মাত্ৰ ৫ টকা! পথাৰত উদ্ধাৰ এটি শিশুৰ টুকুৰা টকুৰ মৃতদেহ, কাৰণ শুনিলে আচৰিত হ’ব আপুনি

মানুহ কেনেকৈ ইমান নৃশংস হ'ব পাৰে? পুত্ৰৰ বয়সৰ এটি শিশুক কেনদৰে হত্যা কৰিব পাৰে? এনে ধৰণৰ এক ঘটনাই পোহৰলৈ আহিছে য'ত এজনলোকে পুত্ৰৰ বন্ধুক হত্যা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্য়ৰ সৃষ্টি কৰিছে।

মাত্ৰ ৫ টকা! পথাৰত উদ্ধাৰ এটি শিশুৰ টুকুৰা টকুৰ মৃতদেহ, কাৰণ শুনিলে আচৰিত হব আপুনি

অভিযুক্ত

Published: 

17 Nov 2024 | 02:08 PM

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। পাষাণ মনোবৃত্তিৰ একাংশ লোকে সৰু সৰু কথাতেই হত্যাৰ দৰে অপৰাধ সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে। শিশুৰ পৰা বৃদ্ধলৈ সকলোকে নিজৰ নীচ মানসিকতাৰ বলি বনাই এইসকলে। এনে ধৰণৰ এক ঘটনা পোহৰলৈ আহিছে য’ত এজন লোকে মাত্ৰ ৫ টকাৰ বাবে এটি শিশুক হত্যা কৰে। উত্তৰ প্ৰদেশৰ হৰদোই জিলাত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত লোকজনক। জানিব পৰা মতে দুই শিশুৰ মাজত ৫ টকাকলৈ কাজিয়া লাগিছিল আৰু সেই বিবাদৰ পৰিণতিতেই এটা শিশুক হত্যা কৰে এজনে।

ঘটনাৰ বিৱৰণী অনুসৰি হৰদোইৰ শ্বাহবাদ থানাৰ অন্তৰ্গত লালপুৰ গাঁৱৰ বাসিন্ধা নিতৰামৰ ১১ বছৰীয়া পুত্ৰ খেলি থকাৰ সময়ত হঠাতে নিৰুদ্দেশ হয়। তাৰ পাছত শিশুটিৰ মৃতদেহ কুহিয়াৰৰ খেতিৰ মাজত টুকুৰা টুকুৰ অৱস্থাত উদ্ধাৰ হয়। নগ্ন অৱস্থাত উদ্ধাৰ হোৱা শিশুটিৰ হাত ভৰি মৃতদেহটোৰ প্ৰায় ২৮ মিটাৰ দূৰত উদ্ধাৰ হয়। ইতিমধ্যে পচিবলৈ আৰম্ভ কৰিছিল শিশুটিৰ মৃতদেহ।  আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ফৰেনচিক দলে সকলো তথ্য সংগ্ৰহ কৰিছে।

ঘটনাৰ বিষয়ে শিশুটিৰ পৰিয়ালৰলোকে জনোৱা অনুসৰি, শেষবাৰৰ বাবে তেওঁলোকৰ সন্তানক ঘৰৰ ওচৰৰ খেলি থকা দেখা পাইছিল। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে শিশুটিৰ লগত খেলি থকা অন্য শিশুটিৰ পিতৃয়ে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছে। অভিযুক্তৰ নাম ছোতেলাল। আৰক্ষীৰ জেৰাত অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ কৰে আৰু হত্যাকাণ্ডৰ কাৰণৰ কথা উল্লেখ কৰে। অভিযুক্তই জনাই যে, মাত্ৰ ৫ টকাকলৈ আৰম্ভ হোৱা বিবাদৰ পৰিণতিতেই শিশুটিক কুহিয়াৰৰ খেতিলৈ নি হত্যা কৰে।

হৰদোইৰ আৰক্ষী অধীক্ষক নীৰজ জাদাউনে এই ঘটনাৰ বিষয়ে সবিশেষ জনায়। আৰক্ষীয়ে কয় যে, গ্ৰেপ্তাৰ হোৱা অভিযুক্তই হত্যাকাণ্ড সন্দৰ্ভত জনাই যে বিনোদ আৰু মৃত আয়ুস একেলগে খেলি আছিল। খেলৰ মাজতে আয়ুসে অভিযুক্তৰ পুত্ৰ বিনোদৰ পৰা ৫ টা লাভ কৰে। আয়ুসে বিনোদৰ পৰা সেই ৫ টকা লৈ দৌৰিব লওতেই তাত থকা শিল এটাত উজুতি খাই পৰি যায়। আয়ুস সেই স্থানতে অচেতন হৈ পৰে আৰু এই সকলো ঘটনা লক্ষ্য কৰি থাকে অভিযুক্তই।

ঘটনাৰ পাছত প্ৰথমে অভিযুক্তই আয়ুসক উঠাবলৈ চেষ্টা কৰে, কিন্তু যেতিয়া আয়ুস অচেতন অৱস্থাতেই আছিল তেতিয়া খেতিপছাৰলৈ নি  ডিঙি চেপি হত্যা কৰে। আৰক্ষীয়ে কয় যে, পৰৱৰ্তী সময়ত অভিযুক্তই আয়ুসৰ মৃতদেহটো খেতি পথাৰত থৈ আহিছিল আৰু তাতেই জন্তুই মৃতদেহটো খাই টুকুৰা টুকুৰ কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব