উত্তৰ প্ৰদেশত বানৰ ভয়ংকৰ ৰূপ! বন্ধ দিল্লী-লক্ষ্ণৌ ৰাষ্ট্ৰীয় ঘাইপথ, ১১জনৰ মৃত্যু

ভয়াৱহ বানপানীৰ কবলত উত্তৰ প্ৰদেশ। ৰাজ্যখনত বানপানীয়ে বৰ্তমান সময়ত ধাৰণ কৰিছে কালৰূপ। বহুতে নিজৰ ঘৰ এৰি সুৰক্ষিত স্থানত আশ্ৰয় লৈছে। বানপানীৰ বাবে পোহনীয়া জীৱ-জন্তুবোৰো সমস্যাৰ সন্মুখীন হৈছে।

উত্তৰ প্ৰদেশত বানৰ ভয়ংকৰ ৰূপ! বন্ধ দিল্লী-লক্ষ্ণৌ ৰাষ্ট্ৰীয় ঘাইপথ, ১১জনৰ মৃত্যু

উত্তৰ প্ৰদেশত বানৰ ভয়ংকৰ ৰূপ

Published: 

13 Jul 2024 12:04 PM

বানপানীৰ কবলত পৰিছে উত্তৰ প্ৰদেশৰ ১৬খনকৈ জিলা । নেপালৰ পৰা পানী এৰি দিয়াৰ ফলত ৰাজ্যখনৰ বহুতো জিলা বানপানীত প্লাবিত হৈছে। ইয়াত কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত পানী জমা হৈছে। বানপানীৰ বাবে লক্ষ্ণৌ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া হৈছে। যোৱা ২৪ ঘণ্টাত বানপীড়িত অঞ্চলবোৰত ডুব গৈ আৰু বজ্ৰপাতৰ ফলত ১১জন লোকে প্ৰাণ হেৰুৱাইছে।

বানপীড়িত অঞ্চলত বাস কৰা লোকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। মানুহে প্ৰতিদিনৰ প্ৰয়োজনীয়তাৰ সামগ্ৰীবোৰ পাবলৈও সংগ্ৰাম কৰিব লগা হৈছে। ঘৰ, বিদ্যালয়, চিকিৎসালয় পথ সকলো এতিয়া পানীৰ তলত। প্ৰভাৱিত হৈছে যানবাহনৰ চলাচলো । পানী জমা হোৱাৰ ফলত, সাপবোৰে আশ্ৰয় বিচাৰি মানুহৰ বাসস্থলীলা ধাৱমান হৈছে। এনে বহুতো প্ৰাণী যিয়ে নিজে বাহ তৈয়াৰ কৰি জীয়াই থাকে এতিয়া বানপানীৰ পৰা বাহিৰলৈ ওলাই আহিছে।

ৰাজ্যখনত বানপানীৰ বাবে হাৰদোইৰ ৮০খনতকৈও অধিক বিদ্যালয় ১৮ জুলাইলৈকে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। শ শ গাওঁ বৰষুণৰ পানীৰে ভৰি পৰিছে। মানুহবোৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।

উত্তৰ প্ৰদেশত মুঠ ১৬খন জিলা বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। এই জিলাবোৰ হৈছে লখিমপুৰ, গোণ্ডা, বলৰামপুৰ, কুশীনগৰ, শ্বাহজাহানপুৰ, বালিয়া, বস্তি, সিদ্ধাৰ্থনগৰ, বাৰাবাঁকী, সীতাপুৰ, গোৰখপুৰ, বৰেলী, আজমগড়, হাৰদোই, অযোধ্যা, মোৰাদাবাদ আৰু বাহৰাইচ।

বানপীড়িত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰৰ বাবে এনডিআৰএফ আৰু এছডিআৰএফৰ ১৫টা বেটেলিয়ন মোতায়েন কৰা হৈছে। লগতে, উত্তৰ প্ৰদেশ পিএচিৰ ২৮টা বেটেলিয়নও মোতায়েন কৰা হৈছে। অৱশ্যে কিছুমান জিলাত বানপানী হ্ৰাস হোৱা আৰম্ভ হৈছে। কিন্তু ৰাপ্তি, চাৰিউ, গণ্ডক, ৰামগংগা আৰু ঘাঘৰাৰ দৰে নদী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে।

Related Stories
কোনে বন্ধ কৰিছিল আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ইন্ধনৰ চুইচ? ২ পাইলটৰ মাজত হোৱা কথা-বতৰাক লৈ চৰ্চা…
সম্পত্তিৰ লোভ আৰু ১০ লাখ টকাৰ ভাড়াতীয়া শ্বুটাৰ! পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ চিৰদিনলৈ চকু মুদিলে পতিয়ে
চাংপোৰ ওপৰত চীনে গোপনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ…শংকা প্ৰকাশ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ
চৰাইৰ খুন্দাৰ বাবে সংঘটিত হৈছিল নেকি আহমেদাবাদ দুৰ্ঘটনা! প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য
হুৰমূৰকৈ বাগৰি পৰিল চাৰি মহলীয়া অট্টালিকা, আৱদ্ধ ১২ জন লোকঃ অব্যাহত উদ্ধাৰ অভিযান
আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ ন-ন তথ্যঃ বিমান কোম্পানীৰ বিৰুদ্ধে লোৱা হ’ব নেকি ব্যৱস্থা!
জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক
শাওন মাহত ভুলতো নকৰিব এইসমূহ কাম, মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ’ব আপুনি!