একাংশ ছবিগৃহত বৃদ্ধি পাইছে “ৰৈ ৰৈ বিনালে”ৰ টিকেটৰ মূল্য, সামাজিক মাধ্যমত স্পষ্টীকৰণ…

হঠাৎ একাংশ ছবিগৃহত টিকটৰ দাম বৃদ্ধি অভিযোগ উত্থাপন হৈছে। যাক লৈ সামাজিক মাধ্যমত হৈছে সৰৱ চৰ্চা। বিভিন্নজনে কৰিছে বিভিন্ন মন্তব্য। জুবিনক লৈ ব্যৱসায় নকৰিবলৈ আহ্বান অনুৰাগী। তাৰ পিছতে এই বিষটো সন্দৰ্ভত মুখ খুলিছে ‘ৰৈ ৰৈ বিনালে’ৰ টীমে।

একাংশ ছবিগৃহত বৃদ্ধি পাইছে ৰৈ ৰৈ বিনালেৰ টিকেটৰ মূল্য, সামাজিক মাধ্যমত স্পষ্টীকৰণ...

ৰৈ ৰৈ বিনালে

Updated On: 

26 Oct 2025 17:02 PM

কেৱল জুবিন নহয়, এতিয়া অসমীয়াৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’। এতিয়া ৩১ অক্টোবৰত অসমৰ ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘ৰৈ ৰৈ বিনালে’। মুক্তিৰ পূৰ্বে ছবিখনে ধুমুহাৰ সৃষ্টি কৰিছে, কিয়নো এইখন জুবিন গাৰ্গৰ অন্তিমখন ছবি। শুকুৰবাৰে ছবিখনৰ অগ্ৰিম টিকট বুকিং আৰম্ভ কৰি দিয়া হয়। কিন্তু টিকট মুকলি কৰাৰ পিছতে গঢ়িলে অভিলেখ।

ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰে দিনাৰ পৰাই পুনৰ এবাৰ শোকত ডুব গৈছে অসমবাসী। কিয়নো বাস্তৱৰ সৈতে ছবিখনৰ সংলাপৰ যথেষ্ঠ মিল দেখিছে অনুৰাগীয়ে। ট্ৰেইলাৰত দেখুওৱাৰ দৰে সাগৰখন সাঁতুৰি পাৰ হ’ব পাৰিম নে বুলি প্ৰশ্ন কৰা জুবিনৰ অন্তিম ঠিকনা সাগৰেই হ’ল! ছবিখনৰ অগ্ৰিম টিকট বিক্ৰীৰ পিছতে সকলো ছবিগৃহ ইতিমধ্যে হাউছফুল। ইয়াৰ বাবে BookMyShowৰ শীৰ্ষত চাৰ্চ লিষ্টটো আহিছে অসমীয়া ছবি ‘ৰৈ ৰৈ বিনালে’।

কিন্তু ইয়াৰ মাজতে হঠাৎ একাংশ ছবিগৃহত টিকটৰ দাম বৃদ্ধি অভিযোগ উত্থাপন হৈছে। যাক লৈ সামাজিক মাধ্যমত হৈছে সৰৱ চৰ্চা। বিভিন্নজনে কৰিছে বিভিন্ন মন্তব্য। জুবিনক লৈ ব্যৱসায় নকৰিবলৈ আহ্বান অনুৰাগী। তাৰ পিছতে এই বিষটো সন্দৰ্ভত মুখ খুলিছে ‘ৰৈ ৰৈ বিনালে’ৰ টীমে। সামাজিক মাধ্যমত টিকটৰ দাম বৃদ্ধিক লৈ দিছে এক স্পষ্টীকৰণ।

শ্বেয়াৰ কৰা পোষ্টটোত কোৱা হৈছে, “ৰৈ ৰৈ বিনালে”ৰ টিকেটৰ মূল্য বৃদ্ধিক লৈ চলি থকা চৰ্চা সমূহ দেখি আমি পিভিআৰ, চিনেপলিছ্ আৰু অন্যান্য ছবিগৃহ সমূহৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিলোঁ। এই মূল্য বৃদ্ধিৰ কাৰণ হৈছে “Dynamic Pricing”। অৰ্থাৎ, কোনো এখন ছবিৰ টিকেট বুকিং যেতিয়া ৬০% সম্পূৰ্ণ হয় তেতিয়া ছবিখনৰ টিকটৰ দাম বৃদ্ধি পায়, পৰৱৰ্তী ৮০% বুকিং হ’লে তেনেদৰেই আকৌ বৃদ্ধি পায়। এই “Dynamic Pricing” সকলো চিনেমাৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়।”

লগতে লিখিছে, “সেয়েহে, আমি এই সময়ত ছবিগৃহৰ কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে “ৰৈ ৰৈ বিনালে”ৰ ক্ষেত্ৰত টিকটৰ মূল্য বৃদ্ধি হ’ব নালাগে আৰু “Dynamic Pricing” আমাৰ ছবিখনৰ সৈতে প্ৰযোজ্য কৰিব নালাগে। কৰ্তৃপক্ষই এই কথাত সন্মতি জনাইছে আৰু আগন্তুক ১-২ ঘণ্টাৰ ভিতৰত আপোনালোকে পূৰ্ব নিৰ্ধাৰিত দামতেই “ৰৈ ৰৈ বিনালে”ৰ টিকট সংগ্ৰহ কৰিব পাৰিব।”

মানিবেগত ৰাখক মাত্ৰ এই ৫ টা বস্তু! কেতিয়াও নহয় ধনৰ সমস্যা...
হ'ব সৰ্বনাশ! ভুলতো তুলি নল'ব ৰাস্তাত পৰি থকা এই ৫টা বস্তু...
উচ্চ ৰক্তচাপ স্বাভাৱিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ দৈনিক এই ৩ বিধ শাক-পাচলিৰ ৰস সেৱন কৰক
কোনবোৰ আত্মাই ভয়ংকৰ যন্ত্ৰণা ভোগ কৰে? প্ৰেমানন্দ মহাৰাজে ক'লে...