অসমীয়াই শুনিব নোখোজা এটা খবৰ…জুবিন গাৰ্গ কায়িকভাৱে আৰু নাই, ভাগৰিব নোখোজা কণ্ঠটো আজি ৰুদ্ধ হৈ ৰ’ল অনাদি কাললৈ
অসম আৰু অসমীয়াক মৰি মুজি ভালপোৱা জুবিন গাৰ্গে অকাল মৃত্যুক সাৱটি ল'লে সুদূৰ ছিংগাপুৰত। এনে এটা খবৰৰ বাবে হয়তো কোনো অসমীয়াই কেতিয়াও অপেক্ষা কৰা নাছিল।

জুবিন গাৰ্গৰ দেহাৱসান
জুবিন গাৰ্গ, কেৱল এটা নাম নহয়। অসম আৰু অসমীয়াৰ বাবে জুবিন গাৰ্গ হৈছে এটা সত্বা। এটা কণ্ঠৰ নাম জুবিন, এটা আবেগৰ নাম জুবিন, এক অনুপ্ৰেৰণাৰ নাম জুবিন, বিধ্বস্ত জীৱনত নতুন বৰষা নমোৱা এটি আশাৰ নাম জুবিন, হাজাৰ জনক জগোৱা এটা আহ্বানৰ নাম জুবিন, এটি অনুষ্ঠানৰ নাম জুবিন, উজাগৰী নিশা সাৰথি হৈ ৰোৱা এটি জীৱনদায়িনী শক্তিৰ নাম জুবিন। জুবিনৰ বাবে উপমাৰ শেষ নাই। জুবিন কি বুলিলে এটা লেখাত সেয়া বৰ্ণনা কৰি অঁতাব নোৱাৰি।
কিন্তু আজি সেই শিল্পীগৰাকীয়েই অগণন গুণমুগ্ধক কন্দুৱাই চিৰ বিদায় মাগিলে এই সংসাৰৰ পৰা। অসম আৰু অসমীয়াক মৰি মুজি ভালপোৱা জুবিন গাৰ্গে অকাল মৃত্যুক সাৱটি ল’লে সুদূৰ ছিংগাপুৰত। এনে এটা খবৰৰ বাবে হয়তো কোনো অসমীয়াই কেতিয়াও অপেক্ষা কৰা নাছিল। জুবিনৰ বাবে নিজৰ প্ৰাণটোকো বিসৰ্জন দিব পৰা অসমীয়া ৰাইজে আজি চকুলো টুকিবলগীয়া হৈছে শিল্পীগৰাকীৰ অকাল মৃত্যুৰ খবৰত।
লগতে পঢ়ক: Zubeen Garg Death: জুবিন গাৰ্গ আৰু নাই, সকলোকে এৰি গুচি গ’ল হাৰ্টথ্ৰ’ৱ
কি নাছিল জুবিন গাৰ্গ? একাধাৰে কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, অভিনেতা, পৰিচালক, আবৃত্তিকাৰ…সকলোৰে ঊৰ্ধত এজন মানৱ দৰদী ব্যক্তি। কাৰোবাৰ অসহায় অৱস্থাই বাৰুকৈয়ে কন্দুৱাইছিল তেওঁক। কাক কিমান ধৰণে যে জুবিন গাৰ্গে সহায় কৰিছিল সেয়া কৈ শেষ কৰিব নোৱাৰি। কিন্তু এইগৰাকী শিল্পীয়ে এনেকৈ বিদায় মাগিব বুলি কচমিন কালেও অসমীয়াই কল্পনা কৰা নাছিল। কেতিয়াও নাভাগৰা, কেতিয়াও জীৱন হেৰুৱা নোখোজা জুবিন গাৰ্গ আজি শুই পৰিল নিয়তিৰ শীতল কোলাত।
জুবিন গাৰ্গৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত। তেওঁৰ পিতৃ হৈছে কপিল বৰঠাকুৰ আৰু মাতৃ স্বৰ্গীয় ইলি বৰঠাকুৰ। তেওঁলোকৰ মূল ঘৰ আছিল শিৱসাগৰ জিলাৰ জাঁজীত। কৰ্মসূত্ৰে দেউতাক আছিল মেজিষ্টেট। সেয়েহে চাকিৰৰ খাতিৰত বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগীয়া হৈছিল তেওঁলোকৰ পৰিবাৰ। তামুলপুৰত স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত জুবিন গাৰ্গে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল।
১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱত পাশ্চাত্য একক সংগীত পৰিৱেশনত সোণৰ পদক লাভ কৰিছিল জুবিন গাৰ্গে। সেয়াই আছিল টাৰ্ণিং পইণ্ট। তাৰ পাছত জুবিন গাৰ্গে যেন সোণৰ জখলাৰে বগাবলৈ আৰম্ভ কৰে। ১৯৯২ চনতেই মুক্তি পাইছিল তেওঁৰ প্ৰথমটো এলবাম অনামিকা। পেছাদাৰী সংগীতৰ ক্ষেত্ৰখনত এয়া জুবিনৰ প্ৰথমখোজ।
অনামিকাৰ গীতসমূহ ইমানেই জনপ্ৰিয় হৈ পৰে যে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে আজিও সেই গীত গুণগুণায়। কেৱল অসমীয়া ভাষাতেই নহয়, বাংলা, হিন্দী, তামিল, ওড়িয়া, তামিল, পাঞ্জাৱী, মাৰাঠী, নেপালী আদি বিভিন্ন ভাষাত গীত পৰিৱেশন কৰিছিল জুবিন গাৰ্গে। তাৰোপৰি অসমীয়া বিভিন্ন জনগোষ্ঠী ভাষা যেনে বড়ো, কাৰ্বি, মিছিং, ৰাভা, আদিবাসী (চাহ জনগোষ্ঠী) ৰ ভাষাতো জুবিন গাৰ্গে অলেখ গীতত কণ্ঠ নিগৰাইছিল।
জুবিন গাৰ্গৰ গীত মানেই যেন এক অনুপ্ৰেৰণা। তেওঁৰ গীতত আছিল মাটিৰ গোন্ধৰ পৰা ডাৱৰৰ কোমলতালৈ বিভিন্ন পৰশ। তাৰোপৰি ছবি পৰিচালক, অভিনেতা হিচাপেও জুবিনৰ খ্যাতি আছিল। তেওঁৰ অভিনীত মন যায় আজিও জনপ্ৰিয়তাৰ শীৰ্ষত। আচলতে জুবিন গাৰ্গ এখন লিখি শেষ কৰিব নোৱৰা উপন্যাসৰ দৰেই। তেওঁৰ কাহিনী লিখি অন্ত কৰিব পৰা নাযায়। প্ৰাণৰ এই শিল্পীগৰাকীক হেৰুৱাই আজি উকা হৈ পৰিছে অসমীয়াৰ হৃদয়।