১৫৯ নট আউট! জানেনে দেশৰ আটাইতকৈ পুৰণি ৰে’লখনৰ বিষয়ে? কেতিয়াবা যাত্ৰী হ’ব আপুনিও…
বিশ্বৰ অন্যতম বৃহৎ ৰে’লৱে নেটৱৰ্ক হৈছে ভাৰতীয় ৰে’লৱে। এই বিশাল ৰে’লৱে নেটৱৰ্কে দেশক উত্তৰৰ পৰা দক্ষিণলৈ, পূবৰ পৰা পশ্চিমলৈ সংযোগ কৰে। পিছে ভাৰতীয় ৰে’লৱেৰ আটাইতকৈ পুৰণি কোনখন ৰে’লখন কি জানেনে?

দেশৰ আটাইতকৈ পুৰণি ৰে’ল
দেশৰ পৰিবহণ ব্যৱস্থাত বহুল ব্যৱহৃত মাধ্যম হৈছে ৰে’লৱে। সুলভ হোৱাৰ লগতে সুগম সেৱাৰ বাবে ৰে’লৱেৰ প্ৰতি জনসাধাৰণে যথেষ্ট আস্থা প্ৰকাশ কৰে। সেয়ে প্ৰায় সকলো লোকেই কোনো নহয় কোনো সময়ত ৰে’লযোগে যাত্ৰা কৰে। দূৰণিবটীয়া যাত্ৰাৰ বাবেও সেয়ে অধিকাংশ লোকে ৰে’লৰ ওপৰত নিৰ্ভৰ কৰে। বিশ্বৰ অন্যতম বৃহৎ ৰে’লৱে নেটৱৰ্ক হৈছে ভাৰতীয় ৰে’লৱে। এই বিশাল ৰে’লৱে নেটৱৰ্কে দেশক উত্তৰৰ পৰা দক্ষিণলৈ, পূবৰ পৰা পশ্চিমলৈ সংযোগ কৰে।
পিছে ভাৰতীয় ৰে’লৱেৰ আটাইতকৈ পুৰণি কোনখন ৰে’লখন কি জানেনে? বা ৰে’লখনৰ বিশেষত্বৰ বিষয়ে জানেনে আপুনি? স্বাভাৱিকতেই ভাৰতীয় ৰে’লৱেৰ ইতিহাসৰ অভিন্ন অংগস্বৰূপ এই ৰে’লখনৰ বিষয়ে জানিলে উপকৃত হ’ব আপুনি। গতিকে জানো আহক ভাৰতীয় ৰে’লৱেৰ আটাইতকৈ পুৰণি এই ৰে’লখনৰ বিষয়ে।
দেশৰ আটাইতকৈ পুৰণি ৰে‘লখন হৈছে নেতাজী এক্সপ্ৰেছ। অৱশ্যে বহুলোকেই এই নামেৰে ৰে’লখন চিনি নাপায়। দেশৰ আটাইতকৈ পুৰণি এই ৰে’লখন হৈছে কলকা মেইল। এই ৰে’লখন পশ্চিম বংগৰ হাওৰাৰ পৰা হাৰিয়ানাৰ কলকালৈ চলাচল কৰে। অৱশ্যে এই ৰে’লখন পূৰ্বে কলকাতাৰ পৰা নতুন দিল্লীলৈ চলাচল কৰিছিল।
অৱশ্যে পিছলৈ সেই পথটো কলকালৈ সম্প্ৰসাৰিত কৰা হয়। এই কলকাৰো বিশেষ গুৰুত্ব আছে। ব্ৰিটিছ যুগত ছিমলা দেশৰ গ্ৰীষ্মকালীন ৰাজধানী আছিল। সেইবাবেই কলকাৰ পৰা ছিমলালৈ ৰে’লপথ নিৰ্মাণ কৰা হৈছিল। তথ্য অনুসৰি হাওৰা-কলকা মেইলৰ যাত্ৰা আৰম্ভ হৈছিল ১৮৬৬ চনৰ ১ জানুৱাৰীৰ পৰা।
সেই সময়ত এই ৰে’লখনক ইষ্ট ইণ্ডিয়া ৰে’লৱে মেইল বুলি কোৱা হৈছিল। পিছত নামটো সলনি কৰি হাওৰা-কলকা মেইল কৰা হয়। ১৫৯ বছৰ ধৰি চলি আছে এই ৰে’ল। ২০২১ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকীত কলকা মেইলৰ নাম সলনি কৰি নেতাজী এক্সপ্ৰেছ কৰা হয়।