এটা চাকৰিৰ আশা হৈ পৰিছে মৃত্যুৰ কাৰণ! কনিষ্টবল পদৰ বাবে শাৰীৰিক পৰীক্ষা দিবলৈ গৈ ১০ জনৰ মৃত্যু

ঝাৰখণ্ডত আবকাৰী কনিষ্টবল পদৰ বাবে চলি থকা শাৰীৰিক পৰীক্ষাৰ সময়ত এইপৰ্যন্ত ১০ জন প্ৰাৰ্থীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। চাকৰি প্ৰত্যাশী যুৱকসকলৰ মৃত্যুৰ খবৰে সকলোকে শোকাহত কৰি তুলিছে। যুৱককেইজনৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত যথেষ্ট চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে।

এটা চাকৰিৰ আশা হৈ পৰিছে মৃত্যুৰ কাৰণ! কনিষ্টবল পদৰ বাবে শাৰীৰিক পৰীক্ষা দিবলৈ গৈ ১০ জনৰ মৃত্যু

কনিষ্টবল পদৰ বাবে অনুষ্ঠিত হৈছে শাৰীৰিক পৰীক্ষা

Published: 

01 Sep 2024 | 02:43 PM

ঝাৰখণ্ড চৰকাৰে ৰাজ্যখনত আবকাৰী কনিষ্টবল পদত মকৰলৰ বাবে শেহতীয়াকৈ কনিষ্টবল পদৰ চাকৰি মুকলি কৰিছিল। ৰাজ্যিক কৰ্মচাৰী আয়োগৰ উদ্যোগত ৰাজ্যখনত এই পদসমূহৰ নিযুক্তি পৰীক্ষাৰ আয়োজন কৰা হৈছে। মুঠ ৫৮৩টা পদত নিযুক্তিৰ বাবে নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে সম্প্ৰতি শাৰীৰিক পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। শোকাৱহভাৱে এই শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত এই পৰ্যন্ত ১০জন চাকৰি প্ৰত্যাশী প্ৰাৰ্থীৰ মৃত্যু হৈছে। এটা চৰকাৰী চাকৰি লাভৰ আশাত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আহি এইদৰে ১০ গৰাকীকৈ যুৱকৰ মৃত্যুৰ ঘটনাই সকলোকে জোকাৰি তুলিছে।

প্ৰকাশিত খবৰ অনুসৰি যোৱা ২২ আগষ্টৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এই পদসমূহৰ বাবে শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হৈছে। নিয়ম অনুসৰি পদসমূহত নিযুক্তিৰ বাবে প্ৰথমে শাৰীৰিক পৰীক্ষা কৰা হৈছে। এই পৰীক্ষাত সফল হোৱা পৰীক্ষাৰ্থীয়েহে লিখিত পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰিব। যিসকল প্ৰাৰ্থী লিখিত পৰীক্ষাতো সফল হ’ব তেওঁলোকক চিকিৎসা পৰীক্ষা আৰু নথি পৰীক্ষণৰ বাবে নিৰ্বাচিত কৰা হ’ব।

এই পৰীক্ষাৰ প্ৰথম পৰ্যায়ত শাৰীৰিক পৰীক্ষা অত্যন্ত কঠিন বিবেচিত হৈছে। পুৰুষ প্ৰাৰ্থীসকলৰ শাৰীৰিক পৰীক্ষাত ১০ কিলোমিটাৰ দৌৰ অনুষ্ঠিত কৰা হয়। ইয়াৰ বাবে প্ৰাৰ্থীসকলৰ হাতত থাকে ৬০ মিনিট সময়। আনহাতে মহিলা প্ৰাৰ্থীসকলে ৫ কিলোমিটাৰ দৌৰত অৱতীৰ্ণ হ’বলগীয়া হয়। এই দূৰত্বৰ দৌৰৰ বাবে মহিলা প্ৰাৰ্থীসকলক ৪৫ মিনিট সময় দিয়া হয়।

শাৰীৰিক পৰীক্ষাৰ সময়ত এইদৰে প্ৰাৰ্থীৰ মৃত্যুৰ খবৰে সকলোকে শোকাহত কৰি তুলিছে। এনে ঘটনাৰ বাবে সীমিত সংখ্যক খালী পদ মুকলিৰ বিষয়টোক দোষাৰোপ কৰিছে প্ৰাক্তন আই পি এছ বিষয়া অৰুণ ওৰাওনে। তেওঁ কয় যে এইদৰে কমকৈ পদ মুকলি কৰা হৈছে যদিও বৃহৎ সংখ্যক যুৱক যুৱতী পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু ইয়াৰ ফলত প্ৰাৰ্থীসকলে সফল হোৱাৰ আশাত ক্ষমতাতকৈ শৰীৰত অধিক হেঁচা প্ৰয়োগ কৰে।

তেওঁ কয় যে একাংশ অংশগ্ৰহণকাৰীয়ে আনকি ষ্টেমিনা বৃদ্ধিৰ বাবে নিষিদ্ধ ঔষধ সেৱন কৰিছে। প্ৰাক্তন আই পি এছ বিষয়াগৰাকীয়ে লগতে কয় যে এনে সকলো নিযুক্তিতে লিখিত পৰীক্ষা সাধাৰণ কথা। এনে পৰিস্থিতিত নিযুক্তিৰ সমগ্ৰ দায়িত্ব শাৰীৰিক পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰা বিষয়টোতো তেওঁ প্ৰশ্ন উত্থাপন কৰে। শাৰীৰিক পৰীক্ষাৰ সময়ত বতৰৰ অৱস্থাও এনেধৰণৰ ঘটনাৰ কাৰণ হ’ব পাৰে বুলি তেওঁ লগতে কয়।

লক্ষণীয়ভাৱে মুঠ ৫৮৩টা পদৰ বাবে বহু যুৱক যুৱতীয়ে আবেদন জনাইছে। যিকোনো প্ৰকাৰে কৰ্মসংস্থাপন পোৱাৰ আশাত উচ্চ যোগ্যতাসম্পন্ন লোকেও এই কনিষ্টবল নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা বুলি বিষয়াসকলে জানিবলৈ দিছে। সাধাৰণতে এই লোকসকলৰ শৈক্ষিক ক্ষমতা অধিক যদিও শাৰীৰিক ক্ষমতা কিছু দুৰ্বল হোৱা দেখা যায় আৰু এনে পৰিস্থিতিত শাৰীৰিক ক্ষমতাত অধিক কষ্ট কৰাৰ বাবে তেনে কেইগৰাকীমান প্ৰাৰ্থীৰ মৃত্যু ঘটিৱব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে এগৰাকী বিষয়াই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব