IAS হোৱাৰ সপোন দেখি গৈছিল দিল্লীলৈ, পাছে ঘৰলৈ ঘূৰি আহিল মৃতদেহ…

পুত্ৰই তেওঁক কৈছিল এদিন আই এ এছ বিষয়া হৈ ঘৰলৈ আহিব।  কিন্তু কফিনত আহিল তেওঁৰ মৃতদেহ। নীলেশৰ দুগৰাকী এজনী বায়েক এজনী ভগ্নী আছে।  ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। 

IAS হোৱাৰ সপোন দেখি গৈছিল দিল্লীলৈ, পাছে ঘৰলৈ ঘূৰি আহিল মৃতদেহ...

নীলেশ ৰয়

Published: 

24 Jul 2024 | 05:53 PM

বহু কষ্টৰে পিতৃ- মাতৃয়ে নিজ সন্তানক পঢ়াই শুনাই ডাঙৰ দীঘল কৰে। সকলোৰে ইচ্ছা, সন্তানে পঢ়ি শুনি ডাঙৰ মানুহ হওক। পিতৃ- মাতৃৰ সমান্তৰালকৈ সন্তানৰো থাকে বহু সপোন। এনে এক সপোন বুকুত বান্ধি দিল্লীলৈ অধ্যয়ন কৰিবলৈ গৈছিল এজন যুৱক। সপোন আছিল আই এ এছ বিষয়া হোৱা। কিন্তু আজিৰ পৰা প্ৰায় ২ দিন আগত (২২ জুলাই)  নীলেশ ৰয় নামৰ যুৱকজনৰ লগত সংঘটিত হোৱা এক ঘটনা দুচকু সেমেকাই তুলিব আপোনাৰ।

ঘটনাৰ দিনা দিল্লীত প্ৰৱল বৰষুণ হৈ আছিল। নীলেশ নামৰ যুৱকজন দিল্লীৰ পেটেল নগৰত বাস কৰিছিল। বৰষুণৰ বাবে সেই অঞ্চলটো পানীৰে ভৰি পৰিছিল।তাৰ মাজতে নীলেশে সন্ধিয়া পুঁথিভৰালৰ পৰা পেয়িং গেষ্টলৈ বুলি উভতি অহাৰ পথতেই সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা। পিজিৰ মূল লোহাৰ দুৱাৰখন খুলিবলৈ লওতেই বিদ্যুৎস্পৃষ্ট হয় নীলেশ। এফালে পানী, আনফালে বিদ্যুৎস্পৃষ্ট নীলেশ। কিছু সময় চটফটাই থকাৰ পাছতেই মৃত্যুক সাৱতে নিলেশে।

নীলেশৰ পিতৃ নৰেন্দ্ৰ নাথ ৰায়ৰ ঘৰ উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাত। ঘটনাৰ তথ্য পোৱাৰ লগে লগে পৰিয়ালৰলোকৰ মাজত শোকৰ ছাঁ পৰে। পৰিয়ালৰলোক দিল্লীলৈ গৈ পুত্ৰ মৃতদেহ ঘৰলৈ লৈ আহি শেষকৃত কৰে।  নীলেশৰ পিতৃ এগৰাকী অধিবক্তা। পুত্ৰ মৃত্যু সন্দৰ্ভত কথা পাতি তেওঁ কয় যে, বিভাগীয় কৰ্তৃপক্ষৰ ভুলৰ বাবে তেওঁৰ পুত্ৰৰ প্ৰাণ যায়।

লগতে পিতৃয়ে কয় যে, এই ঘটনাৰ উচিত তদন্ত হ’ব লাগে। নীলেশৰ দৰে লাখ লাখ যুৱক- যুৱতীয়ে দিল্লীত  UPSC ৰ বাবে প্ৰস্তুতি চলাই আছে। কাৰো লগত যাতে এনে বেদনাদায়ক ঘটনা সংঘটিত নহয়। লগতে কয়, এই ঘটনাৰ পিছত প্ৰশাসন,  বা দিল্লী চৰকাৰে তেওঁলোকক কোনো তথ্য দিয়া নাছিল। তাত পঢ়ি থকা আন যুৱক- যুৱতীৰ জৰিয়তে এই কথা জানিব পাৰিছিল।

জানিব পৰা মতে বিগত ৫ বছৰ ধৰি নীলেশে ইউ পি এছ চিৰ প্ৰস্তুতি চলাই আছিল। সমান্তৰালভাৱে এটা কোম্পানীৰ ইঞ্জিনিয়াৰো আছিল। তেওঁ ইউ পি এছ চিৰ প্ৰিলিমছত উত্তীৰ্ণ হৈছিল। এই ঘটনাৰ বাবে নীলেশৰ পৰিয়ালৰ অন্য লোকে দিল্লী চৰকাৰক দোষী বুলি দাবী কৰে। নীলেশৰ মাতৃয়ে কয় যে, পুত্ৰই তেওঁক কৈছিল এদিন আই এ এছ বিষয়া হৈ ঘৰলৈ আহিব।  কিন্তু কফিনত আহিল পুত্ৰৰ মৃতদেহ। নীলেশৰ দুগৰাকী এজনী বায়েক এজনী ভগ্নী আছে। ঘটনাৰ পাছতেই শোকস্তব্ধ হৈ পৰিছে সকলো।   ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

নীলেশৰ বন্ধু অভিষেকে জনাই যে, ঘটনাৰ পাছতে তেওঁলোকে ৰুমৰ পৰা তললৈ নামি গৈছিল। কাঠ এটুকাৰে নীলেশক গেটখনৰ পৰা আঁতৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু সেই সময়ত পানীখিনিও বিদ্যুতস্পৃষ্ট হৈ আছিল আৰু কাঠ টুকুৰাও পানীৰে তিত আছিল। যাৰ বাবে নীলেশক বচাব পৰা নগ’ল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...