Satish Shah Death: সতীশ শ্বাহৰ দেহাৱসান, ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে

ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছনৰ সুপৰিচিত অভিনেতা সতীশ শ্বাহে ২৫ অক্টোবৰত শেষ নিশ্বাস ত্যাগ কৰে। ৭৪ বছৰ বয়সত তেওঁ ইহ সংসাৰৰ পৰা চিৰ বিদায় লয়। বৃক্ক বিকল হোৱাৰ বাবে জীৱন মৃত্যুৰ সৈতে যুঁজি আছিল অভিনেতাজন।

Satish Shah Death: সতীশ শ্বাহৰ দেহাৱসান, ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে
Updated On: 

25 Oct 2025 16:32 PM

Satish Shah Passed Away: আজি বলীউড আৰু টেলিভিছন জগতত শোকৰ ছাঁ। প্ৰখ্যাত কমেডী অভিনেতা সতীশ শ্বাহৰ শনিবাৰে দেহাৱসান ঘটে। ৭৪ বছৰ বয়সত তেওঁ মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে। খবৰ অনুসৰি দীৰ্ঘদিন ধৰি গুৰুতৰ বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাজন। প্ৰখ্যাত প্ৰযোজক তথা আই এফ টি ডি এৰ সভাপতি অশোকে পণ্ডিতে এই খবৰ নিশ্চিত কৰিছে।

অশোকে পণ্ডিতে কয়, “সতীশ শ্বাহ আৰু নাই, তেওঁ মোৰ ভাল বন্ধু আছিল। বৃক্ক বিকল হোৱাৰ বাবে তেওঁক বচাব পৰা নগ’ল। হঠাতে বিষ অনুভৱ কৰাৰ পিছত স্বাস্থ্যৰ অৱনতি ঘটে। দাদৰ শিৱাজী পাৰ্কৰ হিন্দুজা হাস্পতাললৈ লৈ যোৱা হয়, য’ত তেওঁ মৃত্যুবৰণ কৰে।”

সতীশ শ্বাহৰ মৃত্যু সাংস্কৃতিক জগতৰ বাবে বৃহৎ লোকচান। তেওঁৰ মৃতদেহ বান্দ্ৰাৰ কালমবীৰ ঘৰলৈ অনা হ’ব, আৰু কাইলৈ ​​২৬ অক্টোবৰত শেষকৃত্য সম্পন্ন কৰা হ’ব। অভিনয় আৰু খুহুতীয়া অভিনয়েৰে দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান খোদিত কৰা ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছনৰ এগৰাকী প্ৰখ্যাত অভিনেতা সতীশ শ্বাহ। ছবি আৰু টেলিভিছনত অভিনয় কৰিও তেওঁ হৃদয় জয় কৰিছিল।

প্ৰস্ৰাৱ কৰিলে বিষ অনুভৱ হয় নেকি? এয়া কি ৰোগৰ লক্ষণ জানক
দাঁতৰ আলু ফুলি থাকে নেকি? ঘৰুৱা সহজ উপায়েৰে দূৰ কৰক এই সমস্যা
আহিব দৰিদ্ৰতা! বাথৰুমত ভুলতো নাৰাখিব এই বস্তু...
ভগৱানৰ দৰ্শন পোৱাৰ আটাইতকৈ সহজ উপায় কি? প্ৰেমানন্দ মহাৰাজৰ পৰা জানক...