পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ

বলীউডৰ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ ঘৰলৈ আহিছে নতুন সদস্য। কিয়াৰাই  জন্ম দিছে এটি কন্যা সন্তান। বিয়াৰ প্ৰায় ডেৰ-দুবছৰৰ পিছত দুয়োজনেই পিতৃ-মাতৃ হৈ পৰিছে। ২০২৩ চনত দুয়োৰে বিবাহ হৈছিল।

পিতৃ-মাতৃ হল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ

সিদ্ধাৰ্থ মালহোত্ৰ আৰু কিয়াৰা আদৱানী

Published: 

16 Jul 2025 08:45 AM

সুখেৰে ভৰি পৰিছে সিদ্ধাৰ্থ মালহোত্ৰ আৰু কিয়াৰা আদৱানীৰ জীৱন। দুজনৰ পৰা তিনিজনীয়া হৈ পৰিল সিদ্ধাৰ্থ-কিয়াৰাৰ পৰিয়াল । প্ৰকাশ পোৱা তথ্য অনুসৰি কিয়াৰাই কন্যা সন্তান জন্ম দিছে। পিতৃ-মাতৃ হৈ পৰিছে সিদ্ধাৰ্থ-কিয়াৰা। সিদ্ধাৰ্থ আৰু কিয়াৰা বলীউডৰ অন্যতম জনপ্ৰিয় যুটি।  দুয়োকে একেলগে যথেষ্ট পচন্দ কৰে অনুৰাগীয়ে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দুয়োজনে এই খৰবটো তেওঁলোকৰ সকলো অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল যে দুয়োজনেই পিতৃ-মাতৃ হ’ব ওলাইছে।

২৮ ফেব্ৰুৱাৰীত গৰ্ভধাৰণৰ কথা ঘোষণা কৰি কিয়াৰাই ছ’চিয়েল মিডিয়াত এখন ফটো শ্বেয়াৰ কৰিছিল, য’ত দুয়োজনে হাতত বেবী মোজা লৈ আছিল। ফটোখন শ্বেয়াৰ কৰি কেপচনত লিখিছেিল “আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ। সোনকালে আহি আছে।” এতিয়া সেই দিনটো আহিল। ভগৱানে দুয়োকে উপহাৰ দিছে এজনী কন্যা।

বিয়া কেতিয়া হৈছিল?

প্ৰায় দুবছৰ আগতে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ বিয়া হৈছিল। ২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত দুয়োৰে বিবাহ পাশত আবদ্ধ হয়। ২০২১ চনত ‘শ্বেৰশ্বাহ’ নামৰ এখন চিনেমা একেলগে দেখা গৈছিল দুয়োকে। কোৱা হয় যে দুয়োৰে প্ৰেম কাহিনী এই ছবিখনৰ চেটৰ পৰাই আৰম্ভ হৈছিল। দুয়োৰে যুটিকো এই ছবিখনত যথেষ্ট পচন্দ কৰা হৈছিল। অৱশ্যে দুয়োজনে নিজৰ সম্পৰ্ক ব্যক্তিগতভাৱে ৰাখিছিল আৰু তাৰ পিছত বিয়া হৈছিল। আৰু এতিয়া দুয়োজনেই এগৰাকী কন্যাৰ পিতৃ-মাতৃ হৈ পৰিছে।যাৰ বাবে দুয়োজনকে অভিনন্দন জনাইছে সকলোৱে।

গৰ্ভাৱস্থাৰ বাবে এইখন ডাঙৰ ছবি এৰিছিল কিয়াৰাই

শীঘ্ৰে হৃতিক ৰোশনৰ সৈতে ‘War 2’ ছবিত দেখা যাব কিয়াৰা আদৱানীক। ইয়াৰ বাহিৰেও তেওঁৰ হাতত আন এখন ডাঙৰ ছবি আছিল। সেয়া হ’ল ফাৰহান আখতাৰৰ ‘ডন 3’। ইয়াত ৰণবীৰ সিঙে মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু কিয়াৰাই তেওঁৰ বিপৰীতে অভিনয় কৰিছিল। কিন্তু গৰ্ভাৱস্থাৰ বাবে কিয়াৰাই এই ছবিখন এৰিব লগা হৈছিল। যদি খবৰ বিশ্বাস কৰিলে  ‘ডন ৩’ত কিয়াৰাৰ ঠাইত কৃতি ছাননে স্থান লাভ কৰিছে।

জীৱনত সফল হ’বলৈ কি কৰা উচিত? চাণক্যই ক'লে এইদৰে...
কাউৰীক ৰুটি খাবলৈ দিলে কি হয় জানেনে?
বাৰে বাৰে ভোক লাগে নেকি? ইয়াৰ কাৰণ কি জানক...
ডেংগুত আক্ৰান্ত হ'লে কি কি লক্ষণে দেখা দিয়ে? চিকিৎসক জনালে সকলো...