বিশেষ মৰম নাছিল। যাৰ বাবে তেওঁ এই কাণ্ড সংঘটিত কৰা বুলি ধাৰণা কৰা হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ প্ৰকৃততে কি হৈছিল? এটা কোঠাত উদ্ধাৰ এগৰাকী মহিলা আৰু দুজন পুৰুষৰ মৃতদেহ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...