এছিয়া কাপ ছুপাৰ-৪ পৰ্যায়ত কেতিয়া কেতিয়া হ’ব ভাৰতৰ মেচ!

19 Sep 2025

TV9 ASSAM

চলিত এছিয়া কাপ ২০২৫ত ইতিমধ্যেই ছুপাৰ-৪ পৰ্যায়ত প্ৰৱেশ কৰিছে ভাৰতে। অৱশ্যে আজি ভাৰতে ওমানৰ বিৰুদ্ধে অন্তিমখন গ্ৰুপ মেচ খেলিব।

এছিয়া কাপ

গ্ৰুপ এৰ পৰা ভাৰত আৰু পাকিস্তান তথা গ্ৰুপ বিৰ পৰা শ্ৰীলংকা আৰু বাংলাদেশে প্ৰতিযোগিতাৰ ছুপাৰ-৪ৰ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

ছুপাৰ-৪

ভাৰতে অহা ২১ ছেপ্টেম্বৰত ছুপাৰ-৪ পৰ্যায়ৰ প্ৰথমখন মেচ পাকিস্তানৰ বিপক্ষে খেলিব। প্ৰতিযোগিতাত দুয়ো দলৰ মাজত এয়া দ্বিতীয়খন মেচ।

ভাৰতৰ প্ৰথম মেচ

ইয়াৰ পিছতে ভাৰতীয় দল ২৪ ছেপ্টেম্বৰত বাংলাদেশ আৰু ২৬ ছেপ্টেম্বৰত শ্ৰীলংকাৰ বিপক্ষে পৰৱৰ্তী দুখন মেচত অৱতীৰ্ণ হ’ব।

সূচী

ছুপাৰ-৪ পৰ্যায়ত শীৰ্ষ স্থান লাভ কৰা দুটা দলে ফাইনেলত প্ৰৱেশ কৰিব। ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব প্ৰতিযোগতাৰ ফাইনেল।

ফাইনেল

এইপৰ্যন্ত ভাৰতে এছিয়া কাপ প্ৰতিযোগিতাত ৮ বাৰ খিতাপ জয় কৰিছে। এইবাৰ নৱম খিতাপৰ সন্ধানত শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে ভাৰতে।

ভাৰতৰ সফলতা

পঢ়িবলৈ ক্লিক কৰক 

বৃক্ক সুস্থ কৰি ৰাখিবলৈ খাওক এই ৯ টা ফল