Ajey The Untold Story: শীঘ্ৰে মুক্তি পাব যোগী আদিত্যনাথৰ বায়’পিক, ছবিখন চাবলৈ আপুনি আগ্ৰহী নে?
Yogi Adityanath Biopic: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বায়’পিক সন্দৰ্ভত যথেষ্ট চৰ্চা হৈছে। এতিয়া মুক্তি পালে ছবিখনৰ ট্ৰেইলাৰ। এই ছবিকনত যোগীৰ জীৱন সংগ্ৰামৰ বৰ্ণনা কৰা হৈছে। ইতিমধ্যে ট্ৰেইলাৰটোক লৈ মানুহৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে।

Ajey The Untold Story of a Yogi Trailer Release: যোগী আদিত্যনাথে বিগত একেৰাহে দুটা কাৰ্যকাল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ আহিছে। তেওঁৰ কাৰ্যকালত উত্তৰ প্ৰদেশৰ উন্নয়নৰ বিষয়ে বহুল চৰ্চিত হৈছে। যোগী আদিত্যনাথক লৈ এতিয়া মুক্তি লাভ কৰিছে এখন ছবি। ছবিখনৰ নাম Ajey The Untold Story of a Yogi। এই ছবিখনত যোগী আদিত্যনাথৰ জীৱনৰ সংগ্ৰামসমূহ দেখুওৱা হ’ব। ছবিখনৰ আকৰ্ষণীয় ট্ৰেইলাৰ মুকলি কৰা হৈছে, য’ত আনন্দ ভি যোশীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ এই লুকটোৱে অনুৰাগীৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে।
যোগী আদিত্যনাথৰ বায়’পিকৰ ট্ৰেইলাৰ কেনেকুৱা?
২ মিনিট ২০ ছেকেণ্ডৰ এই ছবিখনৰ ট্ৰেইলাৰত যোগী আদিত্যনাথৰ কৈশোৰ কালৰ পৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ যাত্ৰাক বৰ্ণনা কৰা হৈছে। এই ছবিখনত যোগী আদিত্যনাথৰ জীৱনৰ প্ৰাৰম্ভিক সংগ্ৰামক দেখুওৱা হৈছে। ট্ৰেইলাৰটোৰ আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল যোগী আদিত্যনাথৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা আনন্দ ভি যোশীয়ে নিখুঁতভাৱে যোগীৰ অভিনয় কৰিছে। তেওঁৰ অনুৰাগীসকলে তেওঁক ছবিখনত চাবলৈ আগ্ৰহী।
কেতিয়া মুক্তি পাব Ajeya The Untold Story of Yogi?
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব এই ছবিখন। যোগী আদিত্যনাথ বায়’পিকৰ ট্ৰেইলাৰে অনুৰাগীৰ পৰা অতি ইতিবাচক সঁহাৰি লাভ কৰিছে। এতিয়া ছবিখনে কিমান সমাদৰ লাভ কৰিব সেয়া হ’ব লক্ষ্যণীয়।