ক’ভিডৰ দৰেই হ’ব নেকি পৰিস্থিতি! ভাৰতত ধৰা পৰিছে HMPV আক্ৰান্ত ৰোগী

চীনত উৎপন্ন HMPV ভাইৰাছৰ উপস্থিতি ভাৰততো ধৰা পৰিছে। কৰ্ণাটকৰ ৰাজধানী চহৰ বাংগালুৰুত দুটি HMPV ভাইৰাছ আক্ৰান্ত ৰোগী ধৰা পৰা বুলি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (ICMR) নিশ্চিত কৰিছে। জ্বৰত আক্ৰান্ত হোৱাৰ পিছত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বুলি উল্লেখ কৰা হৈছে।

ক’ভিডৰ দৰেই হ’ব নেকি পৰিস্থিতি! ভাৰতত ধৰা পৰিছে HMPV আক্ৰান্ত ৰোগী

ভাৰতত ধৰা পৰিছে HMPV আক্ৰান্ত শিশু

Published: 

06 Jan 2025 | 12:30 PM

ক’ভিডৰ ভয়াৱহতাৰ ভয়ংকৰ দৃশ্য এতিয়াও মনত আছে প্ৰতিগৰাকী ব্যক্তিৰ। চীনত উৎপত্তি হোৱা এই ভাইৰাছে সমগ্ৰ বিশ্বতে চলাইছিল সন্ত্ৰাস। এইবাৰ চীনত উৎপন্ন হৈছে আন এক বিপজ্জনক ভাইৰাছ। এই ভাইৰাছত আক্ৰান্ত হয় বিশেষকৈ ৫ বছৰৰ তলৰ শিশু। সম্প্ৰতি চীনত এই ভাইৰাছে সৃষ্টি কৰিছে ভয়াৱহতাৰ। এনে পৰিস্থিতিত ভাৰততো এই ভাইৰাছক কেন্দ্ৰ কৰি সতৰ্কতা বৃদ্ধি পাইছে। এনে সতৰ্কতাৰ মাজতে শেহতীয়াকৈ প্ৰকাশ পাইছে এক উদ্বেগজনক খবৰ। প্ৰকাশিত খবৰ অনুসৰি কৰ্ণাটকত ধৰা পৰিছে এই ভাইৰাছত আক্ৰান্ত দুটি শিশু।

এই ভাইৰাছবিধৰ নাম হিউমেন মেটাপনিউমোভাইৰাছ (human metapneumovirus), চমুকৈ HMPV। ক’ভিডৰ দৰেই এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ দেহত জ্বৰ, কাহ, চৰ্দি, উশাহ-নিশাহ লোৱাত অসুবিধা আদি লক্ষণ দেখা যায় বুলি জানিব পৰা গৈছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (ICMR) দুয়োটি আক্ৰান্ত শিশুৰ খবৰ নিশ্চিত কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই তথ্য প্ৰদান কৰিছে।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বাংগালুৰুত এটি আঠ মহীয়া শিশু আৰু এটি তিনি মাহৰ শিশুৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি। ভাইৰাছত আক্ৰান্ত তিনি মহীয়া কন্যা শিশুটিক অৱশ্যে চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে বুলি জানিব পৰা গৈছে। আনহাতে ৮ মহীয়া আনটো শিশু এতিয়াও চিকিৎসাধীন হৈ আছে। জ্বৰত আক্ৰান্ত হোৱাৰ পিছত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰে এই সমগ্ৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে বুলি উল্লেখ কৰে। সম্ভাৱ্য যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু বুলিও ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে লগতে কয়। ইতিমধ্যে HMPV সন্দৰ্ভত চৰকাৰে এক পৰামৰ্শ জাৰি কৰিছে। শ্বাস-প্ৰশ্বাসজনিত লক্ষণ আৰু জ্বৰ-চৰ্দিত আক্ৰান্ত ৰোগীক ভালদৰে নিৰীক্ষণ কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে।

চৰকাৰে লগতে HMPV ৰোগীৰ পৰীক্ষা কৰা লেবৰ সংখ্যা বৃদ্ধি কৰা হ’ব বুলিও উল্লেখ কৰিছে। ভাৰত চৰকাৰে নেচনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলক এই বিষয়ত চকু ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। ইয়াৰ উপৰিও ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাক (WHO) এই ৰোগৰ ক্ষেত্ৰত শেহতীয়া তথ্যসমূহ দাঙি ধৰিবলৈও আহ্বান জনাইছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...