বুৰ্জ খালিফাত যাবলৈ কিমান টকাৰ প্ৰয়োজন হয়?

19 Sept 2025

TV9 ASSAM

পৃথিৱীৰ সবাতোকৈ ওখ বিল্ডিং বুৰ্জ খালিফা। এই বিল্ডিং চোৱাৰ বাবে দেশ-বিদেশৰ পৰা বহু পৰ্যটক আহে। এই বুৰ্জ খালিফাত ১৬৩ টা ফ্ল'ৰ আছে। য'ত হোটেল, ৰেষ্টুৰেন্ট, অফিচ আদি আছে।

বুৰ্জ খালিফা

ইয়াক বিভিন্ন ধৰণৰ সুবিধা আছে। প্ৰতিটো ফ্ল'ৰত যাবৰ বাবে ইয়াত টিকটৰ প্ৰয়োজন হয়। গতিকে প্ৰশ্ন হয়, বুৰ্জ খালিফাত যাবলৈ হ'লে কিমান টকাৰ প্ৰয়োজন হয়?

সুবিধা

বুৰ্জ খালিফাৰ ভিআইপি লাউঞ্চত যাবলৈ AED 769 ৰ প্ৰয়োজন হয়। ভাৰতীয় টকাৰ হিচাপত,ইয়ালৈ যাবৰ বাবে আপুনি ১৭ হাজাৰ ৯৫৭ টকাৰ টিকট ল'ব লাগিব।

বুৰ্জ খালিফা

যদি বুৰ্জ খালিফাৰ ওপৰত যাব বিচাৰে তেন্তে AED 322 (৭ হাজাৰ ৫১৯টকা)ৰ প্ৰয়োজন হয়। ইয়াৰ ওপৰত ৰেষ্টুৰেন্ট, পুল আদি আছে।

ওপৰত

যদি আপুনি বুৰ্জ খালিফাৰ স্কাই ভিউ অৰ্থাৎ আকাশ চাব বিচাৰে তেন্তে AED179(৪ হাজাৰ ১৮০) ৰ প্ৰয়োজন হয়। পুৱা সূৰ্যোদয় চাবলৈ  AED 159 (৩ হাজাৰ ৭১২)ৰ টিকট ল'ব লাগে।

আকাশ

বুৰ্জ খালিফাৰ ১৪৮ নং ফ্লোৰত যাবলৈ হ'লে AED 399 (৯ হাজাৰ ৩১৭) ৰ প্ৰয়োজন হয়। এক কথাত প্ৰতিটো ফ্লোৰত যাবলৈ বেলেগ বেলেগ টিকট ল'ব লাগে।

বুৰ্জ খালিফা

ডুবাইত থকা বুৰ্জ খালিফা বহু পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। প্ৰতিবছৰে হাজাৰ হাজাৰ লোকে এই বুৰ্জ খালিফালৈ চাই ভাল সময় উপভোগ কৰে।

আকৰ্ষণ

পঢ়িবলৈ ক্লিক কৰক 

আমেৰিকাত মুছলমান