শত্ৰুৰ ভেটি কঁপাব ভাৰতৰ শক্তিয়ে, শীঘ্ৰেই নৌসেনাত যোগ হ’ব ১৭ খন যুদ্ধ জাহাজ আৰু ৯ খন চাবমেৰিন
বৰ্তমান নৌসেনাৰ ৬১খন যুদ্ধ জাহাজ আৰু ছাবমেৰিনৰ নিৰ্মাণৰ কাম দেশত বিভিন্ন পৰ্যায়ত চলি আছে আৰু দেশতেই নতুন জাহাজো নিৰ্মাণ কৰা হ’ব।

নৌসেনাৰ জাহাজ
ভাৰতীয় নৌসেনাৰ শক্তি বৃদ্ধিৰ বাবে প্ৰায় ১৭খন নতুন যুদ্ধজাহাজ আৰু ৯খন চাবমেৰিনৰ অনুমোদন লাভৰ প্ৰস্তুতি চলি আছে। সূত্ৰ অনুসৰি বিভিন্ন অনুমোদন প্ৰক্ৰিয়াত আছে এই সকলোবোৰ। বৰ্তমান নৌসেনাৰ ৬১খন যুদ্ধ জাহাজ আৰু ছাবমেৰিনৰ নিৰ্মাণৰ কাম দেশত বিভিন্ন পৰ্যায়ত চলি আছে আৰু দেশতেই নতুন জাহাজো নিৰ্মাণ কৰা হ’ব।
সূত্ৰ অনুসৰি ৭০ হাজাৰ কোটি টকাৰ প্ৰজেক্ট ১৭বিৰ অধীনত ৭খন পৰৱৰ্তী প্ৰজন্মৰ ফ্ৰিগেট আৰু দুখন বহুমুখী জাহাজ নিৰ্মাণৰ প্ৰস্তাৱ অতি সোনকালে আহিব। একে সময়তে প্ৰজেক্ট ৭৫ ইণ্ডিয়া (I)ৰ অধীনত ৭০,০০০ কোটি টকা ব্যয়ৰে ৬খন অত্যাধুনিক ছাবমেৰিন আৰু প্ৰায় ৩৬,০০০ কোটি টকা ব্যয়ৰে প্ৰজেক্ট ৭৫ (এড-অন)ৰ অধীনত ৩খন স্ক’ৰ্পিন শ্ৰেণীৰ চাবমেৰিনো নিৰ্মাণ কৰা হ’ব।
ইয়াৰ উপৰিও পৰৱৰ্তী প্ৰজন্মৰ ৮খন কৰ্বেট নিৰ্মাণৰ পৰিকল্পনাও আছে, যাৰ বাবে প্ৰায় ৩৬ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব। আটাইকেইটা প্ৰকল্পৰ মুঠ ব্যয় হ’ব ২.৪০ লাখ কোটি টকাৰো অধিক। সূত্ৰ অনুসৰি পুৰণি প্লেটফৰ্মৰ ঠাইত নতুন যুদ্ধ জাহাজ আৰু চাবমেৰিনে লাভ কৰিব নৌসেনাই। এইবোৰে কাৰিকৰী সামৰ্থ আৰু শক্তি বৃদ্ধি কৰিব। এয়া কেৱল ভাবুকিৰ মূল্যায়নৰ ওপৰত ভিত্তি কৰি নহয়, সামৰ্থ বৃদ্ধিৰ ওপৰত ভিত্তি কৰি কৰা পৰিকল্পনা।
চীনৰ প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ প্ৰস্তুতি
চীনৰ পি এল এ নৌসেনা বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ নৌসেনা, য’ত ৩৫৫খন যুদ্ধ জাহাজ আৰু চাবমেৰিন আছে। ভাৰতীয় নৌসেনাৰ ১৩০ খনতকৈও অধিক জাহাজ আৰু চাবমেৰিন আছে। পুৰণি প্লেটফৰ্ম দ্ৰুতভাৱে অচল হোৱাৰ বাবে নতুন জাহাজৰ প্ৰয়োজন হয়, যাতে মুঠ শক্তি বৃদ্ধি কৰিব পৰা যায়।
অৱশ্যে ভাৰতীয় নৌসেনাৰ হাতত এতিয়াও বহু পুৰণি ছাবমেৰিন আছে। ৬খন থলুৱা স্ক’ৰ্পিন শ্ৰেণীৰ চাবমেৰিনৰ প্ৰৱেশৰ পিছতো নৌসেনাৰ চাবমেৰিন শাখাত ১২খন পুৰণি চাবমেৰিন কাৰ্যক্ষম হৈ আছে। এনে পৰিস্থিতিত নৌসেনাক আৰু অধিক শক্তিশালী ধ্বংসকাৰী জাহাজ আৰু চাবমেৰিনৰ প্ৰয়োজন।
আটাইতকৈ ডাঙৰ নাটনি হৈছে ধ্বংসকাৰী জাহাজৰ। ১৯৯৭ চনত দিল্লী শ্ৰেণীৰ ধ্বংসকাৰী জাহাজসমূহক নিযুক্তি দিয়া হৈছিল, আৰু ইয়াৰ বয়স ২৫ বছৰতকৈও অধিক। মেৰামতি কৰিলে আৰু ১০-১৫ বছৰ ব্যৱহাৰ কৰিব পাৰি, কিন্তু এতিয়াই নতুন প্ৰকল্প আৰম্ভ নকৰিলে ভৱিষ্যতে ইয়াৰ সংখ্যা কমি যাব পাৰে। এই কথা মনত ৰাখি ভাৰতে প্ৰস্তুতি ক্ষিপ্ৰতাৰে কৰিছে।
উল্লেখ্য যে, ধ্বংসকাৰী জাহাজ হৈছে বহু ভূমিকা গ্ৰহণ কৰা জাহাজ যিয়ে সাগৰ, পানীৰ তলত আৰু বতাহত একেলগে কাম কৰিব পাৰে। ভাৰতীয় নৌসেনাই ২০৩৫ চনৰ ভিতৰত ১৭৫খন নতুন জাহাজৰ বহৰ প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।