শীঘ্ৰেই ভাৰতলৈ অনা হ’ব পাৰে মুম্বাই ২৬/১১ ৰ অভিযুক্ত তাহব্বুৰ ৰাণাক, আমেৰিকা ন্যায়ালয়ে নাকচ কৰিলে আবেদন….

ভাৰতলৈ আনিব পাৰে ২৬/১১ ৰ অভিযুক্ত তাহব্বুৰ ৰাণাক। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে তেওঁৰ এক আবেদন নাকচ কৰাৰ পাছতেই এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে।

শীঘ্ৰেই ভাৰতলৈ অনা হব পাৰে মুম্বাই ২৬/১১ ৰ অভিযুক্ত তাহব্বুৰ ৰাণাক, আমেৰিকা ন্যায়ালয়ে নাকচ কৰিলে আবেদন....

তাহব্বুৰ ৰাণা

Published: 

08 Apr 2025 09:46 AM

শীঘ্ৰেই ভাৰতলৈ অনা হ’ব পাৰে ২৬/১১ৰ মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহব্বুৰ ৰাণাক। অভিযুক্তগৰাকীয়ে কিছুদিন পূৰ্বে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত তেওঁক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ বিষয়টো স্থগিত ৰখাৰ বাবে আবেদন দাখিল কৰিছিল। কিন্তু আদালতে তেওঁৰ আবেদন নাকত কৰে। যাৰ বাবে অভিযুক্তগৰাকীক ভাৰতলৈ অহাৰ পথ লাহে লাহে স্পষ্ট হৈ পৰিছে। ভাৰতলৈ প্ৰত্যাৰ্পণৰ পৰা হাত সাৰিবলৈ ন্য়ায়ালয়ৰ কাষ চাপিছিল তাহব্বুৰ ৰাণা।

আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত তেওঁ কৈছিল যে, “যদি মোক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হয়,তেন্তে তাত অত্যাচাৰ কৰিব পাৰে। মই পাকিস্তানী মূলৰ, গতিকে মই ভাৰতত থাকিব নোৱাৰিম। মই এজন মুছলমান, গতিকে মই ভাৰতত শাস্তি বা নিৰ্যাতনৰ সন্মুখীন হ’ব পাৰো”।

২৬/১১ৰ মুম্বাই আক্ৰমণৰ অভিযুক্ত ৰাণাই আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত কয় যে, “ভাৰত চৰকাৰে একনায়কত্ববাদীৰ দৰে আচৰণ কৰি আছে। গতিকে ভাৰতলৈ প্ৰত্যাৰ্পনৰ পাছত মোক যে গ্ৰেপ্তাৰ কৰা হ’ব সেয়া নিশ্চিত। মই বহু ৰোগত আক্ৰান্ত। পাৰ্কিনছনৰ দৰে ৰোগ আছে মোৰ। গতিকে যি ঠাইত মই সমস্যাৰ সন্মুখীন হ’ম তালৈ মোক পঠিয়াব নালাগে”।

তাহব্বুৰ ৰাণা

পাকিস্তানত জন্মগ্ৰহণ কৰা তহব্বুৰ ৰাণা আৰ্মি মেডিকেল কলেজত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। দহ বছৰ পাকিস্তানী সেনাবাহিনীত ডাক্তৰ হিচাপে কাম কৰাৰ পাছত তেওঁ ভাৰত বিৰোধী সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হৈ পৰিছিল। পৰৱৰ্তী সময়ত চিকাগোত তেওঁ নিজাকৈ ব্যৱসা আৰম্ভ কৰিছিল। ৰাণাই প্ৰায় ৭ টা ভাষা জানে।

ন্যায়ালয়ৰ তথ্য় অনুসৰি ২০০৬ চনৰ পৰা ২০০৮ চনৰ নৱেম্বৰ মাহলৈকে তাহব্বুৰে পাকিস্তানৰ ডেভিদ হেডলী আৰু অন্যান্য লোকৰ সৈতে ষড়যন্ত্ৰ কৰি মুম্বাই আক্ৰমণ সংঘটিত কৰিছিল। তেওঁ সন্ত্ৰাসবাদী সংগঠন লস্কাৰ-ই-তৈবা আৰু হৰকত-উল-জিহাদ-ই-ইছলামীক সহায় কৰিছিল।

মুম্বাই আক্ৰমণৰ তদন্ত কৰি কেন্দ্ৰীয় নিৰাপত্তা বিষয়াসকলে জানিব পাৰিছিল যে,২০০৮ চনত ১৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰৰ ভিতৰত ৰাণাই পত্নীৰ সৈতে হাপুৰ, দিল্লী, আগ্ৰা, কোচি, আহমেদাবাদ আৰু মুম্বাই ঘূৰি ফুৰিছিল, এয়া আছিল তেওঁলোকৰ পৰিকল্পনাৰ অংশ । উল্লেখ কৰা প্ৰয়োজন যে, ২০১১ চনত হোৱা মুম্বাই আক্ৰমণে আজিও সেই ভয়ংকৰ দিনটোৰ কথা সোঁৱৰাই দিয়ে, য’ত প্ৰায় ১৬৬ জন লোকৰ মৃত্যু হৈছিল।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...