মোৰ লগতো সেই সকলোবোৰ… ৰে’লত কি ঘটিছিল ৰবীনা টেণ্ডনৰ সৈতে?
Raveena Tandon Birthday: আজি ২৬ অক্টোবৰত ৫৩ সংখ্যক জন্মদিন উদযাপন কৰিছে ৰবীনা টেণ্ডনে। কেৰিয়াৰৰ আৰম্ভণিতে বাছ আৰু ৰে'লত হাৰাশাস্তিৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী। ছ'চিয়েল মিডিয়াত এই কথা প্ৰকাশ কৰিছে ৰবীনাই।

ৰবীনা টেণ্ডন
নৃত্য, কণ্ঠ, অভিনয়, সৌন্দৰ্য্যৰ জৰিয়তে অনুৰাগীৰ মাজত আজিও জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডন। ১৯৯১ চনত ছলমান খানৰ সৈতে অভিনয় জীৱন আৰম্ভ কৰা ৰবীনা টেণ্ডন প্ৰয়াত পৰিচালক ৰবি টণ্ডনৰ কন্যা। পিতৃৰ চলচ্চিত্ৰ জগতৰ লগত জড়িত হোৱাৰ বাবেই ৰবীনাই পিছলৈ একেটা ক্ষেত্ৰতে কেৰিয়াৰ গঢ়িবলৈ সিদ্ধান্ত লয়। যদিও প্ৰথম অৱস্থাত আন কিবা কৰিবলৈ ইচ্ছা আছিল।
বলীউডত যথেষ্ট খ্যাতি অৰ্জন কৰা ৰবীনা টেণ্ডনে ৯০ দশকৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী। এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ কন্যা হোৱাৰ পিছতো জীৱনৰ প্ৰথম দিনবোৰত বাছ আৰু স্থানীয় ৰে’লযোগে যাত্ৰা কৰিবলগীয়া হৈছিল। সেই সময়ত এবাৰ নিৰ্যাতনৰো সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী। ছ’চিয়েল মিডিয়াত ৰবীনাই নিজেই এই অভিজ্ঞতা কথা শ্বেয়াৰ কৰে।
ৰবীনা টণ্ডনে এটা ডাঙৰ কাহিনী প্ৰকাশৰ জৰিয়তে সকলোকে আচৰিত কৰি তুলিছিল। ৰবীনাই মহাৰাষ্ট্ৰত চৰ্চিত ‘আৰে মেট্ৰ’ 3 কাৰ চোড়’ বিৰোধিতা কৰিছিল। যাৰ বাবে সেউজীয়া ঘন অৰণ্য কাটিব লাগিছিল। আনকি এই বিষয়ে ইনষ্টাগ্ৰামতো পোষ্ট কৰিছিল।
তাৰ পিছত এজন ব্যৱহাৰকাৰীয়ে তেওঁক সুধিলে, “মুম্বাইত ভ্ৰমণ কৰিবলৈ মধ্যবিত্ত শ্ৰেণীয়ে কিমান সংগ্ৰাম কৰিবলগীয়া হয় তেওঁ জানেনে?” এই ব্যৱহাৰকাৰীৰ প্ৰশ্নটোৱে ৰবীনাক তেওঁৰ পুৰণি দিনৰ কথা মনত পেলাই দিলে। ব্যৱহাৰকাৰীগৰাকীক উত্তৰ দি তেওঁ লিখিছে, “কিশোৰ বয়সত মই স্থানীয় ৰে’ল আৰু বাছত যাত্ৰা কৰিছিলো। মোক নিৰ্যাতন কৰা হৈছিল, চিকুতাই দিয়া হৈছিল আৰু বেছিভাগ মহিলাই যিখিনিৰ মাজেৰে পাৰ হয়, সেই সকলোবোৰ অভিজ্ঞতা লাভ কৰিছিলো।”
আজি ২৬ অক্টোবৰত ৫৩ সংখ্যক জন্মদিন উদযাপন কৰিছে ৰবীনা টেণ্ডনে। ১৯৭২ চনত মুম্বাইত জন্মগ্ৰহণ কৰা ৰবীনাই ১৯৯১ চনত ছলমান খানে মুখ্য চৰিত্ৰত অভিনয় কৰা “Patthar Ke Phool” ছবিৰে ১৮-১৯ বছৰ বয়সত অভিনেত্ৰী হিচাপে হিন্দী চিনেমাত অভিষেক ঘটায়। ৰবীনাই আৰু বুজাই দিলে যে, অভিষেক ঘটোৱাৰ পিছতো তেওঁ বাছ আৰু ৰে’লেৰে যাত্ৰা অব্যাহত ৰাখিছিল। ১৯৯২ চনত চিনেমাত অভিষেক ঘটোৱাৰ পিছত প্ৰথমখন গাড়ী কিনিছিল।