কি হৈছিল ভাগ্যশ্ৰীৰ সৈতে? কিয় ত্যাগ কৰিছিল বলীউড, নিজেই ক’লে সকলো…
বলীউড জগতখনৰ বিষয়ে প্ৰায় সকলোৱে জ্ঞাত। আজি যদি বলীউডে কাৰোবাক হিৰো বনাইছে কাইলৈ আকৌ জিৰো বনাব পাৰে। এসময়ত ভাগ্যশ্ৰী বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল। কিন্তু তেওঁ বাধ্য হৈছিল কেৰিয়াৰ ত্যাগ কৰিবলৈ।

ভাগ্যশ্ৰী
ভাগ্যশ্ৰী। বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম। এটা সময়ত ভাগ্ৰশ্ৰীয়ে বহু অনুৰাগীৰ হৃদয় চুৰি কৰিছিল। তেওঁ দৰ্শকক উপহাৰ দিছিল বহু হিট ছবি। তাৰ পাছত বহু বছৰ তেওঁ বলীউড জগতৰ পৰা বিৰতি লৈছিল। কিন্তু ২০১০ চনত পুনৰ চৰ্চালৈ আহিছিল ভাগ্যশ্ৰী। ইয়াৰ আঁৰৰ কাৰণ সেই সময়ত মুক্তি লাভ কৰা ছবি ‘ৰেড এলাৰ্ট: দ্য ৱাৰ উইথিন’। কিন্তু প্ৰশ্ন হয়, কিয় ইমান বছৰ নিজকে ছবি জগতৰ পৰা আঁতৰাই ৰাখিছিল ভাগ্যশ্ৰীয়ে? এই সন্দৰ্ভত তেওঁ এক বিশেষ মন্তব্য কৰিছে।
বলীউডৰ ভিতৰচ’ৰাৰ বিষয়ে প্ৰায় সকলোৱে জ্ঞাত। আজি কেৰিয়াৰৰ শীৰ্ষত থকা অভিনেতা-অভিনেত্ৰী এগৰাকী কাইলৈ সংকটৰ সন্মুখীন হ’ব পাৰে। আজি যদি কোনোবা হিৰো কাইলৈ তেওঁ জিৰ’। আজৱ লাগিলেও ছবি জগতৰ এয়া বাস্তৱ সত্য। বলীউড জগতত একাংশই যদি মুহূৰ্ততে সফলতা লাভ কৰে একাংশৰ বাবে আকৌ বছৰৰ পাছত বছৰ প্ৰয়োজন হয়।
পিছে ভাগ্যশ্ৰীয়ে ছবি জগতৰ পৰা আঁতৰি যোৱাৰ কাৰণ কি? ভাগ্যশ্ৰীয়ে এবাৰ এক সাক্ষাৎকাৰত কৈছিল যে তেওঁ শাৰীৰিকভাৱে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। তেওঁক প্ৰয়োজন আছিল ভাল খাদ্য আৰু ফিটনেছৰ। যাৰ বাবে ভাগ্যশ্ৰীয়ে ব্যস্ত জীৱনশৈলীৰ পৰা একপ্ৰকাৰ বিৰতি ল’বলৈ বাধ্য হৈছিল। এবাৰ টেলিভিশ্যেনত অভিনয় কৰাৰ সময়ত অভিনেত্ৰীগৰাকীয়ে সোঁহাতখন ওপৰলৈ তুলিব পৰা নাছিল। গতিকে তেনে পৰিস্থিতিত তেওঁৰ বাবে অসম্ভৱ আছিল শ্বুটিং কৰা। যাৰ বাব ভাগ্যশ্ৰীয়ে এটা সময় বাধ্য হৈ পৰিছিল ছবি জগতৰ পৰা বিৰতি ল’বলৈ।
ভাগ্যশ্ৰীৰ মতে, নফৰ্ড বিশ্ববিদ্যালয়, আমেৰিকান ফিটনেছ আৰু প্ৰফেচনেল ভাৰ্চুৱেল নিউট্ৰিচন আৰু ফিটনেছ এছ’চিয়েটছ আৰু ইউনিভাৰ্চিটি অৱ পেনচিলভেনিয়াৰ পৰা তেওঁ নিয়মিতভাৱে ক্লাছ লৈছিল। তেওঁ কয়, মই আচৰিতভাৱে দুৰ্বল হৈ পৰিছিলো। বহু সমস্যা হৈছিল। মই জানিব পাৰিছিলো এটা সাধাৰণ জীৱনে কেৱল আমাক ভালে ৰাখিব পাৰে।
উল্লেখ্য যে, কিছু বছৰ পূৰ্বে ‘ৰাধে শ্যাম’ নামৰ এখন ছবিত প্ৰভাস, পূজা হেগদেৰ সৈতে দেখা গৈছিল ভাগ্যশ্ৰীক। এই ছবিখনত প্ৰভাসৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। ইফালে ভাগ্যশ্ৰীৰ পুত্ৰ অভিমন্যু দাসানীয়ে বলীউডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছে। ‘মাৰ্ড কো দৰদ নাহি হোটা’ ছবিত দেখিবলৈ পোৱা গৈছিল অভিমন্যুক।
অন্য খবৰ পঢ়কঃ মুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’, পুৱা ৪.২৫ বজাত প্ৰথম দৰ্শনী…