অৰুণাচল প্ৰদেশত দুৰ্ঘটনাত পতিত হৈ ৩ জন সেনা জোৱান নিহত, আহত কেইবাগৰাকী…

আপাৰ সোৱণশিৰি জিলাত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ তিনি গৰাকী ভাৰতীয় সেনা জোৱান নিহত হোৱাৰ লগতে কেইবাগৰাকী জোৱান গুৰুতৰভাৱে আহত হৈছে  । জানিব পৰা মতে, ভাৰতীয় সেনা জোৱান কেইজনে যাত্ৰা কৰা বাহনখন পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰা ফলতে এই দুৰ্ঘটনা সংঘটিত হয় ।

অৰুণাচল প্ৰদেশত দুৰ্ঘটনাত পতিত হৈ ৩ জন সেনা জোৱান নিহত, আহত কেইবাগৰাকী...

অৰুণাচলত সংঘটিত এক দুৰ্ঘটনাত ৩ সেনা জোৱান নিহত, কেইবাজনো আহত

Updated On: 

28 Aug 2024 12:01 PM

অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ তিনি গৰাকী ভাৰতীয় সেনা জোৱান নিহত হোৱাৰ লগতে কেইবাগৰাকী জোৱান গুৰুতৰভাৱে আহত হৈছে  । জানিব পৰা মতে, ভাৰতীয় সেনা জোৱান কেইজনে যাত্ৰা কৰা বাহনখন পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰা ফলতে এই দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত আন কেইবাগৰাকী জোৱান আহত হোৱাৰ খবৰ প্ৰকাশ পাইছে । এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ নিহত হোৱা জোৱান কেইজনৰ নাম হৈছে হাবিলদাৰ নাখাত সিং, নায়ক মুকেশ কুমাৰ আৰু গ্ৰেনেডিয়াৰ আশীষ কুমাৰ।

মঙলবাৰে পুৱা প্ৰায় ৬ বজাত টাপি গাঁৱৰ সমীপৰ ট্ৰেন্স অৰুণাচল ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, দুৰ্ঘটনাত পতিত হোৱা সেনাবাহিনীৰ বাহনখনে সেনা জোৱান কঢ়িওৱা এটা কনভয়ৰ অংশ আছিল । আপাৰ সোৱণশিৰি জিলা সদৰ নগৰ ডাপৰিজোৰ পৰা লেপাৰাডা জিলাৰ বাছাৰলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ আহত লোকক উদ্ধাৰ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰাত সহায় কৰে। ইফালে এই দুৰ্ঘটনাত নিহত জোৱান কেইজনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে সেনাবাহিনীৰ ইষ্টাৰ্ণ কমাণ্ডে ।

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?